ডিজিটেল ডেস্কঃ বিশ্ব কাপ জয় কৰি নগাঁৱৰ কঠীয়াতলীৰ স্ব-গৃহত উপস্থিত হ'ল ভাৰতীয় দলৰ খেলুৱৈ চিমু দাস । কঠীয়াতলীৰ বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায় চিমু দাসক ।
চিমু দাসৰ সাফল্যত উৎফুল্লিত কঠীয়াতলীবাসী । শাৰীৰিক প্ৰতিবন্ধকতা যে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে সেই কথা পুনৰ প্ৰমাণ কৰি দিলে নগাঁৱৰ কঠীয়াতলী কছাৰী গাঁৱৰ চিমু দাস নামৰ মহিলা দৃষ্টিহীন খেলুৱৈগৰাকীয়ে ৷
এটি ভঙা পঁজাৰ পৰা খেলিবৰ বাবে ওলাই আহিছিল দৃষ্টিহীন খেলুৱৈ চিমু দাস ৷ তাৰ পাছতে ভাৰতীয় দলৰ হৈ মহিলা দৃষ্টিহীন বিশ্ব কাপত অংশ গ্ৰহণ কৰি জয়ী হৈ ভাৰতৰ লগতে অসমলৈ গৌৱৰ কঢ়িয়াই আনিলে চিমু দাসে ৷ বিভিন্ন ৬ খন দেশে অংশ গ্ৰহণ কৰা টি-২০ বিশ্ব কাপত পোন প্ৰথমবাৰৰ বাবে শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত দৃষ্টিহীন বিশ্ব কাপ টি-২০ ক্ৰিকেটত নেপালক পৰাস্ত কৰি বিজয়ী হোৱা ভাৰতৰ দলটোৰ খেলুৱৈ আছিল চিমু দাস ।
চিমুৱে ৬৮ ৰান কৰি জয়ী কৰিছিল ভাৰতীয় দলটোক ৷ খেলুৱৈগৰাকী অসমত উপস্থিত হোৱাৰ পাছতে অসম চৰকাৰে ১০ লাখ টকা আৰ্থিক অনুদান প্ৰদান কৰিছে যদিও খেলুৱৈগৰাকীয়ে বিচাৰিছে এটা চাকৰি ৷ এটা চাকৰি পালে সুখী বুলিও মন্তব্য কৰিছে খেলুৱৈ চিমু দাসে ৷
উৎস : প্ৰাগ নিউজ ডিজিটেল