ডিজিটেল ডেস্ক : ইণ্ডিগ'ৰ সকলো ঘৰুৱা বিমানৰ উৰণ বাতিল আৰু পলমকৈ উৰণৰ বাবে দেশত বিমানৰ টিকটৰ মূল্য বৃদ্ধি পাইছে। ইয়াৰ বাবে শনিবাৰে দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে বিমান ভাৰা নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ লৈছে।
মন্ত্ৰ্যালয়টোৱে এটা বিবৃতিত কয় যে ইণ্ডিগ' বিমানসমূহৰ উৰণ বাতিল কৰাৰ বাবে দেশৰ বিমানৰ ভাৰা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিমান যাত্রীসকলক যিকোনো সুবিধাবাদী বর্ধিত মূল্যৰ পৰা সুৰক্ষা দিবলৈ কেন্দ্ৰীয় চৰকাৰ প্রতিশ্রুতিবদ্ধ। ইয়াৰ বাবে সকলো আকাশীপথত স্বচ্ছ আৰু যুক্তিসংগত ভাৰা সুনিশ্চিত কৰিবলৈ মন্ত্ৰ্যালয়ে এটা নিয়ামক প্ৰৱৰ্তন কৰিছে। এই ক্ষেত্ৰত এটা কঠোৰ নিৰ্দেশাৱলী দিবলৈ বিষয়াসকললৈ জাননী প্ৰেৰণ কৰা হৈছে।
আনহাতে, পঞ্চম দিনলৈকে অচলাৱস্থা অব্যাহত থকা ইণ্ডিগ' এয়াৰলাইনছৰ ৪ শতাধিক বিমানৰ উৰণ শনিবাৰে বাতিল কৰা হয়। ইফালে, কোনো বিলম্ব নকৰাকৈ যাত্ৰীসকলৰ বিমান ভাৰা ঘূৰাই দিবলৈ ইণ্ডিগ'ক কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে। ৭ ডিচেম্বৰৰ ভিতৰত এই প্রক্রিয়া সম্পূর্ণ কৰিবলৈ ইণ্ডিগ'ক নির্দেশ দিয়া হৈছে।