ডিজিটেল ডেস্ক : পাকিস্তানৰ নৱনিযুক্ত 'চি ডি এফ' আছিম মুনিৰক সমালোচনা কৰাৰ বাবে প্রাক্তন প্রধানমন্ত্রী ইমৰান খানৰ বিৰুদ্ধে তীব্র আক্রামণাত্মক হৈ পৰিছে পাকিস্তানী সেনা। পাকিস্তানী সেনাই শুকুৰবাৰে প্ৰাক্তন প্রধানমন্ত্রী ইমৰান খানক মানসিকভাৱে অসুস্থ বুলি আখ্যা দিয়ে।
দেশখনৰ সশস্ত্ৰ বাহিনীক দুৰ্বল কৰাৰ বাবে আৰু অশান্ত কৰিবলৈ ইমৰান খানে তেওঁৰ পৰিয়ালৰ লোকৰ সাক্ষাতৰ সুযোগ লৈ সামাজিক মাধ্যমত বহুতো অপপ্ৰচাৰ চলাই আছে। পাকিস্তানী সেনাৰ মুখপাত্র লেঃ জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে কয় যে ইমৰান খানৰ ৰাজনৈতিক আকাংক্ষা প্রবল।
ইমৰান খানে বিশ্বাস কৰে যে যদি তেওঁ ক্ষমতাত নাই, তেনেহ'লে কোনো লোকেই ক্ষমতাত থাকিব নোৱাৰিব। চৌধুৰীয়ে কয় যে ইমৰান খানক জে'লত সাক্ষাতৰ পাছত তেওঁৰ পৰিয়ালৰ লোকে যিদৰে পাকিস্তানী সেনাৰ বিৰুদ্ধে বিষবাষ্প বিয়পাই আছে, ইয়াৰ বাবে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা হ'ব।