প্ৰাগ নিউজৰ মুখ্য সম্পাদকৰ 'মেজমেল'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট বক্তব্য, 'গৌৰৱ গগৈ পাকিস্তানী এজেন্ট'

dainik janambhumi February 13, 2026

ডিজিটেল ডেস্ক: ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ২০ শতাংশ পুনৰীক্ষণ বা এন আৰ চিখন পুনৰ প্ৰস্তুত কৰাৰ বাবে আৱেদন জনোৱাৰ সম্ভাৱনা আছে। নাগৰিকপঞ্জীৰ সমন্বয়কে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনৰ শুনানি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গ্রহণ কৰা নাই আৰু ৰাজ্য চৰকাৰ এই শুনানিৰ বাবে অপেক্ষা কৰি আছে। 

প্রাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰুৰ 'মেজমেল' অনুষ্ঠানত উপস্থিত থাকি এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাজগুৰুৰ এক নির্দিষ্ট প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত যিহেতু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ইতিমধ্যেই সম্পূর্ণ হৈ উঠিল সেয়েহে আন ৰাজ্যৰ দৰে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী (এছ আই আৰ) সম্ভৱ নহ'ল। কিন্তু বিশেষ সংশোধনীতে অসমৰ ইতিহাসৰ অন্যতম বৃহৎ সংশোধনীত পৰিণত হোৱা এইবাৰৰ বিশেষ সংশোধনীত ১৩ লাখ ভুৱা ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। 

আন এক গুৰুত্বপূর্ণ তথ্য উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যিহেতু সর্বোচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন এতিয়াও ৰাজ্য চৰকাৰক চাবলৈ দিয়া নাই সেয়েহে নাগৰিকপঞ্জীৰ সমন্বয়কৰ স্থিতিয়েই ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ স্থিতি হ'ব। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি আৰ এছ এছৰ ভুৱা চিঠিলৈকে বহুকেইটা গুৰুত্বপূর্ণ বিষয়ত 'মেজমেল'ত মুকলিকৈ আলোচনা কৰা মুখ্যমন্ত্ৰীজনে প্রশান্ত ৰাজগুৰুৰ এক প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈ পাকিস্তানী এজেন্ট বুলি মুকলিকৈ দাবী কৰি কয় যে প্রদেশ কংগ্ৰেছৰ সভাপতিজনে চি বি আই অথবা নিয়াৰ তদন্তকাৰী বিষয়াক পাকিস্তানত ১০ দিন কি কৰিছিল, ভিছা নোহোৱাকৈ ৰাৱালপিণ্ডি কেনেকৈ ভ্রমণ কৰিছিল সকলো কথাৰ তথ্যসহ উত্তৰ দিবই লাগিব। 

মুখ্যমন্ত্রীজনে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে যাতে গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পর্কত কোনো ৰাজনীতিকৰণ নহয় তাৰবাবেহে তেওঁ এছ আই টিয়ে থানালৈ গৌৰৱ গগৈক মাতি আনি তদন্ত কৰাটো বিচৰাৰ পৰিৱৰ্তে চি বি আই বা নিয়াৰ দৰে এটা নিৰপেক্ষ সংস্থাৰ দ্বাৰা তদন্ত হোৱাটো বিচাৰি গৃহ মন্ত্ৰ্যালয়লৈ এছ আই টিৰ প্রতিবেদন প্ৰেৰণ কৰিছে। অসমৰ ক্রমবর্ধমান অর্থনৈতিক উন্নতি আৰু দেশৰ তিনিজন মুখ্যমন্ত্ৰীৰ এজন হিচাপে ডাভোছৰ ৱৰ্ল্ড ইকন'মিক ফ'ৰামত অংশগ্ৰহণ কৰাৰ প্ৰসংগত মুখ্যমন্ত্রীজনে কয় যে অসম এতিয়া ১০ লাখ কোটি টকাৰ এক বৃহৎ 'ছাইনিং' অর্থনীতি আৰু এতিয়া অসমৰ অৰ্থনৈতিক উন্নতিৰ হাৰ ৪৫ শতাংশ। অহা ৫ বছৰত অসমৰ অৰ্থনীতিয়ে কর্ণাটকক চেৰ পেলাব বুলি দাবী কৰি ড° হিমন্ত বিশ্ব শর্মাই কয় যে অহা ২ বছৰৰ ভিতৰত জনমূৰি আয়ৰ ক্ষেত্ৰত অসমে বংগক পিছ পেলাব। দেশত এতিয়া অসমৰ অর্থনীতিয়ে কি পর্যায়ত গুৰুত্ব লাভ কৰিছে তাৰ উদাহৰণ দি মুখ্যমন্ত্রীয়ে কয় যে ২০ ফেব্ৰুৱাৰীত ভাৰতত হ'ব লগা মুকলি এ আই সন্মিলনত অংশগ্রহণ কৰিবলৈ দেশৰ তিনিজন মুখ্যমন্ত্রী গুগলে নির্বাচিত কৰিছে আৰু তাত স্থান পাইছে কর্ণাটক, মহাৰাষ্ট্ৰ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে। 

ইফালে, অসমৰ ৰাজনীতিত শেহতীয়াকৈ বহু চৰ্চিত মিঞাৰ প্ৰসংগত মুখ্যমন্ত্রীজনে কয় যে অসমীয়া ল'ৰা-ছোৱালীয়ে সকলো কৰিবলৈ সক্ষম। সেয়েহে, তেওঁ ঠিকাদাৰসকলক স্পষ্ট নির্দেশ দিছে যে সস্তীয়া শ্রমিক লগোৱাৰ তাড়নাত মিঞাক কামত লগাব নোৱাৰিব। অনুষ্ঠানটোত প্রশান্ত ৰাজগুৰুৱে এ বি পি নিউজত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ আনি আৰ এছ এছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিলৈ এক পত্ৰ প্ৰেৰণ কৰাৰ সম্পৰ্কীয় বাতৰিটোৰ বিষয়ে সোধাত মুখ্যমন্ত্রীজনে এয়া পাকিস্তান সমর্থিত ঘৃণনীয় ষড়যন্ত্র বুলি দাবী কৰি কয় যে আৰ এছ এছে কালৈও চিঠি লিখিব নালাগে। গোটেইখন তল-ওপৰ কৰিবলৈ আৰ এছ এছৰ এটা ইংগিতেই যথেষ্ট। 

আনহাতে, প্রধানমন্ত্রীজন জুবিন ক্ষেত্রলৈ নোযোৱা আৰু জুবিনে মৰণোত্তৰভাৱে ভাৰত ৰত্ন লাভ নকৰাৰ প্ৰসংগত ড° হিমন্ত বিশ্ব শর্মাই কয় যে প্রধানমন্ত্রীজনে ইতিমধ্যেই মন কী বাত অনুষ্ঠানত জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁ লগতে এই বুলিও কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত কোনেও ভাৰত ৰত্ন পোৱাই নাই, গতিকে, তালিকাত যদি জুবিন গাৰ্গৰ নাম আছেই! ইফালে যি সময়ত বিধানসভাৰ নিৰ্বাচনত এটা এটা সমষ্টিৰ পৰা বিজেপিৰ টিকটৰ ৫/৬জন পর্যন্ত দাবীদাৰ ওলাইছে, সেই সময়ত আজি মেজমেলত মুখ্যমন্ত্রীজনে স্পষ্ট কৰি দিয়ে যে বিজেপিয়ে ৮০ বা ৮৫খন আসনত প্রতিদ্বন্দ্বিতা কৰিব। তাৰ ভিতৰত আকৌ ৫০খন আসনৰ বাবে প্রার্থী নিশ্চিত হৈ আছেই। 

গতিকে, বাকী থকা ৩০/৩৫খন আসনৰ বাবে ১৬/১৭ফেব্ৰুৱাৰীত দিল্লীৰ পৰা পৰ্যবেক্ষকৰ দল আহি তৃণমূলত ভোটিঙৰ জৰিয়তে প্ৰাৰ্থীৰ নাম ঠিক কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীজনে কয় যে ইয়াৰ পাছত দিল্লীত অমিত শ্বাহে ছাৰ্ভেৰ ৰিপ'ৰ্টত থকা নামৰ লগত পৰ্যবেক্ষকৰ দলে চূড়ান্ত কৰি নিয়া নামৰ পৰ্যালোচনা কৰি প্ৰাৰ্থী চূড়ান্ত কৰিব। কথা প্রসংগত মুখ্যমন্ত্রীজনে কয় যে তেওঁ শুবলৈ মাত্র ৪ ঘণ্টাহে সময় পায়।

Share This