সীতাজখলাৰ বাকৰিত গোভা তিৱা বিহু উদযাপন, 'হাতে কামে' এক ব্যতিক্ৰমী চিন্তাৰ ফচল

dainik janambhumi April 21, 2026

ডিজিটেল ডেস্ক: এক ব্যতিক্রমী প্রচেষ্টাৰে গঢ় দিয়া জাগীৰোডৰ সীতাজখলাৰ 'হাতে কামে' শীর্ষক এখন নতুন বিপণীত এতিয়াৰে পৰা উপলব্ধ হ'ব অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ গামোচা। সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মা আৰু ঐতিহাসিক গোভা দেওৰজাৰ ৰাজ বিষয়া জুৰছিং বৰদলৈ তথা স্থানীয় ৰাইজ আৰু শিপিনীসকলৰ ঐক্যবদ্ধ প্রচেষ্টাত গঢ়ি তোলা হৈছে উক্ত হাতে কামে শীর্ষক নতুন বিপণীখন। 

'আইৰ তাঁত আমাৰ হাত', 'দ্য ষ্ট্ৰেংথ অব্ আছামিজ গামোচা' শ্ল'গান লৈ অসমৰ বিভিন্ন প্ৰান্তৰ শিপিনীসকলৰ সহযোগত গঢ়ি তোলা উক্ত বিপণীখন সীতা জখলাৰ বাকৰিত দেওবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শৰ্মাই। উক্ত বিপণীখন মুকলি কৰি দিয়া ভাষণত আয়ুক্ত দেৱাশিস শর্মাই কয় যে হাতে কামে শীর্ষক এই নতুন বিপণীখন হৈছে এক ব্যতিক্রমী চিন্তাৰ ফচল। ই হয়তো সমগ্ৰ অসমৰ ভিতৰতে একমাত্ৰ আৰু প্ৰথম বিপণী, য'ত একেলগে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ গামোচা উপলব্ধ হ'ব। 

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ সময়ত এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে সীতাজখলাৰ পৰিয়াল, গোভা ৰাজ পৰিষদ, স্থানীয় ৰাইজ আৰু ইয়াৰ লগত জড়িত অসমৰ শিপিনীসকলৰ শলাগ লয় সুদক্ষ প্রশাসনিক সেৱাৰ বিষয়া দেৱাশিস শর্মাই। 

উল্লেখযোগ্য যে উক্ত বিপণীখনৰ মুকলি অনুষ্ঠানৰ সমান্তৰালকৈ সীতাজখলাৰ বাকৰিত দেওবাৰে সন্ধিয়া উদযাপন কৰা হয় গোভা তিৱা বিহু। গোভা দেউৰজা ৰাজ পৰিষদবৰ্গ আৰু সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ যৌথ উদ্যোগত উদযাপন কৰা এই গোভা তিৱা বিহুক লৈ সীতাজখলাৰ বাকৰি হৈ পৰে উখল-মাখল। 

প্রণিধানযোগ্য যে বাপতিসাহোন ৰঙালী বিহুটিৰ এসপ্তাহৰ পিছত গোভা ৰাজ্যৰ তিৱা লোকসকলে বহু অতীতৰ পৰা পৰম্পৰা অনুসৰি উদযাপন কৰে এই গোভা তিৱা বিহু। সেই অনুসৰি শনিবাৰে উৰুকা পালন কৰি দেওবাৰে তেওঁলোকে উদযাপন কৰে গৰু বিহু। সীতাজখলাৰ বাকৰিত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এই অনুষ্ঠানত জাগীৰোডৰ চাৰাংকুছিৰ তিৱা যুৱক, যুৱতীসকলে প্ৰদৰ্শন কৰে ৱানচ্যুৱা নৃত্য অর্থাৎ পিঠাগুৰি খুন্দা নৃত্য। একেদৰে আমলিঘাটৰ ৰৌমাৰীৰ বড়ো যুৱক-যুৱতীসকলে প্রদর্শন কৰে বাগৰুম্বা নৃত্য। উক্ত অনুষ্ঠানত গোভা ৰাজ্যৰ পৰম্পৰাগত ৰজা দীপসিংহ দেওৰজা, তিৱা স্বায়ত্তপৰিষদৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য ড° নাৰায়ণ কুমাৰ ৰাডু কাকতি, মৰিগাঁও জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, সীতাজখলাৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মা, জুৰচিং বৰদলৈ, তিৱা ৰাজ পৰিষদবৰ্গ প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানতে বিশিষ্ট অতিথি ড° নাৰায়ণ কুমাৰ ৰাডু কাকতিয়ে তিৱা ৰজাসকলৰ শৌর্য-বীৰ্য, ব্রীটিছৰ বিৰুদ্ধে সেই সময়ত কিদৰে ৰণত অৱতীৰ্ণ হৈছিল সেই সমগ্র ইতিহাস সামৰি এক বহুমূলীয়া ভাষণ প্রদান কৰে। 

উল্লেখযোগ্য যে এই অনুষ্ঠানতে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শৰ্মাই তিৱা আৰু বড়ো ভাষাত গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। সনাতন শইকীয়া আৰু পদুম বৰাইলীয়ে আঁত ধৰা অনুষ্ঠানত উদ্যোক্তাসকলে দুগৰাকী শিপিনী লভিতা কোঁৱৰ, প্ৰতিভা আমচি, সমাজকর্মী কৃষ্ণলাল শর্মা, সাংস্কৃতিক কর্মী তপন চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।

Share This