আজি ৯ আগষ্ট! ৰাশিফল চাই জানি লওক কেনে যাব দিনটো

Jyoti Borah August 09, 2023

৯ আগষ্ট ২০২৩, বুধবাৰ

মেষ: কৃতিত্ব লাভৰ যোগ। কোনো কথাত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। বেমাৰে কষ্ট দিব পাৰে। কুকুৰৰ পৰা সাৱধান।

বৃষ:  আত্মসামাজিক সক্ৰিয়তা বৃদ্ধি পাব। পৰকীয়া প্ৰেমত লিপ্তসকলৰ মানহানি। আৱেগ বৰ্জন কৰক। খং নকৰিব।

মিথুন : মনত কোনো চঞ্চলতা আৰু উদাস ভাব নাৰাখিব। বাহিৰা বস্তু খালে স্বাস্থ্য বেয়া হ'ব।  প্ৰেমত শান্তি। বন্ধুক ক্ষমা কৰিব।

কৰ্কট : আশা পূৰণৰ সংকেত। আনক বেছি বিশ্বাস নকৰিব। । সংঘাত আঁতৰিব। জুইৰ পৰা সাৱধান। ভ্ৰমণ সাৱধানে কৰিব।

সিংহ : সুনাম, কৃতিত্বৰ লাভৰ যোগ। কাম-কাজত বেমেজালি আঁতৰিব। শুভ কাম হ'ব পাৰে। সমাজৰ কামত দৃঢ়তা।বিশ্বাস বাঢ়িব।

কন্যা : খং, ক্ষোভ, চঞ্চলতা এৰাই চলক। মধুমেহ, ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। প্ৰতিৱেশীৰ পৰা কষ্ট পাব। চোৰৰ পৰা সাৱধান। মনৰ আনন্দ বৃদ্ধি। 

তুলা :  সমস্যা সমাধানত আত্মীয়ৰ সংযোগ। আলহীৰ সমাগম। খৰচ বৃদ্ধি। প্ৰেমত চঞ্চলতা। নতুন বন্ধুৰ জীৱনলৈ আগমন।

বৃশ্চিক : গুপ্ত শত্ৰু পৰাভূত হ’ব। মাংগলিক চিন্তাত ব্ৰতী হ'ব। আলহীৰ সমাগম। ৰোগৰ ভয় দূৰ হ'ব। প্ৰেমত সংঘাত।

ধনু :  অনেক জ্ঞানৰ সুযোগ পাব।কোনো মাংগলিক কৰ্মত যোগদান। ৰাজনৈতিক সচেতনতা বৃদ্ধি। প্ৰেমত শুভ। মৰম বৃদ্ধি।

মকৰ : জনপ্ৰিয়তা বাঢ়িব। আনৰ পৰা প্ৰশংসা পাব। বিদ্যাত আনন্দ। মাতৃৰ শুভ। পৰিয়ালত সুখ বৃদ্ধি।স্বাস্থ্যত শুভ।

কুম্ভ : কৰ্মত অনামনা নহ’ব। সুস্থিৰ চিন্তাত ব্ৰতী থাকক। মিছা কথা নক’ব। ভ্ৰমণৰ যোগ। প্ৰেমত মধুৰতা।

মীন : সামাজিক সক্ৰিয়তা বৃদ্ধি পাব। পৰকীয়া প্ৰেমত লিপ্তসকলৰ মানহানি। আৱেগ বৰ্জন কৰক। খং নকৰিব।

Share This