এগৰাকী গুণী পত্নীক সহজতে চিনিব কেনেকৈ ? ভাল পত্নীৰ গুণবোৰ কি কি

Kakali Deka September 01, 2023

ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত ১৮ খন মহাপুৰাণৰ ভিতৰত গৰুড় পুৰাণো এখন অন্যতম গ্ৰন্থ , য'ত ভগৱান বিষ্ণু আৰু পক্ষী ৰজা গৰুড়ৰ মাজত হোৱা কথোপকথনৰ বৰ্ণনা উল্লেখ আছে। 
ইয়াত সুখী আৰু উন্নত জীৱন যাপনৰ গভীৰ গোপনীয়তাৰ কথা এই গ্ৰন্থ খনত ব্যাখ্যা কৰা হৈছে। গৰুদ পুৰাণত ভগৱান বিষ্ণুৰ পূজা, উপবাস, জপ, তপস্যা, নীতি-নিয়ম আদি বিষয়ৰ উল্লেখ আছে ।

গৰুড় পুৰাণত বিশেষকৈ নাৰীৰ গুণ, বৈশিষ্ট্য, চৰিত্ৰ আৰু কৰ্তব্যৰ বিষয়ে উল্লেখ আছে। এই পুৰাণখনত ভগৱানে এগৰাকী নাৰীৰ কিছুমান এনে গুণৰ কথা কৈছে, যাৰ দ্বাৰা এগৰাকী গুণী পত্নীক সহজতে চিনিব কৰিব পাৰি। এনে গুণ থকা পত্নীয়ে স্বামীৰ ঘৰখন সুন্দৰ কৰি তোলে।

এগৰাকী ভাল পত্নীৰ গুণবোৰ হ'ল
১. গৰুড় পুৰাণৰ মতে যিসকলে স্বামীৰ আদেশ পালন কৰে তেনেবোৰ পত্নীক সৎ আৰু সতী বুলি কোৱা হয়, কিন্তু ইয়াত স্বামীৰ আদেশ মানি চলাৰ অৰ্থ এইটো নহয় যে স্বামীয়ে কোৱা ভুল কথাবোৰো মানি ল’ব লাগে। বৰং এনে পৰিস্থিতিতো এগৰাকী উন্নত জীৱন সংগীৰ দৰে স্বামীক ভাল-অনুচিতৰ প্ৰতি সচেতন কৰাটো পত্নীৰ কৰ্তব্য।
২. বিয়াৰ পিছত পত্নীৰ কৰ্তব্য হ'ল ঘৰখনৰ সকলো দায়িত্ব নিয়াৰিকৈ পালন কৰা। এইবোৰেই হৈছে এগৰাকী ভাল পত্নীৰ গুণ।
৩.পত্নীয়ে স্বামীক সন্মান কৰিব লাগে ,স্বামীক সন্মান কৰিলেহে তেওঁ মৰম পাব। গতিকে স্বামীৰ লগত কথা পাতি থাকোঁতে ভুল বা তিক্ত শব্দ ব্যৱহাৰ নকৰিব।
৪. এগৰাকী নিষ্ঠাবান পত্নীয়ে সতীত্বৰ নিয়ম মানি চলিব লাগে। বিয়াৰ পিছত তেওঁ আন পুৰুষৰ কথা ভাবিব নালাগে। এনে গুণ থকা নাৰীৰ বিবাহিত জীৱন সুখী আৰু জীৱনত সমৃদ্ধিশালী হৈ থাকে।৫. পত্নীয়ে স্বামীৰ পৰিয়ালৰ সকলো সদস্যকে সন্মান কৰিব লাগে। ঘৰৰ বয়োজ্যেষ্ঠেই হওক বা সৰু সকলেই হওক, সকলোৰে লগত সংযত ভাষাত কথা পাতিব লাগে। ইয়াৰ লগে লগে মহিলাগৰাকীয়ে শাহু-শহুৰেকৰ পৰা আদৰ, যত্ন আৰু মৰম লাভ কৰে। আৰু পৰিয়ালত সম্প্ৰীতি অটুট থাকে।

Share This