প্ৰয়াত মাতৃৰ নেত্ৰদান কৰিলে শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই

Nikimoni Kachari May 26, 2026

ডিজিটেল ডেস্ক: এক কৰুণ অথচ আদৰ্শমূলক খবৰ। শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ মাতৃ বিজয়া চেতিয়াৰ (প্ৰায় ৭০ বছৰ) আজি পৰলোকপ্ৰাপ্তি ঘটে। দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা মাতৃগৰাকীয়ে চৰকাৰী আৱাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে। 

উল্লেখযোগ্য যে পুৱা কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰিবলৈ সাজু হোৱাৰ সময়তেই আৰক্ষী অধীক্ষকগৰাকীয়ে মাতৃৰ বিয়োগৰ এই দুঃখবৰ লাভ কৰে।

মাতৃহাৰা হোৱাৰ এই গভীৰ শোকৰ মুহূৰ্ততো জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই এক অনন্য মানৱীয় নিদৰ্শন দাঙি ধৰে। তেখেতৰ সন্মতিক্ৰমে প্ৰয়াত মাতৃৰ নেত্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয়।

এই সিদ্ধান্ত মৰ্মে যোৰহাটৰ 'জেউতি আই বেংক'ৰ এটা দল শিৱসাগৰত উপস্থিত হৈ প্ৰয়াত বিজয়া চেতিয়াৰ চকুৰ কৰ্নিয়া সংগ্ৰহ কৰে।

প্ৰয়াত বিজয়া চেতিয়াৰ মূল ঘৰ আছিল শিৱসাগৰ জিলাৰ বেতবাৰীৰ বোকাবিলত।

বৰ্তমান তেখেতৰ নশ্বৰ দেহ চৰকাৰী আৱাসগৃহতে ৰখা হৈছে। আৰক্ষী অধীক্ষকগৰাকীৰ জ্যেষ্ঠ ভাতৃ অষ্ট্ৰেলিয়াৰ পৰা আহি পোৱাৰ পিছতেই শিৱসাগৰৰ শান্তিবনত ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।

শোকৰ সাগৰতো আন কাৰোবাৰ জীৱনলৈ পোহৰ কঢ়িয়াই অনাৰ এই মহানুভৱতাই এতিয়া সমগ্ৰ অঞ্চলটোতে চৰ্চা লাভ কৰিছে আৰু সকলোৱে প্ৰয়াত বিজয়া চেতিয়াৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছে।

 

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This