ভেদাইলতাৰ গুণ আৰু খোৱাৰ নিয়মসমূহ জানো আহক

Kakali Deka August 30, 2023

ডিজিটেল ডেস্কঃ ভেদাইলতাৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰে পৰা জনমানসত বিভিন্ন ৰোগ নিবাৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি অহা হৈছে। ভেদাইলতাৰ বৈজ্ঞানিক নাম হ’ল Paederia foetida ৷ ভেদাইলতাৰ পাতৰ ৰঙ ডাঠ সেউজীয়া হয় আৰু গছ ৬ ৰ পৰা ৭ মিটাৰ বা ততোধিক দৈৰ্ঘ্যৰ হয় ৷ 

ভেদাইলতাত থকা ৰাসায়নিক তত্ববোৰ ক্ৰমে ফেটি এচিড, চেপনিন,কেৰটিন, ভিটামিন-চি, এলকেলইড, কুইনন ইত্যাদি। ইয়াত থকা ডাইমিথাইল ডাইচাল্ফাইড নামৰ মিশ্ৰিত চালফাৰ পদাৰ্থৰ বাবে গোন্ধ অলপ বিকট হয়৷ ভেদাইলতা পাত মানুহে বিভিন্ন ধৰণেৰে খাই তৃপ্তি লাভ কৰে । ভেদাইলতাৰ পাত বহুতো ঔষধিগুণেৰে ভৰপুৰ হৈ আছে। কি কিনো ঔষধিগুণ আছে জানো আহক-

ভেদাইলতাৰ ঔষধিগুণসমূহ হ’ল-
ডায়েৰিয়া ৰোগত ভেদাইলতা উপকাৰী। পেটৰ বিভিন্ন প্ৰকাৰৰ ৰোগ, অৰুচি, গ্ৰহণী আদিত ভেদাইলতাৰ তৰকাৰী খালে সুফল পোৱা যায়।
বাতবিষত আক্ৰান্ত হ’লেও ভেদাইলতা ৰস খালে আৰোগ্য হয়।
ভেদাইলতাৰ শিপাৰ ৰস খালে অৰ্শৰোগ ভাল হয়।
ভেদাইলতা শক্তিবৰ্ধক। পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খাব লাগে।
ভেদাইলতাৰ গুটি খালে দাঁতৰ বিষ হ’লে ভাল হয়।
স্নায়ুৰোগত সুফল পোৱা যায় ভেদাইলতাৰ ৰস খালে।
হাত-ভৰিৰ হাড় ভাগিলে বা মোচোকা খালে ভেদাইলতাৰ পাত পিচি তাৰ ৰসৰ প্ৰলেপ দিলে বিষ কমে।
হজম শক্তি বঢ়াবলৈ ভেদাইলতাৰ ৰস খাব লাগে।
ছালৰ ৰোগ হ'লে ভেদাইলতাৰ ৰসৰ প্ৰলেপ দিলেও সুফল পোৱা যায়।
গা আৰু বুকুৰ বিষত ভেদাইলতাৰ পাত অতি উপকাৰী হয়।

ভেদাইলতা খোৱাৰ নিয়মসমূহ-
ভেদাইলতাৰ পাত, ঠাৰি,ফুল সকলো অংশই খাব পাৰি। চালাত বনাই ,বড়া ভাজি কৰি , ৰান্ধি বা কেচাৰস যি হিচাবেই নহওক বেমাৰৰ লক্ষন আৰু বয়স অনুসৰি দিনটোত ৫ৰ পৰা ১০ চামুচ কেচাৰস দিনে ৩বাৰ খাব।তৰকাৰি কৰি খালে বেচিকৈ নিসিজাব। 
ইমানবোৰ ঔষধি গুণযুক্ত ভেদাইলতাক খাদ্য তালিকাত আগস্থান দি ইয়াৰ জুতি লওঁক আৰু আমাৰ শৰীৰটোক নিৰোগী কৰি ৰাখোঁ আহক।

Share This