ডিজিটেল ডেস্ক: অসমীয়া সাহিত্যৰ কাণ্ডাৰী, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ কালজয়ী সৃষ্টি 'মিৰি জীয়ৰী' এতিয়া বিশ্বৰ তৃতীয় বৃহত্তম ভাষা স্পেনিছ ভাষাত উপলব্ধ হ'ল। ১০ জুলাইত সমগ্র বিশ্বতে একেলগে মুক্তি পোৱা এই গ্ৰন্থখনৰ স্পেনিছ নাম হৈছে La hija de Mising (Una historia de amor, sacrificio y separacion)।
অসমীয়া ভাষাত ৰচিত প্ৰথমখন সামাজিক আৰু জনজাতীয় উপন্যাস হিচাপে পৰিচিত 'মিৰি জীয়ৰী'ক স্পেনিছ ভাষালৈ অনুবাদ কৰিছে তিনিচুকীয়া জিলাৰ চাহ নগৰী ডুমডুমাৰ সু-সন্তান তথা দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক তন্ময় সোণোৱালে। তেওঁৰ এই প্ৰশংসনীয় প্রচেষ্টাৰ ফলত এতিয়া বিদেশৰ পাঠকেও অসমীয়া সাহিত্যৰ এই অমৰ সৃষ্টিৰ সোৱাদ ল'ব পাৰিব। বিশ্বৰ আগশাৰীৰ প্ৰকাশন সংস্থা Notion Press-এ গ্রন্থখন প্ৰকাশ কৰিছে। বৰ্তমান ভাৰতৰ লগতে ব্রিটেইন, স্পেইন, আমেৰিকা, ছিংগাপুৰ আৰু মালয়েছিয়াকে ধৰি বিভিন্ন দেশৰ আগশাৰীৰ গ্ৰন্থ বিপণী আৰু অনলাইন শ্বপিং এপ্পটো স্পেনিছ ভাষাৰ 'মিৰি জীয়ৰী' গ্রন্থখন উপলব্ধ হৈছে।
উল্লেখযোগ্য যে ৰূপাই বিষ্ণুনগৰত ১৯৯৪ চনত জন্মগ্রহণ কৰা তন্ময় সৰুৰে পৰা অত্যন্ত মেধাৱী ছাত্ৰ হিচাপে পৰিচিত। তেওঁৰ পিতৃ কৰ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ভোলা সোণোৱাল আৰু মাতৃ সমাজসেৱিকা বন্তি সোণোৱাল। দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা বৈদেশিক ভাষা-সাহিত্যত স্নাতকোত্তৰ ডিগ্রী লাভ কৰা তন্ময়ে স্পেনিছৰ লগতে আৰু কেইবাটাও বিদেশী ভাষা আয়ত্ত কৰি ব্যুৎপত্তি লাভ কৰিছে।
অসমীয়া সাহিত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সংকল্প গ্ৰহণ কৰি তেওঁ ২০২০ চনত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু'ও স্পেনিছ ভাষালৈ অনুবাদ কৰাৰ কাম আৰম্ভ কৰে। প্ৰায় দুবছৰতকৈও অধিক সময় কঠোৰ পৰিশ্ৰম কৰি ২০২২ চনত তেওঁ Cuentos De La Abuela নামেৰে 'বুঢ়ী আইৰ সাধু' গ্ৰন্থখন প্রকাশ কৰে। সেই সফলতাৰ পাছতেই তেওঁ আৰু এচাপ আগবাঢ়ি 'মিৰি জীয়ৰী'ক স্পেনিছ ভাষাৰ ৰূপ দিয়ে। তন্ময় সোণোৱালৰ এই ঐতিহাসিক প্রয়াসক সাহিত্যিক, শিক্ষাবিদ আৰু সাধাৰণ ৰাইজে শলাগ লৈছে। বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি তথা দল-সংগঠনে তন্ময় সোণোৱালক শুভেচ্ছা আৰু অভিবাদন জনাইছে।