ডিজিটেল ডেস্ক : গুৱাহাটীৰ সৰুসজাইস্থিত বিমল কাৰ্ছত কালি টাটা মটছে সম্পূর্ণ নতুন টাটা ছিয়েৰা গ্ৰাহকসকলৰ বাবে মুকলি কৰে। আধুনিক গ্ৰাহকৰ আকাংক্ষা পূৰণৰ বাবে পুনৰ কল্পনা কৰা নতুন ছিয়েৰাখনে উন্নত প্রযুক্তি, প্রিমিয়াম আৰাম আৰু বহনক্ষমতাৰ ওপৰত এক শক্তিশালী মনোনিৱেশৰ সৈতে এক সুকীয়া এছ ইউ ভি ডিজাইনৰ মিশ্রণ ঘটাইছে।
মুকলি অনুষ্ঠানত বিমল কাৰ্ছৰ মেনেজিং ডাইৰেক্টৰ বিমল সাৰাৱগী, চি ই অ' অৰিহন্ত সাৰাৱগী, অনুৰাগ সাৰাৱগী, টাটা মটৰ্ছৰ ছিনিয়ৰ মেনেজাৰ ঋষি খেমকা, প্রখ্যাত বৰুৱা আৰু বিমল কাৰ্ছৰ জেনেৰেল মেনেজাৰ, দীপংকৰ দাস উপস্থিত থাকে। উল্লেখযোগ্য যে মূল ছিয়েৰাৰ ঐতিহ্য অটুট ৰাখি নতুন ৰূপত টাটা মটৰ্ছৰ নতুন ডিজাইনৰ সৈতে তৈয়াৰ কৰা নতুন ছিয়েৰাই দৃঢ় উপস্থিতি আৰু আধুনিক সৌন্দর্য একেলগে আগবঢ়াইছে।
এক বৃহৎ সংযুক্ত তথ্য বিনোদন ব্যৱস্থা, সম্পূর্ণ ডিজিটেল ইনস্ট্রুমেন্ট ক্লাষ্টাৰ, সহজবোধ্য নিয়ন্ত্ৰণ আৰু পৰৱৰ্তী প্ৰজন্মৰ সংযোগৰ বৈশিষ্ট্যৰে ছিয়েৰাৰ পুনৰ আগমনে ঐতিহ্য আৰু উদ্ভাৱনৰ সমন্বয়ৰ প্ৰতীক হিচাপে আকর্ষণীয়, প্রযুক্তিগত ভাৱে উন্নত আৰু ভৱিষ্যৎ প্রস্তুত বাহন আগবঢ়োৱাৰ দৃষ্টিভংগী প্ৰতিফলিত কৰিছে।