ডিজিটেল ডেস্ক : ইউৰোপৰ অধিকাংশ দেশত বর্তমান প্রবল গ্রীষ্মপ্ৰৱাহে জনজীৱনত ব্যাপক প্রভাৱ পেলাইছে। সমগ্র ফ্রান্সত উষ্ণতা অভিলেখ মাত্রাত বৃদ্ধি পাইছে। সোমবাৰে নিশা ফ্রান্সত উষ্ণতাই অভিলেখ গড়ে। ৪৩ ডিগ্রী চেলছিয়াছ পর্যন্ত তাপমাত্রা হোৱা ফ্ৰান্সৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্ৰৱাহৰ 'ৰেড এলার্ট' ঘোষণা কৰিবলৈ বাধ্য হৈছে দেশখনৰ চৰকাৰ। যোৱা সপ্তাহত গৰম সম্বন্ধীয় ঘটনাত দেশখনত ২৫জন লোকৰ মৃত্যু হৈছে। ৰাজধানী পেৰিছত প্ৰবল গ্রীষ্ম প্ৰৱাহৰ বাবে বিদ্যালয়, ৰে'লসেৱা, বিভিন্ন চৰকাৰী কাৰ্যসূচী ব্যাহত হৈছে।
মানৱ সৃষ্ট জলবায়ু পৰিৱৰ্তনে এই প্রতিকূল বতৰৰ পৰিস্থিতি বৃদ্ধি কৰিছে। ৰাষ্ট্ৰসংঘৰ জলবায়ু সংস্থাই প্রকাশ কৰা মতে, অহা পাঁচ বছৰত ইউৰোপীয় দেশসমূহত অতিপাত গৰম হ'ব। ইউৰোপ বিশ্বৰ দ্রুতভাৱে উষ্ণতা বৃদ্ধি হোৱা অন্যতম মহাদেশ হিচাপে পৰিগণিত হৈছে। যোৱা ৪ বছৰত সমগ্ৰ ইউৰোপত গৰম সম্বন্ধীয় ঘটনাত প্রায় ২ লাখ লোকৰ মৃত্যু হৈছে। সোমবাৰে ফ্ৰান্সৰ বৰডুৱেক্সত ৪৩ ডিগ্রী চেলছিয়াছ, পইটায়াৰ্ছত ৪২ ডিগ্রী চেলছিয়াছ উষ্ণতাৰ অভিলেখ হয়।
তদুপৰি স্পেইনৰো বিভিন্ন অঞ্চলত তাপমাত্রাই অভিলেখ গঢ়িছে। ছান ছে বাষ্টিয়ানত ৪১ ডিগ্রী চেলছিয়াছপর্যন্ত উষতা বৃদ্ধি পাইছে। ঠিক সেইদৰে ব্রিটেইনত উষ্ণতা বৃদ্ধিৰ অভিলেখ হৈছে। দেশখনৰ বিভিন্ন অঞ্চলত তাপমাত্রা ৩৯ ডিগ্রী চেলছিয়াছপর্যন্ত বৃদ্ধি পাইছে। ইটালিত সোমবাৰে ১২খন মহানগৰত গ্ৰীষ্ম প্ৰৱাহৰ সতর্কবাণী জাৰি কৰিছে। বেলজিয়ামতো প্রবল গ্রীষ্মপ্রৱাহে জনজীৱনত ব্যাপক প্ৰভাৱ পেলাইছে।