ডিজিটেল ডেস্ক : কামাখ্যে কামসম্পন্নে কামেশ্বৰী হৰপ্রিয়ে।/কামনাম্ দেহি মে নিত্যম্ কামেশ্বৰী নমোস্তুতে।।
শক্তিপীঠৰ শিৰোমণি কামাখ্যা ধামত অম্বুবাচীৰ মহাযোগ উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ সমাগমত প্রাণচঞ্চল হৈ পৰিছে নীলাচলৰ বুকু। মায়ময় হৈ পৰিছে শক্তিপীঠৰ চৌপাশ।
সোমবাৰে নিশা অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগেই পৰাম্পৰাগত ৰীতি-নীতি অনুযায়ী চাৰি দিনৰ বাবে বন্ধ হৈ পৰা শক্তিপীঠৰ দ্বাৰ ২৬ জুনত নিবৃত্তি অনুসৰি দেৱীৰ স্নান, পূজা, প্রভৃতি সমাপন হোৱাৰ পাছত পুৱা পুনৰ ভক্ত তথা দর্শনার্থীসকলৰ বাবে খুলি দিয়া হ'ব। হিন্দু ধৰ্মৰ বিশেষকৈ শাক্ত ধৰ্মৰ এক অত্যন্ত পবিত্ৰ আৰু গুৰুত্বপূর্ণ ধার্মিক উৎসৱ অম্বুবাচী মহাযোগ উপলক্ষে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ ভক্ত আৰু সাধু-সন্যাসীয়ে আহি নীলাচল পাহাৰৰ পবিত্র ভূমিত ভিৰ কৰিছেহি।
উদুলি-মুদুলি হৈ পৰিছে শক্তিপীঠ কামাখ্যা ধাম। নীলাচলৰ বুকুত এতিয়া একপ্ৰকাৰ অলৌকিক পৰিৱেশৰ সৃষ্টি হৈছে। তন্ত্র-মন্ত্র বা বিভিন্ন অলৌকিক কাৰ্যৰে সাধু-সন্যাসীসকলে সকলোৰে দৃষ্টি আর্কষণৰ চেষ্টা কৰিছে। পাহাৰৰ চুকে-কোণে বহি ভক্তসকলে কৰা যোগ-সাধনা, মন্ত্রধ্বনি, ভজন-কীর্তন, ঢাক-ঢোলৰ শব্দ আৰু 'জয় মা কামাখ্যা' ধ্বনিৰে মুখৰ হৈ পৰিছে সমগ্র নীলাচল পাহাৰ। অম্বুবাচীৰ এই সময়ছোৱাত নীলাচললৈ আহিছে বিভিন্ন উপাধিধাৰী সাধু, সন্যাসী। এইসকলৰ ভিতৰত আছে জঁটাধাৰী বাবা, চিলিম বাবা, মৌন বাবা, অঘৰী বাবা, নাগা বাবা, ৰুদ্রাক্ষ বাবা আৰু বিভিন্ন ধৰণৰ বাবা। কিন্নৰসকলো আহি ভিৰ কৰা পৰিলক্ষিত হৈছে।
অম্বুবাচীৰ দিনকেইটাত লাখ লাখ ভক্তৰ সমাগম হোৱাৰ আশা কৰি অম্বুবাচী মহাযোগ পৰিচালনা সমিতি, ৰাজ্য চৰকাৰ, আৰক্ষী-প্ৰশাসনৰ লগতে প্রতিটো দায়িত্বশীল বিভাগে ভক্তসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে। লক্ষণীয়ভাৱে তন্ত্র-মন্ত্র সাধনাৰ বাবে কামাখ্যা পৃথিৱীৰ শ্ৰেষ্ঠ ঠাই। সেইবাবে সাধুসকলে অম্বুবাচীৰ এই ৩টা দিনতেই সিদ্ধি লাভ কৰিব খোজে। অম্বুবাচীলৈ অহা সাধুসকলৰ বিশ্বাস অনুসৰি ১২ বছৰ নির্দিষ্ট এক স্থানত বহি সাধনা, তপ-জপ কৰাৰ ফলত যি সিদ্ধি লাভ হয়, তাৰ বিপৰীতে মা কামাখ্যাৰ ওচৰত অম্বুবাচীৰ সময়ত সাধনা কৰিলে মাৰ শক্তিৰ পৰা সেয়া এবছৰতে লাভ কৰিব পাৰি। সেয়ে এই সময়ছোৱাত কামাখ্যা ধামলৈ বহু সাধু-সন্তৰ আগমন ঘটে। এই সময়ছোৱাত কামাখ্যালৈ আগমন ঘটা লাখ লাখ ভক্তই তিনি দিন ধৰি মন্দিৰৰ চৌপাশে থাকি নাম-কীর্তন কৰে। আনহাতে, অম্বুবাচীৰ নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ আগবঢ়ায় ৰক্তবস্ত্ৰ। দেৱীপীঠৰ পৰা অনা এই ৰক্তবস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হয় বুলি লোকবিশ্বাস আছে। সেইবাবে পুৰুষে সেই ৰক্তবস্ত্ৰ সোঁহাতত বা ডিঙিত আৰু মহিলাসকলে বাঁওহাত বা ডিঙিত ধাৰণ কৰে। এই কাপোৰ লগত ৰাখি আন ঠাইত জপ কৰিলেও মনৰ কামনা পূৰণ হোৱাৰ কথা ধর্মগ্রন্থত উল্লেখ আছে।
উল্লেখযোগ্য যে মা কামাখ্যা ধামৰ এই অম্বুবাচী মেলা ভাৰতবৰ্ষৰ এখন মহা পুণ্য মেলা হিচাপে পৰিগণিত হৈ আহিছে। বর্ষাকালীন ঋতু উৎসৱ অম্বুবাচী কেতিয়াৰ পৰা অসমত প্ৰচলিত হৈ আছে তাৰ কোনো প্রকৃত ইতিহাস পাবলৈ নাই যদিও নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অতীজৰে পৰা অম্বুবাচী বা সাথ বা আমতি পালন কৰি অহা হৈছে। অম্বুবাচী হিন্দু ধৰ্মৰ এক বছৰেকীয়া উৎসৱ হিচাপে পৰিগণিত হৈ আহিছে। কামাখ্যা মন্দিৰৰ অম্বুবাচী উৎসৱ ওড়িশা, বংগ আৰু উত্তৰ-পূব ভাৰতৰ আৰ্য হিন্দু ধর্মাৱলম্বী লোকসকলৰ মাজতো প্রচলিত হৈ আহিছে। জনবিশ্বাস মতে, মা কামাখ্যা মন্দিৰ ৫২টা শক্তিপীঠৰ ভিতৰত অন্যতম। এই স্থানত দেৱী সতীৰ গুপ্ত অংগ পৰা বুলি পৌৰাণিক কালৰে পৰা জনশ্রুতি আছে। সতীদেৱীৰ গুপ্ত অংগ পৰাৰ পাছতেই পাহাৰটো নীলা ৰঙৰ হৈ পৰাত পাহাৰটোৰ নাম নীলাচল হ'ল। নীলাচল পাহাৰত সতীৰ অংগ পৰি এটা কুণ্ডৰ সৃষ্টি হয় আৰু তাৰ পানীৰ বৰণ ৰঙা হৈ পৰে। তাকেই ৰজঃস্বলা হোৱা বুলি বিশ্বাস কৰা হয়। সেই অনুসৰি প্ৰতিবছৰে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ তিনি পাদ শেষ হ'লে চতুৰ্থ পাদৰ পৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়। এই সময়ছোৱাত সেয়ে হিন্দুসকলে অম্বুবাচী উৎসৱ পালন কৰে।
অম্বুবাচীৰ প্ৰথম তিনি দিন চুৱা আৰু চতুর্থ দিনা শুদ্ধি বুলি এক লোকপৰম্পৰা আছে। পৰম্পৰা অনুসৰি অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে এই চাৰিটা দিনত হাল বোৱা, মাটি খন্দা, গছ কটা, গছ ৰোৱা, গছৰ পৰা ফল ছিঙা, ভঁৰালৰ পৰা ধান উলিওৱা, কাপোৰৰ বাকচ খোলা, গোসাঁই ঘৰ, নামঘৰত চাকি-বন্তি জ্বলোৱা বা নাম-কীর্তন আদি কৰিব নাপায়। এই চাৰি দিন মন্দিৰত কোনো পূজা-অর্চনা অনুষ্ঠিত নহয়। ঘৰুৱা নীতি-নিয়মৰ ক্ষেত্ৰত মাটিত কোনোধৰণৰ আচাৰ বা টেঙাজাতীয় সামগ্রী লগতে লোহাৰ সামগ্ৰী ৰখা নহয়। এই সময়ত নৈষ্ঠিক বাহ্মণ, যোগী তথা বিধৱা মহিলাসকলে অন্ন গ্রহণ নকৰে। কামাখ্যা ধামৰো ব্রাহ্মণ বিধৱাসকলে অম্বুবাচী প্রবৃত্তিৰ পৰা নিবৃত্তিৰ পিছতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফলাহাৰ গ্ৰহণ কৰি থাকে। আনহাতে, যিসকলে এই সময়ছোৱাত ধ্যানত ব্রতী হয়, তেওঁলোকেও ফলাহাৰহে গ্ৰহণ কৰে। এই সময়ছোৱা ধ্যান-ধাৰণৰ উপযুক্ত সময় বুলি গণ্য কৰি যদি ভক্তসকলে শুদ্ধ মনেৰে ধ্যান-ধাৰণত ব্রতী হয়, তেন্তে তেওঁলোকৰ মনোকামনা পূর্ণ হয় বা সিদ্ধি লাভ কৰে বুলি বিশ্বাস কৰা হয়। যিসকল লোকৰ পিতৃ-মাতৃৰ বিয়োগৰ প্ৰথম বৰ্ষ, তেওঁলোকেও এই সময়ত ব্রতত থকা দেখা যায়।
অম্বুবাচীৰ নিবৃত্তিৰ দিনা নদীত পানীও বৃদ্ধি হয় বুলি প্রবাদ আছে। জ্যোতিষীৰ মতে, সর্পভয় নিবাৰণৰ কাৰণে অম্বুবাচীৰ সময়ছোৱাত এঁৱা গাখীৰ খোৱা উচিত। মুঠৰ ওপৰত কামাখ্যাৰ এই ঐতিহাসিক অম্বুবাচীৰ প্ৰতি অতীতৰে পৰা ভক্তসকলৰ মাজত বিভিন্ন বিশ্বাস আছে। সেইবাবেই এই সময়ছোৱাত লোকাৰণ্য হৈ পৰে নীলাচল পাহাৰ। যাৰ পৰিপেক্ষিতত কামাখ্যা ধামৰ অম্বুবাচী উৎসৱে আন্তর্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগাই এক পর্যটন মহোৎসৱলৈ গতি কৰাৰ লগতে এনেদৰেই বছৰৰ পাছত বছৰ ধৰি ঐতিহ্য, সমন্বয় আৰু সম্প্ৰীতিৰ বার্তা কঢ়িয়াই আনিছে।