হিন্দুৰ সুৰক্ষা
Dainik Janambhumi
August 12, 2024
ডিজিটেল ডেস্কঃ বাংলাদেশত আজিৰ তাৰিখত হিন্দুৱে নিৰাপত্তা বিচাৰি ৰাজপথলৈ ওলাবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক কথা৷ দেশখনক পাকিস্তান গ্ৰাসৰ পৰা উদ্ধাৰ কৰি এখন স্বাধীন ৰাষ্ট্ৰৰূপে বিশ্বৰ সন্মুখত তুলি ধৰাৰ অধ্যায়টোৱেই নহয়, এখন দ্ৰুত বিকশিত দেশৰ ৰূপ ধাৰণ কৰালৈকে যোৱা চাৰি দশকৰ ইতিহাসত ভাৰতে পৰম বন্ধু হিচাপে বাংলাদেশবাসীৰ কাষত থিয় হৈ আহিছে, সেইখন বাংলাদেশত হিন্দুৱে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হোৱাটো প্ৰকাৰান্তৰে ভাৰতৰ বাবেই এক ভাবুকি, এক অশুভ বাৰ্তা৷
দুয়োখন ভূ-খণ্ড এখন দেশৰূপে একেটা হৃৎপিণ্ডৰে, একে সাংস্কৃতিক ভাব-চিন্তাৰে জীৱন-নিৰ্বাহ কৰাটোনো কিমান দিনৰ পুৰণি! গতিকে তাত হিন্দুৱেই হওক বা মুছলমানেই হওক সংকটত পৰিলে ভাৰতত তাৰ ব্যথা অনুভৱ কৰাটো স্বাভাৱিক৷ ১৯৪৭ চনৰ বিতৰ্কিত স্বাধীনতাই ভাৰতক দ্বি-খণ্ডিত কৰাটো আছিল অবাঞ্ছিত বাস্তৱ৷ সেই সময়ৰ পূৰ্ব বংগৰ মানুহখিনিয়ে সপোনতো ভবা নাছিল তেওঁলোক ভাৰতীয় আত্মাৰ পৰা পৃথক হৈ পৃথক পৰিচয় গ্ৰহণ কৰিব লাগিব৷ কিন্তু হিন্দু-মুছলমান উভয় পক্ষৰে কেতবোৰ শক্তিৰ হেঁচাত সেই অবাঞ্ছিত কথাই সত্যত পৰিণত হ’ল, একে নিশাতে পূৰ্ব বংগৰ মানুহবোৰ পূব পাকিস্তানী হৈ পৰিল৷ সেই পূৰ্ব বংগৰ পৰাই ব্ৰিটিছৰ বিৰুদ্ধে বিপ্লৱৰ ধ্বজা উৰুওৱা দেশপ্ৰেমৰ অধ্যায়বোৰ, ভাৰতৰ স্বাধীনতা সংগ্ৰামক মহীয়ান কৰি তোলা চমকপ্ৰদ কাহিনীবোৰো লুকুৱাই পেলালে বিভাজনৰ সেই চাকনৈয়াই৷ দুঃসময়ে সেই ভূ-খণ্ডৰ মানুহখিনিক পূব পাকিস্তানীৰ নতুন পৰিচয় দিলেও তেওঁলোকৰ বেছিভাগেই সেই পৰিচয়ক হৃদয়ত ধাৰণ কৰিব পৰা নাছিল আৰু পৰিণতিত আৰম্ভ হৈছিল মূল পাকিস্তানৰ সৈতে পূব পাকিস্তানৰ মানুহৰ সংঘাত৷ পাকিস্তানে পূব পাকিস্তানৰ মানুহখিনিক নতশিৰ কৰি ৰাখিবলৈ কেনেকুৱা পৈশাচিক দমন নীতিৰ আশ্ৰয় লৈছিল তাৰ অলেখ কৰুণ কাহিনী আজিও চৰ্চিত হৈ আছে৷
সেই নিপীড়িত পূব পাকিস্তানীক মুক্তি দিছিল ভাৰতে, বিশ্বৰ বুকুত বাংলাদেশৰ ৰূপত গৰ্বিত পৰিচয় দাঙি ধৰিবলৈ কান্ধত কান্ধ মিলাই সহায় কৰিছিল ভাৰতে৷ শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত প্ৰগতিৰ নতুন ধাৰাৰে সেই ভূ-খণ্ডক আগবঢ়াই নিছিল আৰু এতিয়াও নি আছে ভাৰতে৷ সেই মূল ভাৰতীয় সত্তাটোক আঘাত কৰি দেশখনৰ ভূমিত হিন্দুক অত্যাচাৰ কৰাটো কোনেও সহ্য নকৰে, ভাল নাপায়, সেয়া হিন্দুৱেই বা মুছলমানেই হওক৷ পূৰ্বৰ শ্বেখ হাছিনা চৰকাৰৰ কিবা ভুল নীতিৰ বাবে প্ৰতিবাদ হৈছে, হ’ব পাৰে, তাত কাৰো ক’বলগীয়া নাই৷ সংৰক্ষণৰ বিৰুদ্ধে ছাত্ৰ শক্তি আপোচহীন সংগ্ৰামত নামিছিল৷ কাৰো আপত্তি কৰিবলগীয়া নাই৷ কিন্তু সেই সংগ্ৰামৰ বিজয়ৰ নামত এচাম স্বাৰ্থান্বেষীয়ে সুযোগ লৈ ইয়াক হিন্দু বিদ্বেষলৈ ৰূপান্তৰ ঘটাব, হিন্দুক নিৰ্যাতন কৰিব, লুট-পাত কৰিব সেইটো মানি ল’ব নোৱাৰি৷ পদত্যাগী প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কেইমাহমানৰ পূৰ্বে বাংলাদেশ সংসদত কৈছিল– ‘ভাৰত বাংলাদেশৰ নিঃস্বাৰ্থ বন্ধু৷ ভাৰতে বাংলাদেশৰ স্বাধীনতা লাভত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল, কিন্তু স্বাধীন বাংলাদেশত ভাৰতে কোনো দিনে আগ্ৰাসন চলাবলৈ চেষ্টা কৰা নাই৷ অথচ পাকিস্তানে দেশ বিভাজনৰ সূত্ৰে লাভ কৰা কতৃৰ্ত্বৰ সুযোগ লৈ আমাৰ ওপৰত দমন-নিৰ্যাতন চলাইছিল৷’ এই সম্পৰ্কত স্বীকাৰ কৰিব লাগিব যে বাংলাদেশৰ হিন্দুক নিৰ্যাতন চলোৱা অধ্যায়টোত সমগ্ৰ বাংলাদেশ জড়িত নহয়৷ বেছিভাগ উদাৰপন্থী বাংলাদেশীয়ে ইয়াৰ মুকলি প্ৰতিবাদ কৰিছে৷ হিন্দুক নিৰাপত্তা দিবলৈ মুছলমান বাংলাদেশী আগবাঢ়ি আহিছে৷
আনকি শেহতীয়াকৈ দেশখনৰ চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰা নোবেল বঁটা বিজয়ী ড॰ মহম্মদ ইউনুছেও হিংসাত লিপ্তসকলক শীঘ্ৰে হিংসাত্মক কাৰ্যকলাপ বন্ধ কৰিবলৈ, সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰাখিবলৈ সকীয়নি দিছে, অন্যথা পদত্যাগ কৰিব বুলিও ভাবুকি দিছে৷ এইবিলাক কথাই দেশখনৰ গৰিষ্ঠসংখ্যক মানুহৰ ভাৰতৰ প্ৰতি, হিন্দুৰ প্ৰতি থকা সদ্ভাৱৰ মানসিকতা প্ৰকট কৰে৷ কিন্তু পৰিৱেশটো নষ্ট কৰিব বিচাৰিছে এচাম ন্যস্তস্বাৰ্থজড়িত মৌলবাদীয়ে৷ নক’লেও বুজিব পাৰে সেই চক্ৰটো পাকিস্তানৰ অনুগত৷ তেওঁলোক যেনেকৈ হিন্দু আৰু ভাৰত বিদ্বেষী, তেনেকৈ বাংলাদেশৰো হিতাকাংক্ষী নহয়৷ এই চক্ৰটোৱে মৌলবাদৰ জাল মেলি দি সেই দেশখনক পূৰ্বৰ অৱস্থালৈ লৈ যাব খোজে৷ লগতে তেওঁলোকে ভাৰতকো অস্থিৰ কৰিব খোজে৷ বাংলাদেশৰ শাসনৰ দায়িত্ব গ্ৰহণ কৰাৰ আগমুহূৰ্তত মহম্মদ ইউনুছেও এই কথা কৈছে যে বাংলাদেশত অশান্তি-অস্থিৰতা অব্যাহত থাকিলে ইয়াৰ প্ৰভাৱ উত্তৰ-পূব ভাৰততো পৰিব৷ গতিকে সেই চক্ৰটোক কোনোভাৱেই প্ৰশ্ৰয় দিয়া উচিত নহয়৷
দেশখনৰ ৰাজধানী ঢাকা, বন্দৰ নগৰী চট্টগ্ৰামকে ধৰি বিভিন্ন স্থানত হাজাৰ হাজাৰ হিন্দুৱে ৰাজপথলৈ ওলাই আহি আক্ৰমণ, নিৰ্যাতনৰ প্ৰতিবাদ কৰাটো উচিত কথা হৈছে৷ স্বাৰ্থান্বেষী মৌলবাদী শক্তিৰ বিৰুদ্ধে এনে প্ৰতিবাদ জৰুৰী আছিল৷ বিশ্বৰ প্ৰান্তে প্ৰান্তেও অনুৰূপ প্ৰতিবাদ ধবনিত হৈছে৷ সেই মৌলবাদী চক্ৰৰ ভয়ত কিছুমানে ভাৰতলৈ পলাব খুজিছে৷ তেনে ভীতু আচৰণ কৰা উচিত নহয়৷ কাৰণ সেইখন কেৱল সেই ধৰ্মীয় মৌলবাদীসকলৰ দেশ নহয়, হিন্দুসকলৰো দেশ৷ প্ৰয়োজন হ’লে আমাৰ কেন্দ্ৰীয় চৰকাৰেও প্ৰতিবেশী ৰাষ্ট্ৰখনৰ মংগলৰ স্বাৰ্থত, হিন্দুসকলৰ নিৰাপত্তাৰ স্বাৰ্থত ভূমিকা পালন কৰা উচিত৷
Share This