ডিজিটেল ডেস্ক: পূব গুৱাহাটী বিহু সন্মিলনে ৰঙালী বিহু উপলক্ষে আয়োজন কৰা হুঁচৰি প্রতিযোগিতাকে ধৰি বিভিন্ন প্রতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰিছে।
এই অনুসৰি হুঁচৰি প্ৰতিযোগিতাত প্ৰথম ৰংঘৰ হুঁচৰি দল, শিৱসাগৰ, দ্বিতীয় চেৰেকাপাৰ সূৰুযমুখী বিহু হুঁচৰি দল, শিৱসাগৰ, তৃতীয় চৰাইদেউ সমন্বয়, চৰাইদেউ, চতুৰ্থ সোণালী অসম বিহু হুঁচৰি দল, নলবাৰী, পঞ্চম হাবুং বিহু হুঁচৰি দল, ধেমাজি, ষষ্ঠ দিখৌপুৰীয়া হুঁচৰি দল, শিৱসাগৰ, সপ্তম হৈছে গোমচেং বিহু হুঁচৰি দল দুলীয়াজান।
শ্রেষ্ঠ নাচনী প্রথম ত্রিদিশা বৰঠাকুৰ, শিৱসাগৰ, দ্বিতীয় দীক্ষা গগৈ দুলীয়াজান, তৃতীয় কেটৰীনা গগৈ, দুলীয়াজান, চতুর্থ পূজা হাজৰিকা, লখিমপুৰ, পঞ্চম কৃষ্ণা হাতীবৰুৱা, গোলাঘাট।
অসম বিহুৱতী প্রথম মন্টু গগৈ, ধেমাজি, দ্বিতীয় জ্যোতি প্রসাদ দাস, শিৱসাগৰ, তৃতীয় অনন্ত শয়ন শইকীয়া, গুৱাহাটী। শ্রেষ্ঠ পেঁপুৱৈ প্রথম গোবিন্দ চন্দ্ৰ গগৈ, গোলাঘাট, দ্বিতীয় দীপমণি শইকীয়া, মৰিগাঁও, তৃতীয় ৰোহিত গগৈ, ধেমাজি। শ্রেষ্ঠ ঢুলীয়া প্রথম কমলজিৎ দত্ত, নগাঁও, দ্বিতীয় সত্যজিৎ নাথ, শিৱসাগৰ, তৃতীয় যদু শইকীয়া, গোলাঘাট।