নিউয়র্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ 'ৰোমাণ্টিক এফেয়াৰ্ছ'

dainik janambhumi April 17, 2026

ডিজিটেল ডেস্ক: অসমবাসীক গৌৰৱান্বিত কৰি নিউয়ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল ২০২৬ৰ বাবে মনোনীত হৈছে ৰাষ্ট্ৰীয় বঁটাপ্রাপক পৰিচালক মঞ্জুল বৰুৱা পৰিচালিত অসমীয়া ছবি 'ৰোমাণ্টিক এফেয়াৰ্ছ'। এ এম টেলিভিছনৰ বেনাৰত ড° সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণে প্রযোজনা কৰা 'ৰোমাণ্টিক এফেয়াৰ্ছ' নামৰ ছবিখন নিউয়র্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্রেষ্ঠ ছবি আৰু শ্রেষ্ঠ অভিনেত্ৰীৰ শিতানত মানোনীত হৈছে। 

কালি ছবিখনৰ পৰিচালক মঞ্জুল বৰুৱাই এই কথা অৱগত কৰি কয় যে এনে এক সন্মানীয় ফিল্ম ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ সুযোগ পোৱাটো আমাৰ বাবে গৌৰৱৰ কথা। অসমীয়া ছবিৰ বাবে এয়া এক সুখবৰ বুলি কয় বৰুৱাই। 

উল্লেখযোগ্য যে নৱপ্ৰজন্মৰ কাহিনীৰে নিৰ্মাণ কৰা ৰোমাণ্টিক এফেয়াৰ্ছ ছবিখনৰ কাহিনী, চিত্রনাট্য আৰু সংলাপ প্ৰস্তুত কৰিছে পৰিচালক মঞ্জুল বৰুৱাই নিজে। এটা সঁচা ঘটনাৰ আধাৰত নিৰ্মাণ কৰা ছবিখনত মূলতঃ কৈশোৰ অৱস্থাত কিশোৰীসকল যিবোৰ সমস্যাত ভুগি থাকে সেই সকলো বিষয় সামৰি লোৱা হৈছে। 

উল্লেখযোগ্য যে মণিপুৰত অনুষ্ঠিত তৃতীয় নর্থ-ইষ্ট ইণ্ডিয়া ছবি মহোৎসৱত 'ৰোমাণ্টিক এফেয়াৰ্ছ' ছবিখনে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভকৰিছিল। আনহাতে মুম্বাইত অনুষ্ঠিত থার্ড আই এছিয়ান ছবি মহোৎসৱত 'ৰোমাণ্টিক এফেয়াছে' তিনিটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। গুৱাহাটী, হোজাই-লামডিং আৰু চেৰাপুঞ্জিত দৃশ্যগ্ৰহণ কৰা এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে কাচভি, বলোৰাম দাস, অৰুণ নাথ, স্বাগতা ভৰালী, দীপজ্যোতি কাকতী, ৰীণা বৰা, অলকজ্যোতি শইকীয়া, গায়ত্রী শৰ্মা, ৰোনাল্ড হুছেইনৰ লগতে বহু ন-পুৰণি অভিনেতা-অভিনেত্রীয়ে।

Share This