দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ 'ৰোমাণ্টিক এফেয়াৰ্ছ

dainik janambhumi March 26, 2026

ডিজিটেল ডেস্ক : দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ (IFFD) লৈ নিৰ্বাচিত হৈছে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালিত অসমীয়া ছবি 'ৰোমাণ্টিক এফেয়াৰ্ছ'। এ এম টেলিভিছনৰ বেনাৰত ড° সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণে প্রযোজনা কৰা 'ৰোমাণ্টিক এফেয়াৰ্ছ' হৈছে নৱ-প্ৰজন্মৰ কাহিনীৰে নিৰ্মাণ কৰা এখন নতুনত্বৰে পূৰ্ণ চলচ্চিত্র। পৰিচালক মঞ্জুল বৰুৱাই ছবিখনৰ কাহিনী, চিত্রনাট্য আৰু সংলাপ প্রস্তুত কৰিছে। 

এটা সঁচা ঘটনাৰ আধাৰত নিৰ্মাণ কৰা ছবিখনত মূলতঃ কৈশোৰ অৱস্থাত কিশোৰীসকল যিবোৰ সমস্যাত ভুগি থাকে সেই সকলো বিষয় সামৰি লোৱা হৈছে। উল্লেখযোগ্য যে মণিপুৰত অনুষ্ঠিত তৃতীয় নর্থ ইষ্ট ইণ্ডিয়া ছবি মহোৎসৱত 'ৰোমাণ্টিক এফেয়াৰ্ছ' ছবিখনে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল। আনহাতে, মুম্বাইত অনুষ্ঠিত থার্ড আই এছিয়ান ছবি মহোৎসৱত 'ৰোমাণ্টিক এফেয়াৰ্ছে' তিনিটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 

পৰিচালক মঞ্জুল বৰুৱাই ছবিখন দর্শকে ভাল পাইছে বুলি জানিবলৈ দি কয়, 'অসমৰ দৰ্শকসকলেও ছবিখন চাবলৈ আগ্রহী হৈ আছে। আশা কৰিছোঁ অতি সোনকালেই আমি ছবিখন ঘৰুৱা দৰ্শকৰ সন্মুখত মুক্তি দিব পাৰিম।' গুৱাহাটী, হোজাই-লামডিং আৰু চেৰাপুঞ্জীত দৃশ্যগ্ৰহণ কৰা এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে কাচভি শর্মা, বলোৰাম দাস, অৰুণ নাথ, স্বাগতা ভৰালী, দীপজ্যোতি কাকতী, ৰীণা বৰা, অলকজ্যোতি শইকীয়া, গায়ত্রী শৰ্মা, ৰোনাল্ড হুছেইনৰ লগতে বহু ন-পুৰণি অভিনেতা-অভিনেত্রীয়ে।

Share This