স্বামীয়ে পত্নীক বিচাৰিলে একাপ চাহ! পত্নীয়ে খঙতে স্বামীৰ চকুত কেঁচিৰে কৰিলে আঘাত

Kakali Deka December 28, 2023

ডিজিটেল ডেস্কঃ চাহ একাপ খাবলৈ মন কৰি স্বামীয়ে পত্নীক কলে- ''হেৰা চাহ একাপ দিবাচোন।'' পত্নীৰ কি জানো হ'ল হঠাত। স্বামীয়ে চাহ বিচৰাত পত্নীয়ে গৰম চাহ একাপ যচাৰ সলনি স্বামীৰ চকুত কেঁচিৰে আঘাত কৰে। চকুত কেঁচিৰ আঘাত লগাত স্বামীয়ে হুলস্থূল লগায়। এই খবৰ গৈ আৰক্ষীৰ কাণতো গৈ পৰে। মহিলাগৰাকীয়ে আৰক্ষী অহাৰ পূৰ্বেই ঘৰৰ পৰা পলাই যায়। বৰ্তমান স্বামীক চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। বদোলী পথৰ নিবাসী প্ৰয়াত জগমেহৰৰ পুত্ৰ অংকিতৰ তিনি বছৰ পূৰ্বে ৰমালা থানা এলেকাৰ ছৌপ গাঁৱৰ এগৰাকী কন্যাৰ সৈতে বিবাহ সম্পন্ন হৈছিল। বিয়াৰ পিছত কেইদিনমান সকলো ঠিকেই চলিছিল যদিও কিছুদিনৰ পৰা কিবা নহয় কিবা বিষয়ক লৈ দুয়োৰে মাজত কাজিয়া চলি আছিল।

বুধবাৰে অংকিতে পত্নীক চাহ বিচৰাত পত্নীৰ খং উঠিল। তেওঁ কোঠাটোৰ ভিতৰলৈ সোমাই গৈ অলপ পিছত কেঁচিখন তুলি লৈ বিচনাত বহি থকা স্বামীৰ চকুত কেঁচিৰে আঘাত কৰিলে। অংকিতৰ চকুৰ পৰা তেজ ওলাই মাটিত পৰিল। হুলস্থুল শুনি অংকিতৰ ককায়েক আৰু নবৌয়েকে আৰক্ষীক খবৰ দিলে। আৰক্ষীৰ আগমনৰ খবৰ পোৱাৰ লগে লগে পত্নীয়ে ধৰা পৰাৰ ভয়ত সেই স্থানৰ পৰা পলাই যায়। আৰক্ষীয়ে আহত অংকিতক চি এইচ চিত ভৰ্তি কৰে, তাৰ পৰাই তেওঁক চিকিৎসাৰ বাবে মেৰুটলৈ প্ৰেৰণ কৰা হয়।

কোতৱালি আৰক্ষীয়ে জনোৱা মতে, স্বামী-স্ত্ৰীৰ মাজত সঘনাই কাজিয়া চলি থাকে। বৰ্তমান যুৱকজনৰ অভিযোগৰ ওপৰত তদন্ত আৰম্ভ কৰা হৈছে। তদন্তৰ অন্তত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Share This