নিৰ্বাচনৰ বাৰ্তা
Dainik Janambhumi
November 25, 2024
মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত হোৱা বিধানসভাৰ নিৰ্বাচন আৰু ১৩খন ৰাজ্যৰ ৪২টা বিধানসভা সমষ্টি আৰু এটা কেৰালাৰ ৱায়ানাড় লোক সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফল যোৱা শনিবাৰে প্ৰকাশ হ’ল৷ এই নিৰ্বাচনী ফলে দিয়া বাৰ্তাটো হ’ল আমাৰ দেশত এতিয়া সৰ্বত্ৰ একাধিপত্য খটুৱাব পৰা ৰাজনৈতিক শক্তি নাই৷ বিজেপিয়ে নিজক তেনে এটা পৰ্যায়লৈ নিবলৈ চেষ্টা কৰিছিল যদিও দলটোৰ প্ৰতি যে দেশৰ সকলো ঠাইৰ, সৰ্বস্তৰৰ মানুহৰ ধাৰণা এতিয়া একে নহয় সেইটো এইবাৰৰ নিৰ্বাচন আৰু উপ-নিৰ্বাচনে প্ৰমাণ কৰিলে৷
তদুপৰি আৰু এটা বাৰ্তা এই নিৰ্বাচনসমূহে দিলে, সেইটো হ’ল সঠিক অৰ্থত কৰা মৰ্চা ৰাজনীতিৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস হেৰাই যোৱা নাই৷ সাধাৰণ সময়ত বিজেপি দেশৰ ৰাজনীতিত অপ্ৰতিদ্বন্দ্বী বুলি ধাৰণা হয় যদিও মাজে মাজে হৈ থকা নিৰ্বাচনবোৰে সেই ধাৰণা অমূলক প্ৰতিপন্ন কৰে৷ ইয়াৰ প্ৰতিফলন এইবাৰ পুনৰ ঘটিল ঝাৰখণ্ডৰ নিৰ্বাচনত৷ আনহে নালাগে, কেইদিনমান পূৰ্বে প্ৰকাশ পোৱা এগজিট প’লত ঝাৰখণ্ডত এইবাৰ বিজেপি নেতৃত্বাধীন এন ডি এৰ চৰকাৰ হ’ব বুলি কেইবাটাও সমীক্ষাকাৰী সংস্থাই ব্যক্ত কৰিছিল৷ আন কেইটামানে কৈছিল যে ৰাজ্যখনত জে এম এম, কংগ্ৰেছ, আৰ জে ডি, চি পি আই (এম এল)ৰ মৰ্চাৰ সৈতে বিজেপি নেতৃত্বাধীন এন ডি এ মৰ্চাৰ তুমুল প্ৰতিদ্বন্দ্বিতা হ’ব৷
কিন্তু বাস্তৱত দেখা গ’ল এন ডি এ ক্ষমতালৈতো নাহিলেই, তাত প্ৰতিপক্ষৰ সৈতে তুমুল প্ৰতিদ্বন্দ্বিতাও নহ’ল৷ প্ৰবল চাপৰ মাজত নিৰ্বাচন খেলা হেমন্ত ছোৰেন নেতৃত্বাধীন জে এম এম, কংগ্ৰেছ আৰু আৰ জে ডি বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰ ৰাজ্যখনৰ ক্ষমতাত অধিষ্ঠিত হ’বলৈ সক্ষম হ’ল৷ চলিত বৰ্ষৰ ৩১ জানুৱাৰীত ই ডিয়ে গ্ৰেপ্তাৰ কৰা মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন জে’লত আছিল৷ তেওঁ মুকলি হৈ অহাৰ পিছত তেওঁৰ অনুপস্থিতিত মুখ্যমন্ত্ৰীৰ দায়িত্ব নিৰ্বাহ কৰা জে এম এমৰ জ্যেষ্ঠ নেতা চম্পাই ছোৰেনক বিজেপিলৈ আঁতৰাই লৈ যোৱা হৈছিল৷ নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰচাৰো আছিল অতি আগ্ৰাসী ধৰণৰ৷ তথাপি বিজেপি সফল নহ’ল৷ পূৰ্বৰ নিৰ্বাচনতকৈ গেৰুৱা দলটোৱে তাত আসনৰ সংখ্যাও বৃদ্ধি কৰিব নোৱাৰিলে৷ আদিবাসী লোকৰ বসতিপ্ৰধান ৰাজ্যখনে বিজেপিক সঁহাৰি নিদিয়াটো তাৎপৰ্যপূৰ্ণ৷ ৰাজ্যখনৰ নিৰ্বাচনী ফলাফলে আন এটা দিশো জনসাধাৰণৰ সন্মুখলৈ আনি দিলেঃ সেয়া হ’ল ‘বিগ ব্ৰাদাৰ’ জে এম এমৰ সৈতে কংগ্ৰেছ, আৰ জে ডি আৰু চি পি আই (এম এল)এ শক্তিশালী বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিৰ প্ৰচণ্ড আক্ৰমণাত্মক ৰাজনীতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাটো৷ মৰ্চা ৰাজনীতি বিশ্বাসযোগ্য হ’লে জনসাধাৰণে তালৈ সঁহাৰি নিদিয়াকৈ নাথাকে, সেইটো ঝাৰখণ্ডৰ নিৰ্বাচনে প্ৰমাণ কৰিলে৷ মহাৰাষ্ট্ৰত বিজেপি-বিৰোধী মৰ্চা মহাবিকাশ আঘাড়ী কিন্তু সফল নহ’ল৷
বৰঞ্চ ইতিহাসৰ আটাইতকৈ শোচনীয় পৰাজয়ৰ সন্মুখীন হ’ব লগা হ’ল দেশৰ এগৰাকী শক্তিশালী নেতা শাৰদ পাৱাৰ আৰু মাৰাঠী জাতিয়তাবাদৰ ধবজাবাহক শিৱ সেনাৰ মুৰব্বী উদ্ধৱ থাকৰে৷ ইয়াৰ কাৰণ বিশ্বাসযোগ্যহীনতা৷ বিজেপিৰ বিৰুদ্ধে যুঁজাৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও শাৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেই নিজৰ দলটোৰ প্ৰভাৱশালী নেতা-কৰ্মীসকলক এক কৰি ৰখাত ব্যৰ্থ হ’ল৷ সেই দুই শক্তিশালী দল শিৱ সেনা আৰু এন চি পিৰ উলম্ব বিভাজন ঘটাই সেই বিভাজিত গোটৰ নেতাসকলক শাৰদ পাৱাৰ-উদ্ধৱ থাকৰেৰ বিৰুদ্ধে সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ল চতুৰ বিজেপি৷ সম্পন্ন হৈ যোৱা নিৰ্বাচনত ‘মহাযুটি’ৰ প্ৰধান অংশীদাৰ বিজেপিৰ একক বৃহৎ দলৰূপে উত্থান ঘটিলেও তেওঁলোকৰ এই উত্থানৰ ভেটিটো শক্তিশালী কৰি দিলে শিৱ সেনা আৰু এন চি পিয়ে৷ ইয়াতো মৰ্চা ৰাজনীতিৰ সঠিক ৰণকৌশলৰ সাৰ্থকতা প্ৰতিপন্ন হ’ল৷ এই দুখন ৰাজ্যৰ উপৰি উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা কৰ্ণাটক, পশ্চিম বংগ আৰু পঞ্জাবত বিজেপিয়ে ৰাজ্যকেইখনত অবিজেপি শাসক দলৰ কতৃৰ্ত্বক খৰ্ব কৰিব নোৱাৰিলে৷ এই ৰাজ্যকেইখনত তৃণমূল কংগ্ৰেছ, কংগ্ৰেছ আৰু আপৰ প্ৰাৰ্থীয়েই জয়ী হ’ল৷ উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা একমাত্ৰ লোক সভা সমষ্টি কেৰালাৰ ৱায়ানাড়ত প্ৰিয়ংকা গান্ধী বিপুল ভোটত জয়ী হ’ল৷ নেহৰু-গান্ধী পৰিয়ালক বিজেপিৰ নেতাসকলে সমালোচনাৰে থকা-সৰাক কৰি থকা অৱস্থাত সেই পৰিয়ালৰ প্ৰিয়ংকা গান্ধীক বিপুল ভোটাধিক্যৰে দক্ষিণৰ ৰাজ্যখনে সংসদলৈ নিৰ্বাচন কৰাটো কম গুৰুত্বপূৰ্ণ কথা নহয়৷
দুখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন আৰু ১৩খন ৰাজ্যৰ ৪৭টা সমষ্টিৰ উপ-নিৰ্বাচনৰ এই প্ৰেক্ষাপটৰ মাজতে অসমত বিজেপিয়ে প্তটা সমষ্টিৰ কেউটাতে বিজয় সাব্যস্ত কৰি বিৰোধী শক্তিক অংগুষ্ঠ দেখুৱাবলৈ সক্ষম হ’ল৷ অসমত অৱশ্যে বিজেপিক প্ৰত্যাহ্বান জনাব পৰা শক্তি বিৰোধীয়ে এতিয়াও আহৰণ কৰিব পৰা নাই৷ কিন্তু আচৰ্যজনক কথাটো হ’ল অতি দুৰ্বল অৱস্থাত থকাৰ পাছতো ইয়াত কংগ্ৰেছৰ নেতাসকল অবুজ অহমিকাত ভুগি আছে, যাৰ বাবে এটা বিৰোধী ঐক্য মঞ্চ আনুষ্ঠানিকভাৱে থকাৰ পাছতো বিৰোধী শক্তি ঐক্যবদ্ধ হৈ উপ-নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিলে৷ ফলত চামগুৰিৰ দৰে সমষ্টি হেৰুৱালে কংগ্ৰেছে৷ জিকা-হৰা পিছৰ কথা, ঐক্যবদ্ধ হোৱা হ’লে যুঁজখন চাবলগীয়া হ’লহেঁতেন৷ খুজি কিল খোৱাৰ দৰে কংগ্ৰেছে এই পৰাজয়ৰ গ্লানি নিজে বিচাৰি লোৱা যেন ধাৰণা হয়৷ যি হওক এই উপ-নিৰ্বাচনে এটা শিক্ষা বিশেষকৈ কংগ্ৰেছক দিলে যে দেশতে হওক বা ৰাজ্যবিলাকতে হওক বিৰোধীয়ে ঐক্যবদ্ধ হৈ যুঁজিব নোৱাৰিলে বিজেপিক বলে পৰা সহজ নহয়৷ ঐক্যবদ্ধ হৈ থাকিব পাৰিলে বিজেপিক প্ৰতিহত কৰাটোও অসাধ্য নহয়৷
Share This