৮৯টা সামৰিক ঘাটি বন্ধ কৰিব আমেৰিকাই, ইৰানৰ বিধ্বংসী আক্রমণত ক্ষতিগ্রস্ত

dainik janambhumi July 03, 2026

ডিজিটেল ডেস্ক : মধ্য প্রাচ্যৰ বিভিন্ন দেশত থকা মার্কিন সেনাৰ ঘাটি ইৰানৰ আক্ৰমণত বিধ্বস্ত হোৱাৰ পাছত আমেৰিকাই পাৰস্য উপসাগৰীয় দেশবোৰত নিজৰ সামৰিক ঘাটিবোৰৰ বিষয়ত ৰণ-নীতি সলনি কৰিবলৈ বাধ্য হৈছে। মধ্য প্রাচ্যৰ সলনি ইজৰাইল, গ্ৰীচ আৰু চাইপ্রাছত আমেৰিকাৰ সৈন্যই নতুন ঘাটি স্থাপন কৰিব পাৰে। সমগ্র বিশ্বত আমেৰিকাৰ ৭৫০টাতকৈ অধিক সামৰিক ঘাটি আছে। ইয়াৰে ৮৯টা সামৰিক ঘাটি মধ্য প্রাচ্যত আছে। 

ইৰানৰ সৈতে বর্ধিত যুদ্ধ-উত্তেজনা, অবিৰত ক্ষেপণাস্ত্র-ড্র'ন আক্ৰমণৰ পাছত মধ্য প্রাচ্যত মার্কিন সামৰিক ঘাটিৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আহিছে। বাল ষ্ট্ৰীট জার্নেলৰ খবৰ অনুসৰি, বাহৰেইনত থকা মার্কিন নৌ সেনা ঘাটিত ইৰানী আক্ৰণত ৪০০ মিলিয়ন (৩,৩০০ কোটি টকা) ডলাৰৰ ক্ষতি হৈছে আমেৰিকাৰ। যুদ্ধ বিশেষজ্ঞসকলৰ মতে, বর্তমান এই মার্কিন নৌ সেনা ঘাটি কৌশলগতভাৱে দুৰ্বল হৈ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই মধ্য প্রাচ্যৰ পৰা সৈন্য ঘাটিৰ ঠিকনা সলনি কৰি ইজৰাইল, গ্রীচ আৰু চাইপ্রাছত নতুনকৈ স্থাপন কৰিব বিচাৰিছে। 

আমেৰিকাৰ চেন্ট্রেল কমাণ্ডৰ (চেণ্টকম) মুৰব্বী কেনেথ এফ মেকেঞ্জী জুনিয়ৰে কয় যে মধ্য প্রাচ্যত এতিয়া মার্কিন সামৰিক ঘাটি সুৰক্ষিত নহয়। যোৱা ১৭ জুনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ সৈতে কৰা বুজাবুজিৰ চুক্তিত কৈছিল যে ৩০ দিনৰ ভিতৰত ইৰানৰ চুবুৰীয়া অঞ্চলৰ পৰা মার্কিন সৈন্য প্রত্যাহাৰ কৰা হ'ব। অৱশ্যে, এই সিদ্ধান্ত চূড়ান্ত যুদ্ধ-বিৰতি চুক্তিৰ ওপৰত নিৰ্ভৰ কৰিছে। কিন্তু শেহতীয়া খবৰ অনুসৰি, ট্রাম্প প্রশাসনে ইতিমধ্যে মধ্য প্রাচ্যৰ দেশসমূহৰ পৰা মার্কিন সৈন্যক আঁতৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Share This