অসম হ'ব 'স্কিল কেপিটেল'

dainik janambhumi November 25, 2026

ডিজিটেল ডেস্ক : অসমক 'স্কিল কেপিটেল' হিচাপে গঢ়াৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যৰ যুৱক-যুৱতীসকলক বিশ্বমানৰ দক্ষ মানৱ সম্পদ হিচাপে গঢ়ি তুলি দেশৰ অন্যতম 'স্কিল কেপিটেল' বা দক্ষতা বিকাশৰ প্ৰধান কেন্দ্ৰ হিচাপে অসমক প্রতিষ্ঠা কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰখনে। এই উদ্দেশ্যে প্রায় ৪,০০০ কোটি টকাৰ বৃহৎ বিনিয়োগেৰে প্রযুক্তিগত শিক্ষা, কাৰিকৰী প্রশিক্ষণ আৰু দক্ষতা বিকাশৰ এক অভিলাসী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। যদিহে ৰাজ্য চৰকাৰখনে গ্রহণ কৰা এই পৰিকল্পনা বাস্তৱায়িত হয়। তেনেহ'লে অসমত যুৱ প্রজন্মৰ বাবে প্রযুক্তি আৰু উদ্যোগভিত্তিক প্রশিক্ষণৰ নতুন দিগন্ত উদয় হ'ব। 

প্রণিধানযোগ্য যে এই পৰিকল্পনাৰ অন্যতম বৃহৎ অংশ হৈছে টাটা টেকন'লজিছ আৰু ২০টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় উদ্যোগ প্রতিষ্ঠানৰ সহযোগত ২,৩৯০ কোটি টকা ব্যয়েৰে ৰাজ্যখনত ৭৭খন কাৰিকৰী শিক্ষানুষ্ঠানৰ আধুনিকীকৰণ। ইয়াৰ ভিতৰত আছে ৪৩খন উদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান (আই টি আই) আৰু ৩৪খন পলিটেকনিক। প্রতিষ্ঠানসমূহত ইণ্ডাষ্ট্ৰী ৪.০ৰ সৈতে সংগতি ৰাখি বৈদ্যুতিক বাহন প্রযুক্তি, ৰব'টিকছ, থ্ৰী-ডি প্রিণ্টিং, কৃত্রিম বুদ্ধিমত্তা, ইণ্টাৰনেট অব্ থিংছ আৰু আধুনিক উৎপাদন প্রযুক্তিৰ প্রশিক্ষণ। প্রদানৰ ব্যৱস্থা কৰা হ'ব। আনহাতে, মঙলদৈত ১,০১৬ কোটি টকা ব্যয়েৰে অসম দক্ষতা বিশ্ববিদ্যালয় স্থাপনৰ পদক্ষেপেও এই বৃহৎ পৰিকল্পনাত বিশেষ গুৰুত্ব লাভ কৰিছে। বিশ্ববিদ্যালয়খনত আধুনিক উদ্যোগৰ চাহিদাৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰিকৰী আৰু বৃত্তিমূলক পাঠ্যক্রমৰ লগতে উচ্চশিক্ষাৰ সুবিধা গঢ়ি তোলাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। গ্রামাঞ্চলৰ যুৱক-যুৱতীসকলকে। এই দক্ষতা বিকাশৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত কৰাৰ উদ্দেশ্যে ৬০০ কোটি টকাৰ আঁচনিৰ অধীনত ৫০টা স্কিল হাব আৰু ৫০০টা স্প'ক চেণ্টাৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ জৰিয়তে দুৰৱর্তী অঞ্চলৰ শিক্ষার্থীসকলেও আধুনিক প্রযুক্তিৰ প্রশিক্ষণ লাভ কৰাৰ সুযোগ পাব। 

ইয়াৰ উপৰি যোৰহাটত নুমলীগড় শোধনাগাৰ লিমিটেড আৰু তিনিচুকীয়াত অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত উদ্যোগভিত্তিক প্রশিক্ষণৰ ব্যৱস্থা গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। গুৱাহাটীত স্কিল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰ আৰু ৰাজ্যৰ বিভিন্ন প্রান্তত একাধিক মাল্টি-স্কিল চেণ্টাৰ অব্ এক্সেলেন্স স্থাপনৰ পদক্ষেপো গ্রহণ কৰা হৈছে। ছিংগাপুৰৰ ইনষ্টিটিউট অব্ টেকনিকেল এডুকেশ্যনৰ সৈতেও দক্ষতা বিকাশৰ ক্ষেত্ৰত সহযোগিতাৰ ব্যৱস্থা কৰা হৈছে। এই পৰিকল্পনাব সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে অসমে কেৱল আন ৰাজ্যলৈ শ্রমিক যোগান ধৰা ৰাজ্য হিচাপে পৰিচিত হৈ থাকিব নালাগে। বৰং দক্ষতা, কাৰিকৰী শিক্ষা আৰু প্রযুক্তিগত প্রশিক্ষণৰ ক্ষেত্রত দেশৰ অন্যতম আগশাৰীৰ কেন্দ্র হিচাপে আত্মপ্রকাশ কৰিব লাগে। সেই লক্ষ্য আগত ৰাখিয়েই চৰকাৰে এই বৃহৎ বিনিয়োগৰ পৰিকল্পনা কৰিছে। 

উল্লেখযোগ্য যে আধুনিক প্রযুক্তিৰ দ্রুত পৰিৱর্তনৰ সময়ত কেলল শৈক্ষিক ডিগ্রীয়েই কর্মসংস্থাপনৰ নিশ্চয়তা দিব নোৱাৰে। উদ্যোগৰ প্রয়োজন অনুসৰি, দক্ষতা আহৰণ কৰাটোও সমানেই জৰুৰী হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত চৰকাৰৰ এই পদক্ষেপে অসমৰ যুৱ প্ৰজন্মৰ বাবে নতুন কর্মসংস্থাপনৰ সম্ভাৱনা সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। অৱশ্যে এই অভিলাষী পৰিকল্পনা কিমান দূৰ বাস্তৱায়িত হয় সেয়া সময়েহে ক'ব।

Share This