আহমেদাবাদ, চুৰাটত ১০০০ অবৈধ বাংলাদেশীক আটক

dainik janambhumi April 27, 2025

ডিজিটেল ডেস্ক : অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে অভিযান চলাই আহমেদাবাদ আৰু চুৰাটৰ পৰা গুজৰাট আৰক্ষীয়ে শিশু-মহিলাসহ ১০০০-তকৈ অধিক অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীক আটক কৰে। 

গুজৰাটৰ গৃহ ৰাজ্য মন্ত্ৰী হৰ্ষ ছাংভীয়ে শনিবাৰে কয় যে এই অবৈধ বাংলাদেশী প্রব্রজনকাৰীসকলক বাংলাদেশলৈ বিতাৰণৰ ব্যৱস্থা কৰা হৈছে। 

মন্ত্ৰীজনে কয় যে গুজৰাট আৰক্ষীয়ে সর্ববৃহৎ অভিযান চলাই আহমেদাবাদৰ পৰা ৪৯০জন আৰু চুৰাটৰ পৰা ১৩৪জন অবৈধ বাংলাদেশীক আটক কৰে। মন্ত্ৰীজনে কয় যে যিসকল লোকে ৰাজ্যখনত অবৈধ বাংলাদেশীক আশ্রয় দি আছে, তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱা হ'ব।

Share This