ডিজিটেল ডেস্কঃ জাপানত যোৱা দুসপ্তাহত ১০০০টা ভূমিকম্পই জোকাৰি গৈছে। ইয়াকে লৈ দেশখনত আতংকৰ পৰিৱেশে বিৰাজ কৰিছে। আনহাতে, ৫ জুলাই অর্থাৎ আজি দেশখনত ভয়ংকৰ ভূমিকম্পই জোকাৰি যাব বুলি দেশখনৰ লোকসকল ভয়ত কম্পমান হৈ আছে। দেশখনৰ জনতাই এতিয়া শুবলৈ যাবলৈ ভয় কৰা হৈছে। অৱশ্যে, এতিয়ালৈকে অহা ভূমিকম্পবোৰত কোনো ছুনামিৰ সতর্কবাণী অথবা ক'তো ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই। আনহাতে, দেশখনৰ চৰকাৰে জনসাধাৰণক কোনো ধৰণৰ উৎস নথকা পূর্বানুমানৰ বিষয়ত গুৰুত্ব নিদিবলৈ আহ্বান জনাইছে।
নিউজ এজেন্সি ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি, জাপানৰ দক্ষিণ-পশ্চিম অঞ্চলৰ সাগৰত থকা প্ৰধান দ্বীপসমূহত প্রবল ভূমিকম্প অহাৰ সম্ভাৱনা আছে। জাপানৰ বতৰ বিজ্ঞান সংস্থাৰ ভূমিকম্প আৰু ছুনামি নিৰীক্ষণ বিভাগৰ সঞ্চালক আয়টকা এবিটাই কয় যে বর্তমান তেওঁলোকৰ থকা বিজ্ঞানসন্মত জ্ঞানেৰে ভূমিকম্পৰ সঠিক সময়, স্থান অথবা প্রাবল্যৰ বিষয়ে পূর্বানুমান কৰাটো জটিল কাম। আনহাতে, দেশখনৰ এখন বাৰ্তালোচনীয়ে ৫ জুলাইত দেশখনত ভয়ংকৰ ভূমিকম্প আহিব বুলি খবৰ প্ৰকাশ কৰাত দেশখনৰ জনসাধাৰণৰ মাজত হাহাকাৰ লাগিছে। এতিয়া দেশখনৰ জনসাধাৰণে ক'ৰবালৈ যাবলৈ, শুবলৈ ভয় কৰা হৈছে বুলি এজন নাগৰিকে প্রকাশ কৰে।