ডিজিটেল ডেস্ক: কাৰ্বি আংলঙত নিৰ্মাণ কৰিব লগীয়া ১৫০০ মেগাৱাট শক্তি সম্পন্ন এটা জলবিদ্যুৎ প্রকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৪৪২ হেক্টৰ বনভূমি হস্তান্তৰত অনুমোদন জনাইছে। ৰাজ্যৰ বিভিন্ন প্রকৃতি প্রেমী দল-সংগঠনৰ বিৰোধিতাৰ পাছতো কাৰ্বি আংলং জিলাৰ লিপগাঁৱত নিৰ্মাণ কৰিব লগীয়া এই জলবিদ্যুৎ প্রকল্পটোৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বন উপদেষ্টা সমিতিয়ে (FAC) শেহতীয়াকৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক উক্ত বনভূমি হস্তান্তৰত সেউজ সংকেত দিয়াৰ কথা জানিব পৰা গৈছে।
উল্লেখযোগ্য যে হাতী সংৰক্ষিত বনাঞ্চলৰ সমীপত নির্মাণ হ'বলগীয়া ৭,২৭৩ কোটি টকা ব্যয়সাপেক্ষ এই প্রকল্পটোৱে অঞ্চলটোৰ জৈৱ-বৈচিত্র্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিব বুলি প্রকৃতি প্রেমীসকলে আশংকা কৰিছে। আনকি এই প্রকল্পটোৰ বাবে সহস্রাধিক লোকক উচ্ছেদো কৰিব লাগিব। প্রকাশিত তথ্য অনুসৰি, এই প্রকল্পটোৰ বাবে সর্বমুঠ ৪৮৪ হেক্টৰ ভূমিৰ প্ৰয়োজন হ'ব। ইয়াৰে ৪৪১.৯০ হেক্টৰ বনভূমি আৰু বাকী ৪২.১০ হেক্টৰ অনা-বনভূমি। নির্মাণকার্য সম্পূৰ্ণ হ'লে প্রকল্পটোৰ ফলত প্রায় ৩৫২ হেক্টৰ মাটি জলমগ্ন হ'ব, যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব অঞ্চলটোৰ ১,১০০ৰো অধিক লোকৰ ওপৰত। প্ৰথম অৱস্থাত এই প্রকল্পটোক এটা 'ক্ল'জড-লুপ পাম্পড ষ্ট'ৰেজ ছিষ্টেম' হিচাপে পৰিকল্পনা কৰা হৈছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে প্রকল্পটোক 'ক্ল 'জড-লুপ'ৰ পৰিৱৰ্তে 'অ'পেন-লুপ ছিষ্টেম' হিচাপেহে শ্রেণীভুক্ত কৰে।
উল্লেখযোগ্য যে প্রস্তাৱিত প্রকল্পটো দুটা হাতী কৰিডৰৰ ভিতৰত অৱস্থিত হোৱাৰ লগতে মাৰাট লংৰি বন্যপ্রাণী অভয়াৰণ্য প্রায় ১০.৫ কিল'মিটাৰ দূৰত্বত অৱস্থিত। এনে পৰিস্থিতিত উক্ত প্রকল্পটোক লৈ ৰাজ্যৰ দল-সংগঠনসমূহে কি স্থিতি গ্রহণ কৰে সেয়াহে লক্ষণীয় হ'ব।