ডিজিটেল ডেস্ক : দেশৰ বিমান বন্দৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অহা পাঁচ বছৰত ১ লাখ কোটি টকা বিনিয়োগ কৰিব আদানি গ্রুপে।
আদানি গ্ৰুপৰ মুৰব্বী গৌতম আদানিৰ পুত্ৰ তথা 'আদানি এয়াৰপ'ৰ্টছৰ সঞ্চালক জিত আদানিয়ে এই কথা প্রকাশ কৰিছে।
উল্লেখযোগ্য যে নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো 'আদানি এয়াৰপ'ৰ্টছ' কোম্পানীৰ শেহতীয়া নির্মাণকার্য, য'ত ১৯,৬৫০ কোটি টকা খৰচ হৈছে। মুম্বাইৰ দুটা বিমান বন্দৰৰ উপৰি আদানি গ্রুপে আহমেদাবাদ, লক্ষ্ণৌ, গুৱাহাটী, তিৰুৱনন্তপুৰম, জয়পুৰ আৰু মাংগালুৰুত আন ছটা বিমান বন্দৰ পৰিচালনা কৰি আছে।