উত্তৰ-পূৰ্বাঞ্চলৰ ১০টা বটলিং প্লান্টত চিলিণ্ডাৰ উৎপাদনত কঠোৰ স্থিতি

dainik janambhumi March 13, 2026

ডিজিটেল ডেস্ক: ইৰানৰ লগতে মধ্য প্রাচ্যত অব্যাহত থকা আমেৰিকা যুক্তৰাজ্য আৰু ইজৰাইলৰ যৌথ আক্রমণ তথা ভয়ানক যুদ্ধৰ ফলত সমগ্ৰ বিশ্বৰে অৰ্থনীতিত পৰা নেতিবাচক প্ৰভাৱে ভাৰতকে ধৰি মধ্য প্রাচ্যৰ দেশসমূহৰ ওপৰত খাৰুৱা তেল, ৰন্ধন গেছৰ বাবে নিৰ্ভৰশীল এছিয়া মহাদেশৰ বহুকেইখন দেশত পেট্রল, ডিজেল আৰু ৰন্ধন গেছৰ নাটনিয়ে ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে। 

ইৰানত অব্যাহত থকা আক্ৰমণৰ ফলত ভাৰতৰ জনসাধাৰণে পেট্রল, ডিজেল আৰু ৰন্ধন গেছৰ বাবে যাতে সংকটৰ সন্মুখীন হ'ব লগীয়া নহয়, সেই সন্দর্ভত কেন্দ্ৰীয় চৰকাৰে কেতবোৰ কঠোৰ নীতি-নিৰ্দেশনাৰে জনসাধাৰণৰ মাজত আস্থা আদায়ৰ বাবে তৎপৰ হৈ পৰিছে। কিন্তু বাস্তৱ ক্ষেত্ৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ থকা অসমতেই এতিয়া ৰন্ধন গেছৰ লগতে যান-বাহনৰ ইন্ধনৰ ক্ৰমাৎ নাটনি আৰম্ভ হৈছে। 

ইতিমধ্যে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও দেশত প্রয়োজনীয় ৰন্ধন গেছ আৰু পেট্রল, ডিজেলৰ মজুত পর্যাপ্ত থকাৰ বিষয়ে ঘোষণা কৰিলেও বাস্তৱ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ ওলোটা ছবি এখনহে পোহৰলৈ আহিছে। এই প্রসংগত আই অ' চিৰ এক সূত্রই জানিবলৈ দিয়া মতে, বর্তমান অসমত ডিগবৈৰ গোপনাৰী, নগাঁও, শিলচৰ, ইম্মল, বঙাইগাঁও, চৰপাৰাৰ লগতে গুৱাহাটীত দুটা আৰু মিজোৰামত এটা আৰু তেজপুৰত থকা একমাত্ৰ ৰন্ধন গেছৰ বটলিং প্লান্টকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ১০ টা বটলিং প্লান্ট আছে। সম্প্ৰতি পূৰ্বৰ দৰে উক্ত বটলিং প্লান্ট কেইটাত ৰন্ধন গেছৰ চিলিণ্ডাৰ উৎপাদনত কেতবোৰ নীতি-নিয়ম প্রযোজ্য কৰা হৈছে বুলিও সূত্ৰত প্রকাশ। 

উল্লেখযোগ্য যে স্বাভাৱিক অৱস্থাত এদিনত এনে এটা বটলিং প্লান্টত কমেও এশখন চিলিণ্ডাৰ কঢ়িওৱা ট্রাকত ৰন্ধন গেছৰ চিলিণ্ডাৰ বোজাই কৰি বিভিন্ন বিতৰকলৈ প্ৰেৰণ কৰা হয় যদিও মধ্যপ্রাচ্যৰ যুদ্ধৰ প্ৰভাৱৰ ফলত এল পি জিৰ ক্ৰমাৎ নাটনিৰ ফলত এতিয়া দৈনিক একোটা বটলিং প্লাণ্টত ২০ ৰ পৰা ৩০ খনহে ট্রাকত চিলিণ্ডাৰ বোজাই কৰি বিতৰকলৈ প্ৰেৰণ কৰা হৈছে। এনে অৱস্থাৰ ফলত স্বাভাৱিকতেই অসমৰ বিভিন্ন জিলাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যতো ৰন্ধন গেছৰ নাটনি ক্ৰমাৎ আৰম্ভ হৈছে। অন্যহাতে, মধ্যপ্রাচ্যৰ যুদ্ধৰ পাছতেই ভাৰতত ৰন্ধন গেছৰ মূল্য তাৎক্ষণিকভাৱে বৃদ্ধি হৈছে যদিও এই যুদ্ধ দীঘলীয়া হৈ গৈ থাকিলে আগন্তুক এমাহৰ ভিতৰত যিকেইখন ৰাজ্যত নির্বাচন অনুষ্ঠিত হ'বলগীয়া আছে, সেই নির্বাচন সম্পন্ন হোৱাৰ পাছতেই ঘৰুৱা আৰু বাণিজ্যিক দুয়োটা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হ'ব বুলিও আই অ' চিৰ সূত্ৰতেই প্রকাশ। 

সম্প্ৰতি গেছৰ মূল্য বৃদ্ধিৰ ফলত ঘৰুৱা ব্যৱহৃত একোটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৯২৯ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৯৭৪ টকা হ'ল যদিও এই মূল্য আৰু অধিক বৃদ্ধিৰ আশংকা আছে। সদ্যহতে উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইটা বটলিং প্লান্টত বাণিজ্যিক চিলিণ্ডাৰৰ উৎপাদনত কঠোৰ স্থিতি গ্রহণ কৰা হৈছে বুলিও আই অ' চিৰ সূত্ৰত প্ৰকাশ। ইফালে অসমৰো সৰু- ডাঙৰ বিভিন্ন হোটেলৰ লগতে পথৰ কাষৰ অস্থায়ী চাট হাউছৰ ব্যৱসায়েৰে পৰিয়াল পোহ পাল দি থকা ভিন্ন পৰ্যায়ৰ ব্যৱসায়ীসকলো সম্প্রতি ৰন্ধন গেছৰ ক্ৰমাৎ ঊর্ধ্বমুখী দাম আৰু নাটনিৰ ফলত গভীৰ দুশ্চিন্তাত পৰিছে। আনকি অসমৰ বিভিন্ন জিলাৰ একাংশ ক্ষুদ্ৰ আৰু মজলীয়া হোটেল, চাট হাউছ বন্ধ কৰিব লগীয়াও হৈছে।

Share This