ডিজিটেল ডেস্ক : কামৰূপ মহানগৰ জিলাৰ সোণাপুৰস্থিত সাহিত্য সভাৰ চৌহদত কালি হিয়াৰ আমঠু জুবিন গাৰ্গৰ ১০ ফুট উচ্চতাৰ এটা পূৰ্ণাংগ প্রতিমূর্তি উন্মোচন কৰা হয়। জুবিন ক্ষেত্ৰৰ কিছু নিলগত অৱস্থিত সোণাপুৰ সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত দিনজোৰাকৈ অনুষ্ঠিত হোৱা উন্মোচনী সভাত প্ৰাণৰ শিল্পীগৰাকীক শতাধিক অনুৰাগীয়ে শ্রদ্ধাঞ্জলি জনায়। সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ উদ্যোগত চামতাস্থিত ষ্টাৰ চিমেণ্ট লিমিটেডৰ সহযোগত জুবিন গাৰ্গৰ পূৰ্ণাংগ প্রতিমূর্তিটো উন্মোচন কৰে লোকশিল্পী, পদ্মশ্রী পখিলা লেকথেপীয়ে। ভক্তিমূলক গীতেৰে উন্মোচন হোৱা প্ৰতিমূৰ্তিটোৰ সন্মুখত শতাধিক লোকে 'মায়াবিনী' শীর্ষক গীতেৰে সংগীতৰ ভগৱানজনক স্মৰণ কৰে।
এই গাম্ভীর্যপূর্ণ উন্মোচনী সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি লোকশিল্পী পখিলা লেকথেপীয়ে প্ৰাণৰ শিল্পীগৰাকীৰ লগত একেলগে গীত গোৱা দিনবোৰৰ কথা সোঁৱৰাৰ লগতে দুটা গীত পৰিৱেশন কৰে। যথেষ্ট আৱেগিক ভৰা ভাষণেৰে কয় যে মোৰ আটাইতকৈ মৰমৰ আছিল জুবিন, জুবিনে মোৰ কণ্ঠটো ভাল পাইছিল আৰু এটি গীত গাবলৈ কৈছিল। জুবিনৰ লগত একেলগে যন্ত্র কেছেটত গীত গোৱাৰ বাবে আজি মোক বহুতে চিনি পাইছে। কিন্তু আজি জুবিন নাই। যিদিনা জুবিনৰ মৃত্যুৰ খবৰ পাইছিলোঁ সিদিনা মোৰ ভৰিৰ তলৰ মাটি নোহোৱা যেন অনুভব হৈছিল।
সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ সভাপতি ৰূপেন কুমাৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সোণাপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড' দেবব্রত খনিকৰ, সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড' বেদব্রত শইকীয়া, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্রফুল্ল বর্মন, ষ্টাৰ চিমেন্ট প্রাইভেট লিমিটেডৰ সহকাৰী মহা প্রবন্ধক সুকন্যা গোস্বামীৰ লগতে বহুকেইগৰাকী সমল ব্যক্তি। সভাৰ আৰম্ভণিৰ পূর্বে সাহিত্য সভাৰ চৌহদত এটি নাহৰৰ পুলি ৰোপণ কৰা হয়। অনুষ্ঠানত বিভিন্ন শিল্পীব দ্বাৰা গীত, নৃত্য আদি পৰিৱেশন কৰা হয়।