'এক পেৰ মা কে নাম' অভিযান ঘোষণা বন মন্ত্ৰীৰ, ৰাজ্যৰ ১০ লাখ শিক্ষার্থীয়ে ৰোপণ কৰিব ১ কোটি গছপুলি

dainik janambhumi July 03, 2026

ডিজিটেল ডেস্ক : 'এক পেড় মা কে নাম' অভিযানৰ অধীনত চলি থকা অমৃত বৃক্ষ আন্দোলনক অধিক জনমুখী আৰু ফলপ্রসূ কৰি তোলাৰ লক্ষ্যৰে এইবাৰ 'বৃক্ষ বন্ধু' শীর্ষক কাৰ্যসূচী আৰম্ভ কৰা হৈছে। ইয়াৰ অধীনত অহা ১০ আগষ্টৰ পৰা ১৪ আগষ্টলৈ স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যজুৰি ১ কোটি গছপুলি ৰোপণ কৰা হ'ব। এই বৃহৎ অভিযানত নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক, মহাবিদ্যালয়, অভিযান্ত্রিক আৰু চিকিৎসা শিক্ষানুষ্ঠানৰ প্ৰায় ১০ লাখ শিক্ষার্থীয়ে অংশগ্রহণ কৰিব আৰু প্ৰতিগৰাকী শিক্ষার্থীয়ে ১০ জোপাকৈ গছপুলি ৰোপণ কৰিব। কালি এই কথা ঘোষণা কৰিছে বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। 

বুধবাৰৰে পৰা আৰম্ভ হোৱা ৭৭ সংখ্যক বন মহোৎসৱ সপ্তাহ উপলক্ষে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত কাৰি পবিতৰা বন্যপ্রাণী অভয়াৰণ্যত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি বন মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজ আৰু বিভাগীয় বিষয়ববীয়াসকলৰ সৈতে ৭৭ জোপা গছপুলি ৰোপণ কৰে। ভাষণত তেওঁ ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধি, জৈৱ-বৈচিত্র্য সংৰক্ষণ আৰু জনঅংশগ্রহণ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেইবাখনো নতুন জনমুখী আঁচনি ঘোষণা কৰে। তেওঁ কয়, 'গছপুলিসমূহৰ সঠিক প্রতিপালন আৰু জীয়াই থকাটো নিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰতিগৰাকী শিক্ষাৰ্থীক VB-GRAM (G)-ৰ এজন জবকার্ডধাৰী শ্ৰমিকৰ সৈতে সংযুক্ত কৰা হ'ব। 

চৰকাৰৰ নিৰ্ধাৰিত আঁচনিৰ অধীনত গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ বাবে সংশ্লিষ্ট শ্রমিকসকলক পর্যায়ক্রমে মজুৰি প্ৰদান কৰা হ'ব। পৰৱৰ্তী কিস্তিসমূহ লাভ কৰিবলৈ অন্ততঃ ৫০ শতাংশ গছপুলি জীয়াই থকাটো বাধ্যতামূলক হ'ব। এই পদক্ষেপে এফালে গছপুলিৰ দীৰ্ঘম্যাদী সংৰক্ষণ নিশ্চিত কৰাৰ লগতে গ্রাম্য অঞ্চলৰ জবকার্ডধাৰী শ্ৰমিকসকলৰ বাবে কর্মসংস্থাপনৰো এক নতুন সুযোগ সৃষ্টি কৰিব। সফলভাৱে কাৰ্যসূচী সম্পূর্ণ কৰি জিঅ'-টেগযুক্ত ফটো আপলোড কৰা শিক্ষার্থীসকলক 'বৃক্ষ বন্ধু' নামেৰে ডিজিটেল প্রমাণ-পত্র প্রদান কৰা হ'ব। 

আনহাতে অসমৰ থলুৱা ফল-মূলৰ প্রজাতিসমূহ সংৰক্ষণৰ উদ্দেশ্যে 'ফলবাৰী' শীর্ষক এক নতুন আঁচনিও মন্ত্রী বৰুৱাই ঘোষণা কৰে। এই আঁচনিৰ অধীনত অহা বছৰৰ এপ্রিল মাহৰ পৰা ৰাজ্যজুৰি ১ কোটি থলুৱা ফল-মূলৰ গছপুলি বিতৰণ কৰা হ'ব। আম, কঁঠাল, লেতেকু, পনিয়ল, কর্দৈ, কাজী নেমু আদি থলুৱা প্ৰজাতিৰ গছপুলিৰ নাৰ্ছাৰী চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰাই প্ৰস্তুত কৰা হ'ব। এই পদক্ষেপে অসমৰ জৈৱ-বৈচিত্র্যৰ সংৰক্ষণৰ লগতে গ্রাম্য পৰিয়ালসমূহৰ খাদ্য আৰু পুষ্টি সুৰক্ষাতো বিশেষ অৰিহণা যোগাব বুলি তেওঁ উল্লেখ কৰে। ইফালে জনসাধাৰণক পৰিৱেশ সংৰক্ষণৰ সৈতে অধিক ঘনিষ্ঠভাৱে জড়িত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ প্ৰতিটো বনাঞ্চল ৰেঞ্জত 'জন্মদিন সেউজ শপত উদ্যান' শীর্ষক 'জন্ম দিন উদ্যান' স্থাপন কৰা হ'ব বুলিও মন্ত্ৰী বৰুৱাই ঘোষণা কৰে। 
বন মহোৎসৱ সপ্তাহৰ অন্তিম দিনা অর্থাৎ ৭ জুলাইত এই উদ্যানসমূহ মুকলি কৰা হব। ইয়াৰ পাছত যিকোনো নাগৰিকে নিজৰ জন্মদিনত গছপুলি ৰোপণ কৰি এখন সেউজ পৃথিৱী গঢ়াৰ সংকল্প ল'ব পাৰিব। এই উদ্দেশ্যে অনলাইন প'ৰ্টেলৰ জৰিয়তে আগতীয়াকৈ গছপুলি বুকিং কৰাৰ সুবিধাও উপলব্ধ কৰা হ'ব। 

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি অঞ্চলসমূহ সেউজীকৰণৰ লক্ষ্যৰে 'চৰ-চাপৰি সেউজকৰণ আঁচনি' ৰূপায়ণৰ কৰা হ'ব। মন্ত্ৰী বৰুৱাই কয় যে প্রথম পর্যায়ত পৰীক্ষামূলকভাৱে নির্বাচিত কেইটামান চৰ অঞ্চলত ড্ৰ'নৰ সহায়ত ছিড বল (Seed Ball) প্রযুক্তি ব্যৱহাৰ কৰি গছৰ বীজ সিঁচাৰ ব্যৱস্থা গ্রহণ কৰা হ'ব। পৰীক্ষামূলক প্রকল্প সফল হ'লে অহা বছৰৰ পৰা এই আঁচনি সমগ্র অসমৰ চৰ-চাপৰি অঞ্চলত বৃহৎ পৰিসৰত ৰূপায়ণ কৰা হ'ব। ইফালে শেহতীয়াকৈ অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে লোৱা পদক্ষেপ সন্দর্ভত সোধা সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰুৱাই জনায় যে ৰাজ্যজুৰি অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে চলি থকা অভিযান পূর্ণোদ্যমে অব্যাহত আছে। বন বিভাগ আৰু ৰাইজৰ সহযোগিতাৰে প্ৰতিদিনে ৪০ৰ পৰা ৬০টা পর্যন্ত অবৈধ কাঠফলা মিল উচ্ছেদ কৰা হৈছে। তেওঁ লগতে কয় যে প্রতিখন বনাঞ্চল ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ আৰু প্ৰতিটো বন বিভাগীয় ডিভিজনৰ ডিভিজনেল ফৰেষ্ট অফিচাৰ (DFO)ক নিজ নিজ কার্যক্ষেত্রত অবৈধ কাঠফলা মিল সম্পূর্ণৰূপে উচ্ছেদ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই ক্ষেত্রত কর্তব্যত অৱহেলা কৰা বিষয়াসকলক জগৰীয়া ধৰি বিভাগীয় ব্যৱস্থা গ্রহণ কৰা হ'ব। 

মন্ত্রী বৰুৱাই কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে বনজ সম্পদ সংৰক্ষণ, জৈৱ-বৈচিত্র্য ৰক্ষা আৰু জনঅংশগ্রহণেৰে পৰিৱেশ সংৰক্ষণক এক গণ আন্দোলন হিচাপে গঢ়ি তোলাৰ বাবে দৃঢ়সংকল্পবদ্ধ। তেওঁ ৰাজ্যবাসী, শিক্ষানুষ্ঠান আৰু স্থানীয় ৰাইজক চৰকাৰে ঘোষণা কৰা এই সেউজ পদক্ষেপসমূহত সক্রিয় অংশীদাৰ হ'বলৈ আহ্বান জনাই কয় যে সন্মিলিত প্রয়াসৰ জৰিয়তেহে এখন অধিক সেউজ, সুস্থ, পৰিৱেশ-অনুকূল আৰু বহনক্ষম অসম গঢ়ি তোলা সম্ভৱ।

Share This