আমিনগাঁৱত ১০০ বেগ ইউৰিয়া জব্দ

Kakali Deka August 11, 2023

ডিজিটেল ডেস্কঃ কেবিনেট সিদ্ধান্ত লৈ ৰাজসাহায্যৰ সাৰ বিতৰণ কৰাৰ প্ৰক্ৰিয়া সলনি কৰাৰ পাছতো অনিয়ম-কেলেংকাৰি বন্ধ কৰাত বিফল হৈছে ৰাজ্য চৰকাৰ৷ কেলেংকাৰি-অনিয়মৰ বাবে ৰাজসাহায্যৰ সাৰ বিতৰণ প্ৰক্ৰিয়াটো ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কেবিনেটে সলনি কৰিছিল৷ প্ৰায় এটা বছৰ পূৰ্বে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰি ৰাজসাহায্যৰ সাৰ যোগান ধৰাৰ পাইকাৰী ব্যৱস্থাটো অসম কৃষি সামগ্ৰী বিপণন পৰিষদক অৰ্পণ কৰিছিল৷ অৰ্থাৎ ব্যৱসায়ীৰ হাতত থকা সাৰৰ পাইকাৰী ব্যৱসায়ৰ প্ৰক্ৰিয়াটোৰ বিলোপ ঘটাই এই দায়িত্ব বিপণন পৰিষদক অৰ্পণ কৰিছিল৷ সম্প্ৰতি সাৰৰ খুচুৰা ব্যৱসায়ীসকলক কৃষি সামগ্ৰী বিপণন পৰিষদৰ দ্বাৰা ৰাজসাহায্যৰ সাৰ যোগান ধৰি থকা হৈছে যদিও অনিয়ম-কেলেংকাৰি বন্ধ কৰাত ৰাজ্য চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে৷ কিয়নো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ইউৰিয়া কেলেংকাৰি৷ অসমলৈ কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা ৰাজসাহায্যৰ সাৰ বক্ৰপথেৰে নিয়া হয় বহিঃৰাজলৈ৷ গুৱাহাটীৰ আমিনগাঁৱত আজি অসম আৰক্ষীৰ এছ টি এফে জব্দ কৰে ৰাজসাহায্যৰ এশ বেগ ইউৰিয়া৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি শিলচৰ হৈ মিজোৰামলৈ এই সাৰ নিয়াৰ কথা আছিল৷ এখন ট্ৰাকত পিঁয়াজৰ বেগৰ মাজত অনা হৈছিল ইউৰিয়া সাৰ৷ বৰপেটাৰ পৰা এই সাৰ মিজোৰামলৈ বুলি আনি থকা অৱস্থাত বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ ৰাজসাহায্যৰ সাৰ চোৰাংকৈ সৰবৰাহ কৰাৰ সৈতে জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ ৰাজসাহায্যৰ সাৰৰ চোৰাং সৰবৰাহৰ ঘটনা বিগত এটা বছৰত কেৱল এইটোৱেই নহয়, নগাঁও, বৰপেটা, শোণিতপুৰ, ধুবুৰী, কৰিমগঞ্জ, কাছাৰ, হাইলাকান্দি আদি জিলাত নিয়মীয়াকৈ সংঘটিত হৈ আহিছে৷ উল্লেখযোগ্য যে এটা বছৰ পূৰ্বলৈ এনে ধৰণৰ অনিয়ম চলি থকাত পাইকাৰী ব্যৱসায়ীৰ জৰিয়তে অনিয়ম, কেলেংকাৰি সংঘটিত হোৱা বুলি চৰকাৰে দাবী কৰিছিল৷ সেয়ে ব্যৱসায়ীৰ হাতৰ পৰা ৰাজসাহায্যৰ সাৰৰ পাইকাৰী ব্যৱসায়টো চৰকাৰে নিজৰ অধীনলৈ নি কৃষি সামগ্ৰী বিপণন পৰিষদক সেই দায়িত্ব অৰ্পণ কৰিছিল৷ বিপণন পৰিষদে সেই দায়িত্ব পোৱাৰ পাছত খুচুৰা ব্যৱসায়ীৰ পৰা নতুনকৈ আৱেদন সংগ্ৰহ কৰি সাৰ যোগান ধৰা আৰম্ভ কৰিছিল৷ কিন্তু বিপণন পৰিষদত অধ্যক্ষ, উপাধ্যক্ষকে ধৰি দুজনকৈ বিজেপি নেতা নিয়োজিত হৈ থকাৰ সময়ত ৰাজসাহায্যৰ সাৰৰ নামত পুনৰ অনিয়ম-কেলেংকাৰি পূৰ্বৰ দৰে সংঘটিত হোৱা আৰম্ভ কৰিছে৷ এজন খুচুৰা ব্যৱসায়ীয়ে সৰ্বাধিক কিমান পৰিমাণৰ সাৰ পাইকাৰী ব্যৱসায়ীৰ পৰা ক্ৰয় কৰিব পাৰে, সেয়া নিৰ্ধাৰণ কৰি দিয়া আছে৷ সেইদৰে এজন কৃষকে সৰ্বাধিক কিমান পৰিমাণৰ সাৰ খুচুৰা ব্যৱসায়ীৰ পৰা ক্ৰয় কৰিব পাৰে সেয়াও নিৰ্ধাৰণ কৰি দিয়া আছে৷ অথচ তাৰ পাছতো ৰাজসাহায্যৰ সাৰ কেনেকৈ চোৰাং ব্যৱসায়ীৰ হাতলৈ যায়? জানিব পৰা মতে ৰাজসাহায্যৰ সাৰ আবণ্টন আৰু বিতৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰাৰ বাবে কৃষি বিভাগত এটা পৃথক শাখা আছে৷ তাৰ উপৰি জিলা কৃষি বিষয়াসমূহেও সাৰ যোগানৰ দিশসমূহ চোৱাচিতা কৰিব লাগে৷ তাৰ পাছতো ৰাজসাহায্যৰ সাৰৰ চোৰাং ব্যৱসায় অব্যাহত থকাৰ আঁৰত কোনো প্ৰভাৱশালী চক্ৰ জড়িতৰ সম্ভাৱনা নথকা নহয়৷

Share This