ভাৰতত নিৰ্মাণ হ'ব ৰুছ এছ জে-১০০ অসামৰিক বিমান

dainik janambhumi October 29, 2025

ডিজিটেল ডেস্কঃ ভাৰত আৰু ৰাছিয়াৰ বৰ্ধিত ৰণকৌশলগত সম্পৰ্কৰ মাজতে দুয়োখন দেশে কম দূৰত্বৰ পৰিবহণৰ বাবে দুটা ইঞ্জিনৰ তথা ঠেক-বডীৰ যাত্রীবাহী বিমান যুটীয়া সহযোগিতাৰে নিৰ্মাণৰ বাবে আগ বাঢ়িছে। 

ভাৰতৰ ৰাষ্ট্ৰ পৰিচালিত বিমান কোম্পানী হিন্দুস্তান এৰ'নটিক্‌ লিমিটেডে (হাল) এই বিষয়ত ৰাছিয়াৰ পাবলিক জয়েন্ট স্টক কোম্পানী ইউনাইটেড এয়াৰক্ৰাফ্ট কৰ্প'ৰেশ্যনৰ (পি জে এছ চি-ইউ এ চি) সৈতে এছ জে-১০০ বিমান নির্মাণৰ বাবে এখন চুক্তিত আবদ্ধ হয়। ভাৰতত যাত্রীবাহী বিমান নিৰ্মাণৰ এয়াই হৈছে প্রথম প্রকল্প। 

বর্তমানলৈকে ২০০তকৈ অধিক এছ জে-১০০ বিমান নির্মাণ কৰা হৈছে, যিবোৰ ১৬টাতকৈও অধিক বাণিজ্যিক বিমান পৰিবহণ কোম্পানীয়ে ব্যৱহাৰ কৰি আছে। হালৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড° সুনীল আৰু পি জে এছ চি-ইউ এ চিৰ সঞ্চালক প্রধান ৱাডিম বাডেখাৰ উপস্থিতিত সোমবাৰে মস্কোত এই চুক্তিখন স্বাক্ষৰিত হয়।

Share This