ডিজিটেল ডেস্কঃ ভাৰতৰ সৈতে সংঘাত বৃদ্ধি হোৱাৰ সময়তে বাংলাদেশলৈ বাণিজ্যৰ প্ৰস্তাৱ আগবঢ়াইছে পাকিস্তানে। বাংলাদেশৰ বৈদেশিক বাণিজ্য বৃদ্ধি কৰাৰ বাবে পাকিস্তানে ইয়াৰ কৰাচী বন্দৰটো ব্যৱহাৰ কৰিবলৈ দেশখনক প্ৰস্তাৱ আগবঢ়াইছে।
যোৱা ২৮ অক্টোবৰত পাকিস্তানী নিউজ চেনেল ছামাই প্রকাশ কৰা বাতৰি মতে, ইছলামাবাদে ঢাকাৰ বিশ্বজনীন বাণিজ্যৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ এই প্রস্তাৱ আগবঢ়াইছে দেশখনক। বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে পাকিস্তানৰ কৰ্তৃপক্ষক ভাৰতীয় এলেকাসহ এখন বাংলাদেশৰ মানচিত্ৰ প্ৰদান কৰাৰ এদিনৰ পাছতেই
পাকিস্তানে বাংলাদেশক এই লোভনীয় প্রস্তাৱ দিয়ে।
পাকিস্তান-বাংলাদেশৰ নৱম যুটীয়া অর্থনৈতিক আয়োগৰ বৈঠকত ঢাকাক ইছলামাবাদে এই জাহাজ পৰিবহণৰ সুবিধাৰ প্ৰস্তাৱ দিয়ে।