ডিজিটেল ডেস্ক: নির্বাচনী ফলাফল ঘোষণাৰ পাছদিনাই মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত খোল খালে যাদু সম্রাট বিক্রম তালুকদাৰে বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ কৰা ভৱিষ্যদ্বাণীৰ বাকচটোৰ তলা। বাকচটোৰ পৰা ওলোৱা দলিলখনত এইবাৰৰ নিৰ্বাচনৰ ফলাফলৰ সৈতে বিক্ৰমৰ ভবিষ্যদ্বাণী আশ্চর্যজনকভাৱে হুবহু মিলি পৰা পৰিলক্ষিত হ'ল।
উল্লেখযোগ্য যে, কিছুদিন পূর্বে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত যাদু সম্রাট বিক্ৰম তালুকদাৰে তেওঁৰ যাদুকৰী কৌশলৰ জৰিয়তে বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ ভবিষ্যদ্বাণী কৰি এটা বাকচৰ ভিতৰত নিৰ্বাচনী ফলাফলৰ ভৱিষ্যদ্বাণী লিখি সুৰক্ষিতভাৱে বন্ধ কৰি ৰাখিছিল। সাতটা ভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকসকলে বাকচটোত তলা মাৰি চাবিসমূহ নিজৰ লগত ৰাখিছিল। পূর্বনির্ধাৰিত অনুসৰি গুৱাহাটী প্রেছ ক্লাবত আজি বাকচটো খুলি চাওঁতে বিক্ৰম তালুকদাৰে আগতে লিখা ভবিষ্যদ্বাণী আৰু প্ৰকৃত ফলাফলৰ মাজত হুবহু মিল থকাত তেওঁৰ নিৰ্বাচনী ভবিষ্যদ্বাণী ১০০ শতাংশই শুদ্ধ প্রমাণিত হয়।
উল্লেখযোগ্য যে যাদু সম্রাট বিক্ৰম তালুকদাৰৰ এই ব্যতিক্রমী উদ্যোগৰ মূল লক্ষ্য আছিল যাদুকৰী মঞ্চখন ৰাজনৈতিক ক্ষেত্ৰলৈ অনাৰ লগতে জনসাধাৰণৰ মাজত এই কলাৰ প্ৰতি সজাগতা বৃদ্ধি কৰা।