এ ডি আৰৰ প্ৰতিবেদন: ২৮৫গৰাকী কোটিপতি, ৰাজ্যৰ নিৰ্বাচনৰ ১০২ প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ

dainik janambhumi April 01, 2026

ডিজিটেল ডেস্ক: অসম বিধানসভাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা ১০২গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে ৰুজু হৈ আছে অপৰাধমূলক গোচৰ। আনকি ইয়াৰে ৮২গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধমূলক গোচৰো। আনহাতে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ২৮৫ গৰাকী প্রার্থীয়েই হৈছে কোটিপতি। সোমবাৰে এই কথা প্রকাশ কৰিছে এ ডি আৰ নামৰ এটা বেচৰকাৰী সংস্থাই। 

অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকলে দাখিল কৰা বিভিন্ন তথ্য বিশ্লেষণ কৰি সংস্থাটোৱে প্ৰকাশ কৰা মতে এইবাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিছে সৰ্বমুঠ ৭২২গৰাকী প্রার্থীয়ে। ইয়াৰ ভিতৰত বিজেপিৰ ৯০জন প্ৰাৰ্থীৰ ভিতৰত আঠজন (৯ শতাংশ) প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধজনিত গোচৰ। একেদৰে কংগ্ৰেছৰ ৯৯জন প্ৰাৰ্থীৰ ভিতৰত ২৮জন (২৮ শতাংশ), এ আই ইউ ডি এফৰ ৩০জন প্ৰাৰ্থীৰ ভিতৰত ১১জন (৩৭শতাংশ), অগপৰ ২৬জন প্ৰাৰ্থীৰ ভিতৰত ৬জন (২৩ শতাংশ), ৰাইজৰ দলৰ ১৩জন প্ৰাৰ্থীৰ ভিতৰত ২জন (১৫ শতাংশ), অসম জাতীয় পৰিষদৰ ১০জন প্ৰাৰ্থীৰ ভিতৰত ২জন (২০ শতাংশ), চি পি আই (এম এল) ৰ তিনিজন প্রার্থীৰ ভিতৰত এজনৰ (৩৩ শতাংশ) বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। আনহাতে কংগ্ৰেছৰ ২০জন, বিজেপিৰ ৮জন, এ আই ইউ ডি এফৰ ৯জন, অগপৰ ৫জন, ৰাইজৰ দলৰ ২জন, জাতীয় পৰিষদৰ এজন প্ৰাৰ্থীৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধৰ গোচৰ। 

উল্লেখযোগ্য যে ৰাজ্যত এইবাৰ কোটিপতি প্রার্থীয়েও অভিলেখ সৃষ্টি কৰিছে। মুঠ ৭২২গৰাকী প্ৰাৰ্থীৰ ভিতৰত মুঠ ২৮৫গৰাকী (৩৯ শতাংশ) প্রার্থীয়েই কোটিপতি। বিগত বিধানসভাৰ নিৰ্বাচনতকৈ এইবাৰ এই সংখ্যা বৃদ্ধি পাইছে। ২০২১ চনত কোটিপতি প্রার্থীৰ সংখ্যা আছিল ২৮ শতাংশ। তথ্য মতে মুঠ ৯৬গৰাকী প্ৰাৰ্থীৰ সম্পত্তি ৫ কোটিৰো অধিক। ১০৮ গৰাকী প্ৰাৰ্থীৰ সম্পত্তি ২-৫ কোটি টকাৰ ভিতৰত। ১৭০গৰাকী প্ৰাৰ্থীৰ সম্পত্তি ৫০ লাখৰ পৰা ২ কোটিৰ ভিতৰত। ১০-৫০ লাখ টকা সম্পত্তি থকা প্রার্থী ১৬৫গৰাকী আৰু ১০ লাখ টকাৰ তলত সম্পত্তি থকা প্রার্থী হৈছে ১৮৩গৰাকী। সকলোতকৈ ধনী প্রার্থীগৰাকী হৈছে কংগ্ৰেছৰ ৰাহুল ৰয়। ৰায়ৰ সম্পত্তিৰ পৰিমাণ ২৬১ কোটি টকাৰো অধিক। এই তালিতাক দ্বিতীয় স্থানত আছে বদৰুদ্দিন আজমল। আজমলৰ সম্পত্তিৰ পৰিমাণ ২২৬ কোটি টকাৰো অধিক। ৰঙানদীৰ কংগ্রেছ প্রার্থী জয়ন্ত খাউণ্ড আছে তৃতীয় স্থানত আছে। খাউণ্ডৰ সম্পত্তি ৬৭ কোটি টকাৰো অধিক। এই তালিকাত চতুর্থ স্থানত আছে হাগ্রামা মহিলাৰীৰ পত্নী শিউলী মহিলাৰী। শিউলীৰ সম্পত্তিৰ পৰিমাণ ৬৩ কোটি টকাৰো অধিক। 

পঞ্চম স্থানত আছে তৃণমূল কংগ্ৰেছৰ ৰ'জী আহমেদ। দুলু আহমেদৰ পত্নী তথা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰ'জীৰ সম্পত্তিৰ পৰিমাণ ৫৪ কোটিৰো অধিক। ষষ্ঠ স্থানত আছে নির্দলীয় প্রার্থী নন্দিগিৰি ভূঞা। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৪৭ কোটিৰ অধিক। সপ্তম স্থানত আছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ পৰিমাণ ৩৫ কোটিৰ অধিক। অষ্টম স্থানত আছে বিজেপি প্রার্থী অশোক সিংহল। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩৪ কোটিৰ অধিক। নৱম স্থানত থকা বিজেপি প্রার্থী নৱ কুমাৰ দলেৰ সম্পত্তিৰ পৰিমাণ ৩৩ কোটিৰ অধিক। দশম স্থানত কংগ্ৰেছ প্রার্থী আমিনুল হক লস্কৰ। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩০ কোটিৰো অধিক। ইফালে কোটিপতি প্রার্থীৰ তালিকাত বিজেপি আছে প্রথম স্থানত। দলটোৰ ৭৯ গৰাকী প্রার্থী কোটিপতি হোৱাৰ বিপৰীতে কংগ্ৰেছৰ ৬০গৰাকী, অগপৰ ১৮গৰাকী, এ আই ইউ ডি এফৰ ১৬গৰাকী প্রার্থী কোটিপতি। ইউ পি পি এলৰ দহগৰাকী, অজাপৰ ৭গৰাকী, চি পি আই (এম)ৰ দুইগৰাকী প্রার্থী কোটিপতি। মন কৰিব লগীয়া কথা যে এনে কোটিপতি প্রার্থীৰ বিপৰীতে হাইলাকান্দিত প্রতিদ্বন্দ্বিতা কৰা ধ্ৰুৱ চক্ৰৱৰ্তী আৰু জীৱন ৰয়ে তেওঁলোকৰ কোনো সম্পত্তি নাই বুলি শপতনামাত উল্লেখ কৰিছে। 

আনহাতে সকলোকৈ অধিক উপাৰ্জন কৰা প্ৰাৰ্থীৰ তালিকাত প্রথমে আছে দোতমা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিৰখং বড়ো। তেওঁৰ বাৰ্ষিক আয় হৈছে বাৰ কোটি টকাৰো অধিক। দ্বিতীয় স্থানত থকা বি পি এফৰ কোকৰাঝাৰৰ প্ৰাৰ্থী শিউলি মহিলাৰীৰ বাৰ্ষিক আয় ন কোটিৰো অধিক। শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত দেখা গৈছে যে ৩২৩গৰাকী প্রার্থীৰে (৪৫ শতাংশ) শিক্ষাগত অৰ্হতা পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণীৰ ভিতৰত। ৩৮৪গৰাকী প্রার্থীৰে (৫৩ শতাংশ) স্নাতক তথা তাতকৈ অধিক শিক্ষাগত অর্হতা থকা আৰু ১২গৰাকী ডিপ্লমাধাৰী। তিনিগৰাকী প্রার্থী মাত্ৰ সাক্ষৰহে। ইফালে ১৭৪গৰাকী প্রার্থীৰে (২৪ শতাংশ) প্ৰাৰ্থীৰ বয়স ২৫-৪০ বছৰৰ ভিতৰত আৰু ৪৩৫গৰাকী প্ৰাৰ্থীৰ বয়স ৪১-৬০ বছৰৰ ভিতৰত। ১১৩গৰাকী প্রার্থীৰে (১৬ শতাংশ) বয়স ৬১-৮০ বছৰৰ ভিতৰত। মহিলা প্রার্থীৰ সংখ্যা হৈছে ৬০গৰাকী।

Share This