এ ডি আৰৰ প্ৰতিবেদন: আটাইতকৈ দুখীয়া বিজেপিৰ মিলন দাস, ৰাজ্যৰ ১০৭ বিধায়ক কোটিপতি

dainik janambhumi May 06, 2026

ডিজিটেল ডেস্ক: অসম বিধানসভালৈ এইবাৰ নিৰ্বাচিত হোৱা ১২৬ গৰাকী বিধায়কৰ ভিতৰত ১৭ গৰাকীয়েই হৈছে কোটিপতি। একেদৰে নিৰ্বাচিত বিধায়কসকলৰ মাজৰ ২১ গৰাকী বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক আৰু ১৯ গৰাকী বিধায়কৰ বিৰুদ্ধে ৰুজু হৈ আছে গুৰুতৰ অপৰাধৰ গোচৰ। 

কালি বেচৰকাৰী সংস্থা এ ডি আৰে (এছ'চিয়েশ্যন ফৰ ডেমক্রেটিক ৰিফৰ্ম) প্ৰকাশ কৰা এখন প্রতিবেদনত এই তথ্য উল্লেখ কৰিছে। বিধানসভা নিৰ্বাচনৰ সময়ত প্রার্থীসকলে মনোনয়নৰ সৈতে দাখিল কৰা তথ্য বিশ্লেষণ কৰি এ ডি আৰে প্ৰকাশ কৰা মতে বিজেপিৰ মুঠ সাত গৰাকী বিধায়ক, কংগ্ৰেছৰ ন গৰাকী, এ আই ইউ ডি এফৰ দুগৰাকী, তৃণমূল কংগ্ৰেছৰ এগৰাকী, ৰাইজৰ দলৰ দুগৰাকী আৰু অগপৰ এগৰাকী বিধায়কৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ।

আনহাতে বিজেপিৰ সাতগৰাকী, কংগ্ৰেছৰ সাতগৰাকী, এ আই ইউ ডি এফৰ দুগৰাকী, তৃণমূল কংগ্ৰেছৰ এগৰাকী আৰু ৰাইজৰ দলৰ এগৰাকী বিধায়কৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ আছে। প্রণিধানযোগ্য যে এইবাৰ কোটিপতি বিধায়কৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিছে। এইবাৰ নির্বাচিত হৈ অহা ১০৭ গৰাকী বিধায়ক কোটিপতি
হোৱাৰ বিপৰীতে ২০২১ চনত ৮৫ গৰাকী, ২০১৬ চনত ৭২ গৰাকী আৰু ২০১১ চনত ৪৭ গৰাকী কোটিপতি প্রার্থী বিধানসভালৈ নির্বাচিত হৈছিল। 

কোটিপতি বিধায়কৰ তালিকাত আকৌ শীর্ষত আছে বিজেপি। গেৰুৱা দলটোত ৪৭ গৰাকী কোটিপতি বিধায়ক থকাৰ বিপৰীতে কংগ্ৰেছৰ ১৪ গৰাকী, বি পি এফৰ ৮ গৰাকী, অগপৰ ছয় গৰাকী, ৰাইজৰ দলৰ দুগৰাকী, এ আই ইউ ডি এফৰ দুই গৰাকী আৰু তৃণমূল কংগ্ৰেছৰ এগৰাকী বিধায়ক হৈছে কোটিপতি। 

উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচিত বিধায়কসকলৰ ভিতৰত বদৰুদ্দিন আজমলৰ আছে সর্বাধিক সা-সম্পত্তি। তেওঁ ২২৬ কোটি টকাৰ সম্পত্তিৰ গৰাকী হোৱাৰ বিপৰীতে এই তালিকাত দ্বিতীয় স্থানত থকা বি পি এফৰ বিধায়ক শিউলী মহিলাৰী ৬৩ কোটি আৰু তৃতীয় স্থানত থকা ড° হিমন্ত বিশ্ব শর্মা ৩৫ কোটি টকাৰ সম্পত্তিৰ গৰাকী। ইফালে দুখীয়া বিধায়কৰ তালিকাত আছে হাইলাকান্দিৰ বিজেপিৰ বিধায়ক মিলন দাস। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে মাত্ৰ বিছ হাজাৰ টকা। একেদৰে এই তালিকাৰ দ্বিতীয় স্থানত থকা বিহালীৰ বিজেপিৰ বিধায়ক মুনীন্দ্ৰ দাসৰ ১০ লাখ ১০ হাজাৰ আৰু তৃতীয় স্থানত থকা হাফলঙৰ বিজেপি বিধায়ক ৰূপালী লাংথাচাৰ আছে ১০ লাখ ৫০ হাজাৰ টকাৰ সম্পত্তি। 

মন কৰিব লগীয়া কথা যে নির্বাচিত বিধায়কসকলৰ ভিতৰত সকলোতকৈ অধিক ঋণ আছে জালুকবাৰী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ড° হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁৰ ১৬ কোটি ৮৬ লাখ টকা ধাৰ থকাৰ বিপৰীতে এই তালিকাৰ দ্বিতীয় স্থানত থকা সৰু পথাৰৰ বিজেপি বিধায়ক বিশ্বজিত ফুকনৰ ১৬ কোটি ৭৭ লাখ আৰু তৃতীয় স্থানত থকা লখিমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকাৰ আছে ১০ কোটি টকাৰ ঋণ।

Share This