নাহৰকটীয়াত বিজেপিৰ 'জন আশীৰ্বাদ যাত্রা', মুখ্যমন্ত্ৰীক আশীর্বাদৰূপে ১১,১১১ টকা আগবঢ়ালে মুছলমান সমাজে

dainik janambhumi March 07, 2026

ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাৰ কালি পঞ্চমটো দিন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ উন্নয়ন, ঐক্য আৰু প্ৰগতিৰ বাণী প্ৰচাৰ কৰিবলৈ কালি নাহৰকটীয়া বিজেপিৰ উদ্যোগত আয়োজিত 'জন আশীর্বাদ যাত্রা'ত অংশ লয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। 

কালি উজনি অসমৰ নাহৰকটীয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা এই 'জন আশীর্বাদ যাত্রা'ত নাহৰকটীয়া সমষ্টিত দেখা গ'ল সৰ্বপৰ্যায়ৰ ৰাইজৰ বিপুল সঁহাৰি। মুখ্যমন্ত্ৰীৰ যাত্ৰাত জাতি ধর্ম-বর্ণ-নির্বিশেষে পুৰুষ-মহিলা সকলো ৰাজপথলৈ ওলাই আহি একপ্ৰকাৰে জনসমুদ্ৰত পৰিণত কৰে নাহৰকটীয়া। দিনৰ প্ৰায় ১০ বজাত নাহৰকটীয়াৰ নগাঁও ৰাজহুৱা খেলপথাৰৰ পৰা শুভাৰম্ভ হোৱা জন আশীর্বাদ যাত্ৰাত নাহৰকটীয়াৰ দুয়োকাষে হেজাৰ হেজাৰ মহিলাই গামোচা, পুষ্প বৃষ্টি, শংখ আদি বজায় মুখ্যমন্ত্ৰীক আদৰণি জনায়। 

মন কৰিব লগীয়া যে নাহৰকটীয়া সমষ্টিৰ নগাঁও তিনিআলিৰ পৰা আৰম্ভ কৰি নাহৰকটীয়াৰ ধমন তিনিআলিলৈকে কৰা এই যাত্ৰাত ৰাঙলীপথাৰবাসী মুছলমান ৰাইজেও মুখ্যমন্ত্রী ড° শৰ্মাক উছাহেৰে আদৰা পৰিলক্ষিত হয়। 

উল্লেখযোগ্য যে নাহৰকটীয়া চহৰৰ পৰা তিনি কিল'মিটাৰ নিলগত অৱস্থিত ৰাঙলীপথাৰেদি ধমন তিনিআলিলৈকে মুখ্যমন্ত্ৰীৰ 'জন আশীর্বাদ যাত্রা' অতিক্রম কৰোঁতে ৰাঙলীপথাৰৰ অন্যান্য লোকসকলকৰ লগতে জুম্মাৰ নামাজ ৰখাই মুখ্যমন্ত্ৰীক আদৰিবলৈ ওলাই আহিল ৰাঙলী পথাৰৰ মুছলিম সমাজ। ৰাঙলী পথাৰ মছজিদৰ সন্মুখত মুছলমান সমাজৰ পুৰুষ-মহিলা ওলাই আহি মুখ্যমন্ত্ৰীক উষ্ম আদৰণি জনোৱাৰ লগতে মুখ্যমন্ত্রীক আশীর্বাদ জনায় শুকান ফল-মূলৰ ইফটাৰ প্ৰদান কৰাৰ লগতে তেওঁৰ নিৰ্বাচনী পুঁজিলৈ আগবঢ়ায় ১১১১১ (এঘাৰ হেজাৰ এশ এঘাৰ) টকাৰ ধনৰাশি। 

লক্ষণীয় যে পৱিত্ৰ ৰমজান মাহৰ পৰিপ্ৰেক্ষিতত ৰোজা পালন কৰি থকা অৱস্থাতে এই মুছলমান লোকসকলে উৎসাহেৰে বাট চাই আছিল মুখ্যমন্ত্রীলৈ। অৱশ্যে, ৰাইজৰ আশীৰ্বাদ বুটলি ধীৰ গতিৰে আগবঢ়া মুখ্যমন্ত্ৰীৰ কনভয় ৰাঙলীপথাৰ আহি পোৱাত নির্ধাৰিত সময়তকৈ কিছু পলম হয় আৰু সেই সময়তে মুছলমানসকলে শুকুৰবাৰে পঢ়া পৱিত্ৰ জুম্মাৰ নামাজৰ সময় হোৱাত ৰাঙলীপথাৰবাসী মুছলমান ৰাইজে নামাজৰ সময় পিছুৱাই আগবাঢ়ি আহে জনপ্রিয় মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ। 

ইফালে, প্রায় সত্তৰ ঘৰ থলুৱা মুছলমান লোকৰ বসতি থকা এই ৰাঙলীপথাৰ গাঁওখনৰ অধিকাংশ লোকেই ক্ষুদ্র ব্যৱসায়ী, খেতিয়ক তথা দিন হাজিৰা কৰি জীৱন-যাপন কৰা লোক। জনপ্রিয় মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ বাবে যথেষ্ট কাম কৰিছে, যথেষ্ট উন্নয়ন কৰিছে। তদুপৰি, নাহৰকটীয়াৰ স্থানীয় বিধায়ক তৰংগ গগৈয়ে প্রথমবাৰলৈ বিধায়ক ৰূপে নির্বাচিত হৈয়ে বিগত দুটা দশকে পূৰ্বৰ জনপ্রতিনিধিসকলে নকৰা বহুকেইটা উন্নয়নমূলক কাম তেওঁ কৰিলে। ইয়াৰ উপৰি, সমষ্টিৰ সমান্তৰালকৈ প্রথম পাঁচটা বর্ষতে নাহৰকটীয়া চহৰৰ ৰেহ-ৰূপ সলনি কৰিবলৈ সক্ষম হৈছে বিধায়কগৰাকী। সেয়ে, তেওঁলৈ দৰিদ্ৰ মুছলমান সমাজখনৰ সকলো লোকেই যিয়ে যেনেকৈ পাৰে সামর্থ্য অনুযায়ী দুশ তিনিশ টকাকৈ দি এই পুঁজি আগবঢ়োৱা বুলি উল্লেখ কৰে। 

আনহাতে, মুখ্যমন্ত্রীয়ে উজনিৰ অসমীয়া মুছলমানসকল বিজেপিৰ লগত সদায় আছে আৰু সদায় বিজেপিক সমর্থন কৰে আজি ৰাঙলীপথাৰটো তাৰে প্ৰমাণ দেখিবলৈ পোৱা গ'ল বুলি উল্লেখ কৰি ৰাঙলীপথাৰৰ অসমীয়া মুছলমান সমাজে নিৰ্বাচনৰ বাবে আগবঢ়োৱা পুঁজি সাদৰেৰে গ্ৰহণ কৰাৰ কৰাৰ লগতে এই ৰমজান মাহত সকলোৱে ৰোজা ৰাখিছে। গতিকে, সকলোকে তেওঁৰ বাবে দোৱা আশীৰ্বাদ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে মুছলমান সমাজক কৃতজ্ঞতা আৰু ধন্যবাদ জনায়।

Share This