মহানগৰী পৰিষ্কাৰৰ বাবে আহিল ১১১ নতুন বাহন, মুকলি কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

dainik janambhumi January 29, 2026

ডিজিটেল ডেস্ক : স্বচ্ছতাৰ দিশত গুৱাহাটীক আৰু এখোজ আগুৱাই নিয়াৰ উদ্দেশ্যে গুৱাহাটী পৌৰ নিগমলৈ অনা হৈছে ১১১খন অত্যাধুনিক নতুন বাহন। সৰু চাকিং মেচিন, অট' ট্রিপাৰ, ছুইপিং মেচিনকে ধৰি মহানগৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ জি এম চিত নতুনকৈ সংযোজিত হোৱা এই বাহনসমূহ কালি খানাপাৰাত থকা এ পি এছ চি ভৱনত আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। 

মন্ত্রীজনে কয় যে এই বাহনসমূহ মুকলি কৰি দিয়াৰ লগে লগে গুৱাহাটীৰ স্বচ্ছতাৰ ক্ষেত্ৰত বৃহৎ সকাহ হ'ব। কাৰণ ৱাৰ্ডসমূহত যিসমূহ বাহনৰ জৰিয়তে জাবৰ সংগ্ৰহ কৰি থকা হৈছিল সেই বাহনসমূহ ইতিমধ্যে বহুত পুৰণা হৈ গৈছে। সেয়েহে ৫০খন অট' ট্ৰিপাৰ আৰু ছুইপিং মেচিনসমূহে এই ক্ষেত্রত যথেষ্ট সহায় কৰিব বুলি তেওঁ কয়। 

মন্ত্রীজনে লগতে এই বুলিও কয় যে এই বাহনসমূহৰ সংযোজনে গুৱাহাটী পৌৰ নিগমক বিগত সময়ছোৱাত ৪০২ সংখ্যক স্থানৰ পৰা ৪৬ স্থানলৈ আনিছিল, তেনেদৰে এইবাৰো স্বচ্ছতাৰ ক্ষেত্ৰত গুৱাহাটীক আগবঢ়াই লৈ যাব।

Share This