নিয়মীয়াকৰণ নহ'ল ১২,১০৬ কৰ্মচাৰীৰ চাকৰি

dainik janambhumi March 06, 2026

ডিজিটেল ডেস্ক: পূৰ্বৰ চৰকাৰসমূহৰ দৰেই বিজেপি নেতৃত্বাধীন চৰকাৰেও ৰাজ্যৰ বিভিন্ন বিভাগত কৰ্মৰত কেজুৱেল কৰ্মচাৰীসকলক কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি চাকৰি নিয়মীয়া নকৰিলেও পে' স্কেল সমহাৰত দৰমহা দিয়াৰ ঘোষণা কৰাৰ পাছতো আজিকোপতি কোনো ব্যৱস্থা গ্রহণ কৰা নহ'ল। কিন্তু এই ক্ষেত্ৰত বিজেপি চৰকাৰে গুৰুত্ব দিব বুলি ঘোষণা কৰিছিল যদিও কোনো কাম আগ নাবাঢ়িল। 
পূৰ্বতে কৰা ঘোষণা আৰু সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ এইখন চৰকাৰে যথেষ্ট সময় লোৱাৰ ফলত ৰাজ্যৰ কেজুৱেল কৰ্মচাৰীৰ আশাত চেঁচা পানী পৰিছে।
 

উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন বিভাগৰ ১২,১০৬গৰাকী কেজুৱেল কৰ্মচাৰীৰ চাকৰি আজিও নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, ৰোজগাৰ সৃষ্টি, এক লাখ পদত নিযুক্তিৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰেও কেজুৱেল কৰ্মচাৰীসকলৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্রহণ নকৰিলে। তদানীন্তন ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰা আৰু অনুমোদন দিয়া কৰ্মচাৰীৰ ক্ষেত্রত আজি পর্যন্ত পদক্ষেপ গ্রহণ কৰা নাই। যিটো বিষয় এতিয়া সর্বত্র চর্চা চলিছে। 

চাকৰি নিয়মীয়াকৰণৰ আশা পালি থকা কেজুৱেল কৰ্মচাৰীসকলে তেওঁলোকৰ প্ৰতি শীঘ্ৰে ব্যৱস্থা গ্রহণ কৰাটো আশা কৰিছে। ২০১৯ বৰ্ষত অক্টোবৰ-নৱেম্বৰ মাহত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ কেজুৱেল কৰ্মচাৰীসকলে পে' স্কেল অনুসৰি দৰমহা লাভ কৰিব বুলি ঘোষণা কৰি অধিসূচনা জাৰি কৰাৰ কথা কৈছিল। কিন্তু অৱসৰৰ অন্তিম সময়তো আজি পর্যন্ত পে' স্কেল সমাহাৰত দৰমহা লাভ কৰাটো দূৰৰে কথা চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থাই চৰকাৰে গ্ৰহণ নকৰিলে। পৰিপ্ৰেক্ষিতত পে' স্কেল দৰমহা নোপোৱাকৈয়ে, চাকৰি নিয়মীয়াকৰণ নোহোৱাকৈয়ে চাকৰি জীৱন অস্থায়ী ৰূপেই বহু কৰ্মচাৰীয়ে চলিত বৰ্ষত অৱসৰ গ্ৰহণ কৰিব। 

পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত বহু কৰ্মচাৰীয়ে ১৯৯২-৯৩ চনতে কেজুৱেল কৰ্মচাৰী হিচাপে যোগদান কৰিছিল। বিভাগটোত ৩২৫০ গৰাকী কেজুৱেল কৰ্মচাৰী আছে। ইয়াৰে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, জিলা পৰিষদৰ বছা বছা একাংশ কৰ্মচাৰীক পে' স্কেল সমহাৰত দৰমহা দিয়াৰ লগতে চাকৰি নিয়মীয়াকৰণ কৰিলে যদিও পঞ্চায়ত পর্যায়ত এতিয়াও বহু কৰ্মচাৰীয়ে দৰমহা লাভ কৰা নাই। ৩২৫০গৰাকী কেজুৱেল কৰ্মচাৰীৰ ভিতৰত ৪৫জন জুনিয়ৰ এছিছটেন্ট, ১২০০ টেক্স কালেক্টৰ আৰু বাকীসকল কৰ্মচাৰী পিয়ন-চকীদাৰ, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছে। ন্যায়ালয়ে দিয়া ৰায়ৰ ভিত্তিত আৰু চৰকাৰৰ ঘোষণা অনুসৰি ১৯৯২-৯৩ চনৰ পৰা ২০০৬ চন পর্যন্ত নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলক পে' স্কেল দিয়াৰ বাবে কেবিনেট সিদ্ধান্ত হৈছিল আৰু বিত্ত বিভাগক নির্দেশ দিছিল। পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ১২,১০৬টা কেজুৱেল পদৰ বিপৰীতে পে' স্কেল দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে অনুমোদন দিছিল আৰু কামো আগবাঢ়িছিল। কিন্তু এতিয়া সেয়া সকলো ফুটুকাৰ ফেনত পৰিণত হৈ পৰিল। 

আন চৰকাৰৰ নিচিনা এই চৰকাৰৰ ব্যৱস্থাও ক্ৰমাৎ বুমেৰাং হৈ পৰিল। নিৰ্বাচনৰ প্ৰাক্‌ ক্ষণত সকলোৰে বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে যদিও এইসকল কেজুৱেল কৰ্মচাৰীৰ প্ৰতি কোনো ঘোষণা বা কাৰ্যকৰী পদক্ষেপ চৰকাৰে গ্ৰহণ নকৰিলে বুলিহে অভিযোগ উত্থাপিত হৈছে। এই ক্ষেত্ৰত চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্রহণ কৰাটো কামনা কৰিছে কেজুৱেল কৰ্মচাৰীসকলে।

Share This