১২,৯৭৬ যুৱ উদ্যমীয়ে লাভ কৰিলে ১৩১ কোটি টকা

dainik janambhumi March 12, 2026

ডিজিটেল ডেস্ক: অৰুণোদয়'ৰ পাছত ৰাজ্য চৰকাৰে যুৱ সমাজক স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যৰে গ্ৰহণ কৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামৰ আন এখন জনপ্রিয় আঁচনিৰ অধীনত কালি দ্বিতীয় কিস্তিৰ ধনৰাশি প্ৰদান কৰা মুখ্যমন্ত্রী ও হিমন্ত বিশ্ব শর্মাই কালি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত ১২,৯৭৬গৰাকী সফল উদ্যমীলৈ ১৩১ কোটি টকাৰো অধিক ধনৰাশি আগবঢ়ায়। 

কালিৰ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রী ড° শর্মাই আত্মনিৰ্ভৰ অসম অভিযান ১.০-ৰ অধীনত দ্বিতীয় কিস্তিৰ ধনৰাশি বিতৰণৰ কৰা কালিৰ দিনটো এটা নির্ণায়ক দিন বুলি অভিহিত কৰে। তেওঁ কয় যে অসমত এইদৰে চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা পুঁজিৰ উচিত ব্যৱহাৰ নহয় বুলি সাধাৰণতে ধাৰণা কৰা হয়। কিন্তু প্রচলিত এই ধাৰণাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০-ৰ অধীনত প্রথম কিস্তি হিচাপে লাভকৰাসকলৰ বহুতে পুঁজিৰ ধনৰ সদ্ব্যৱহাৰেৰে নিজ কর্মক্ষেত্ৰত আগুৱাই প্রধানমন্ত্রী মুদ্রা যোজনা আদিৰ পৰা ঋণ লাভ কৰাৰ উপৰি বেংকৰ পৰাও ঋণ লাভ কৰিবলৈ সক্ষম হৈছে। 

ভাষণত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অসমত বছৰি ১৮ বছৰৰ ঊর্ধ্বৰ বয়সত প্ৰৱেশ কৰা ল'ৰা-ছোৱালীৰ সংখ্যা প্রায় ৭লাখ হয়গৈ। এই হিচাপত ৫ বছৰত প্রায় ৩৫ লাখ নৱপ্ৰজন্মৰ সৃষ্টি হয়, যিসকলৰ কৰ্মসংস্থাপনৰ চিন্তা সমাজে কৰিব লাগে। তেওঁ কয় যে চৰকাৰ এখনে যদি চৰকাৰী চাকৰিত নিযুক্তিৰ উপৰি বিকল্প সংস্থাপনৰ সুবিধাৰ সৃষ্টি নকৰে, তেতিয়া সংস্থাপনহীনতাই যুৱপ্ৰজন্মৰ মাজত বহু সময়ত হতাশাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পৰিপ্ৰেক্ষিততে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে প্রায় ১.৬০ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিয়োগৰ লগতে অন্যান্যসকলৰ বাবেও কেইবাটাও বিকল্প সংস্থাপনৰ সন্ধান কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে জাপান, আমেৰিকাকে ধৰি পৃথিৱীৰ বহু ৰাষ্ট্ৰ ক্ৰমান্বয়ে বয়সীয়া লোকৰ সমাজত পৰিণত হ'ব ধৰিছে। ইয়াৰ বিপৰীতে ভাৰতবৰ্ষ হৈছে এখন যুৱ ৰাষ্ট্র। যাৰ অধিকাংশ ব্যক্তিৰ বয়স হৈছে ২৭-২৮ বছৰৰ ভিতৰত। 

আনহাতে, অসমৰ জনসাধাৰণৰ ক্ষেত্ৰত এই বয়স হৈছে প্রায় ২২ বছৰ। অর্থাৎ, অসমত কাম কৰিব পৰা নৱপ্ৰজন্মৰ সংখ্যা দেশৰ ভিতৰতে বহুত বেছি। মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ পৰিপ্ৰেক্ষিততে আগন্তুক সময়ত উদ্যোগসমূহে যাতে অসমৰ উঠি অহা প্ৰজন্মক নিয়োগৰ বাবে আগ্রহী হৈ উঠে তাৰবাবে ৰাজ্য চৰকাৰে বিভিন্ন দিশত দক্ষতাসম্পন্ন যুৱপ্ৰজন্ম গঢ়ি তোলাৰ লক্ষ্যৰে দক্ষতা বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান স্থাপন কৰিছে। তেওঁ লগতে কয় যে বিগত পাঁচ বছৰৰ ভিতৰত ৰাজ্যৰ অৰ্থনীতিৰ আকাৰ ৩.৫ লাখ কোটি টকাৰ পৰা বাঢ়ি ৮.৫ লাখ কোটি টকা হৈছে। ইয়ে উদ্যোগ, সেৱাখণ্ড, কৃষিখণ্ড আদিত সংস্থাপনৰ বহু পথ মুকলি কৰিছে। তদুপৰি, জাগীৰোডত ছেমি কণ্ডাক্টৰ উদ্যোগ, ধুবুৰীত তাপবিদ্যুৎ প্রকল্প, নামৰূপত সাৰ কাৰখানা আদিৰ দৰে উদ্যোগ স্থাপনৰেও চৰকাৰে কর্মসংস্থাপনৰ সুবিধা সৃষ্টিৰ পদক্ষেপ গ্রহণ কৰিছে বুলিও তেওঁ কয়। 

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান সন্দৰ্ভত অনুষ্ঠানত মুখ্যমন্ত্রী ড° শৰ্মাই মন্তব্য কৰে যে এই অভিযানৰ অধীনত কোনো ধৰণৰ বন্ধকী অবিহনে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে ইচ্ছুক যুৱক-যুৱতীক ২ লাখৰ পৰা ৫ লাখ টকা প্রদান কৰা হৈছে। দেশৰ আন কোনো ৰাজ্যতে বন্ধকী অবিহনে এইদৰে পুঁজিৰ যোগান ধৰাৰ উদাহৰণ নাই বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ যুৱপ্ৰজন্মৰ ওপৰত বিশ্বাস ৰাখি চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিছে। 

মুখ্যমন্ত্রী ড° শর্মাই কয় যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০-ৰ অধীনত মুঠ ২৫,২৭৭গৰাকী উদ্যমী যুৱক-যুৱতীলৈ প্ৰথম কিস্তিৰ ধনৰাশি আগবঢ়োৱা হৈছিল যদিও ১২,৯৭৬গৰাকীয়েহে দ্বিতীয় কিস্তিৰ ধনৰাশি লাভৰ বাবে যোগ্য বুলি বিবেচিত হৈছে। অৱশিষ্ট উদ্যোগীসকলে প্রথম কিস্তিৰ ধন ব্যৱহাৰৰ সঠিক তথ্য অহা ৯০ দিনৰ ভিতৰত উদ্যোগ বিভাগক যোগান ধৰিলে তেওঁলোকক আগন্তুক আগষ্ট মাহৰ ভিতৰত দ্বিতীয় কিস্তিৰ ধনৰাশি প্রদান কৰা হ'ব বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে লগতে সদৰী কৰে যে চৰকাৰৰ পৰা লাভ কৰা মুঠ ধনৰাশিৰ উচিত ব্যৱহাৰ কৰাসকলে পৰৱৰ্তী পৰ্যায়ত যদি বেংকৰ পৰা ঋণ গ্রহণ কৰে, তেনেহ'লে সেই ঋণৰ বিপৰীতে তেওঁলোকে আদায় দিবলগা সুদৰ এটা অংশ ৰাজ্য চৰকাৰে বহন কৰিব। আগন্তুক সময়ত এই অভিযানৰ অধীনত ১০ লাখ যুৱক-যুৱতীক সামৰি লোৱাৰ চিন্তা-চৰ্চা কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয়-'আমি অসমত এটা নতুন যুব আন্দোলন গঢ়ি তুলিব লাগিব, য'ত ৰাজ্যৰ যুৱক-যুৱতীসকল আত্মনিৰ্ভৰ হোৱাৰ উপৰি অন্যৰ বাবেও কর্মসংস্থাপনৰ পথ সৃষ্টি কৰি নিজে নিয়োগকর্তা হ'ব।' 

উল্লেখযোগ্য যে ২০২৩ চনৰ ২৩ ডিচেম্বৰত ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল। আনহাতে, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০-ৰ অধীনত যোৱা ৭ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ ১২টা স্থানত অনুষ্ঠিত আঞ্চলিক কাৰ্যসূচীৰ জৰিয়তে ৭৪,৭৩৫গৰাকী উদ্যমী যুৱক-যুৱতীক প্রথম কিস্তিৰ চে'ক প্ৰদান কৰা হৈছে। কালিৰ এই অনুষ্ঠানত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, বিধায়ক অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সিদ্ধার্থ ভট্টাচার্য, দিগন্ত কলিতা, হেমাংগ ঠাকুৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়াৰ উপৰি অতিৰিক্ত মুখ্য সচিব ড° জে বি এক্কাকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া আৰু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Share This