ডিজিটেল ডেস্ক : পাকিস্তান অধিকৃত কাশ্মীৰ (পি অ' কে)ৰ আন্দোলন দমনৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে দেশখনৰ চৰকাৰে। পি অ' কেৰ ২৭জুলাইৰ নিৰ্বাচনৰ আগেয়ে যিকোনো উপায়েৰে আন্দোলন দমনৰ বাবে সেনাক নির্দেশ দিয়া হৈছে। তদুপৰি, পি অ' কেত অতিৰিক্ত ৪ হাজাৰ সেনাও মোতায়েন কৰা হৈছিল। কিন্তু অঞ্চলটোত অতিৰিক্ত সেনা মোতায়েনৰ পাছতেই আন্দোলনৰ গতি কমাতকৈ দুগুণ বৃদ্ধিহে পায়। যোৱা মঙলবাৰে অঞ্চলটোত সেনা আৰু প্রতিবাদী জনতাৰ মাজত হোৱা হতাহতিত ১২জনকৈ লোকে প্রাণ হেৰুৱায়।
উল্লেখযোগ্য যে বুধবাৰে জইন্ট আৱামী একশ্যন কমিটী (জে এ এ চি)ৰ উদ্যোগত প্রতিবাদী জনতাই ৰাৱালাকোটৰপৰা মুজাফ্ফৰাবাদলৈ 'লং মার্চ' কার্যসূচী গ্রহণ কৰিছিল। কিন্তু তাৰ পূর্বেই মঙলবাৰে প্ৰতিবাদী জনতাক ছত্রভংগ দিয়াবলৈ জনতাৰ ওপৰত সেনাৰ অত্যাচাৰ আৰম্ভ হয়। ইয়াৰ পাছতে দুয়োপক্ষৰ হতাহতিত ১২জনৰ মৃত্যু হয়।
ইফালে, ৰাৱালাকোটকে ধৰি সমগ্র পি অ' কেত সাংবাদিকৰ প্ৰৱেশ বন্ধ কৰিছে সেনাই। বি বি চি উর্দুৰ সূত্ৰই এই তথ্য প্রকাশ কৰিছে। উল্লেখযোগ্য যে পাকিস্তানৰ চৰকাৰী কৰ্তৃপক্ষৰ লগত আলোচনাৰ পাছত পি অ' কেৰ জনতাই বুধবাৰৰ লং মার্চ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে। কিন্তু জে এ এ চিৰ নেতৃত্বই প্রকাশ কৰে যে চৰকাৰ বিৰোধী প্রতিবাদ অব্যাহত থাকিব আৰু ২১ জুলাইৰ ভিতৰত তেওঁলোকৰ দাবীসমূহ পূৰণ নহ'লে ২২ জুলাইত 'লং মার্চ' কাৰ্যসূচী গ্ৰহণ কৰিব।