পুৰীত জগন্নাথৰ ৰৰ্থযাত্ৰাত এজনৰ মৃত্যু, ১০০ ভক্ত আহত

dainik janambhumi July 17, 2026

ডিজিটেল ডেস্ক : ওড়িশাৰ পুৰীত বৃহস্পতিবাৰে জগন্নাথৰ ৰথযাত্ৰাৰ সময়ত হোৱা হেঁচা-ঠেলা, দৌৰা-দৌৰিত এজন লোকৰ মৃত্যু হয় আৰু প্রায় ১০০ জন ভক্ত আহত হয়। এই দুর্ঘটনা সংঘটিত হয় বড় দণ্ডত (বৰ আলি), য'ত জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ ৰথ টনা দৰ্শন কৰিবলৈ লাখ লাখ ভক্তৰ সমাৱেশ হৈছিল। বিয়লি ৫ বজাত পাহাড়ী অনুষ্ঠানৰ সময়ত প্রভু জগন্নাথৰ দৰ্শনৰ বাবে হঠাতে মানুহ ৰথৰ ওচৰলৈ যাবলৈ ধৰে। তেতিয়া উপস্থিত থকা স্বেচ্ছাসেৱকে মানুহক পিছলৈ আঁতৰাই পঠাইছিল। তেতিয়াই হেঁচা-ঠেলাৰ সৃষ্টি হয় আৰু মানুহবোৰ ইজনৰ ওপৰত সিজন পৰিবলৈ ধৰে।

বাতৰি মতে আহত হৈ শ্বাস-প্রশ্বাসত কষ্ট পোৱা এজন ভক্তক পুৰী জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল আৰু চিকিৎসকে তাত তেওঁক মৃত বুলি ঘোষণা কৰে। চৰকাৰী বিষয়াৰ মতে, প্রায় ১০০ ভক্তই আঘাত পাইছে আৰু তাৰে ৫০ জনক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভর্তি কৰা হয়। এই হেঁচা-ঠেলাৰ সময়ত পুৰীত প্ৰবল বৰষুণ হৈ আছিল। তথাপি ৰথযাত্ৰাৰ পথত প্রায় ১০ লাখ লোকৰ সমাগম হৈছিল। 

উক্ত ঘটনাৰ পাছত সন্ধিয়া প্রায় ৭-৩০ বজাত জগন্নাথৰ ৰথ আগবাঢ়িবলৈ সক্ষম হয়। কেই মিটাৰ মান যোৱাৰ পাছতে প্ৰথম দিনৰ যাত্ৰা বন্ধ ৰখা হয়। কাইলৈ পুৱা পুনৰ যাত্ৰা আৰম্ভ হ'ব আৰু ৰথ ৩ কিল'মিটাৰ আঁতৰৰ গুণ্ডিচা (ঘুনুচা) মন্দিৰলৈ যাব। উল্লেখযোগ্য যে পুৰীৰ জগন্নাথৰ ৰথযাত্রা উপলক্ষে প্রশাসনে আৰক্ষীৰ প্ৰায় ১৩,০০০ জোৱান মোতায়েন কৰিছে। তদুপৰি কৃত্রিম বুদ্ধিমত্তা পৰিচালিত নিৰীক্ষণ ব্যৱস্থা আৰু যান-বাহন ব্যৱস্থাপনাৰ ব্যাপক ব্যৱস্থা গ্রহণ কৰা হৈছে।

Share This