ডিজিটেল ডেস্ক : কেপ (কেব) ভার্দে, ইজিপ্তৰ বিপক্ষে হোৱা মেচ দুখনৰ পাছত প্ৰায় সকলোৱেই ধাৰণা কৰি লৈছিল আর্জেন্টিনা শেষ, স্তিমিত হৈ পৰিল মেছি মেজিক। আনকি বুধবাৰে যেতিয়া দুর্দান্ত আক্রমণাত্মক খেলেৰে ইংলেণ্ডে ১-০ৰ অগ্রগতি লাভ কৰিছিল তেতিয়াও মানুহে ধাৰণা কৰি লৈছিল ৩৯ বছৰীয়া মেছি এতিয়া ক্লান্ত!
হয়তো ক্রিষ্ট্ৰিয়ানো ৰনাল্ডো বা নেইমাৰৰ দৰে মেছিৰো হ'ব 'লাষ্ট ডেন্স'। কিন্তু বুধবাৰে আমেৰিকাৰ আটলান্টা ষ্টেডিয়ামৰ সেউজ দলিচাত খেল শেষ হ'বলৈ মাত্র ৫ মিনিট সময় বাকী থকা অৱস্থাত মেছিয়ে দেখুৱাই দিলে যে ফুটবল কেৱল শক্তি আৰু বয়স নহয়, ফুটবল হৈছে 'ভিজন' আৰু 'জিনিয়াছ'ৰ খেল আৰু এই দুই ক্ষেত্রত বর্তমান বিশ্ব ফুটবলত লায়নেল মেছি অদ্বিতীয়।
ফুটবল জিনিয়াছ মেছিয়ে শেষ মুহূৰ্তত ইংলেণ্ডৰ হাতৰ পৰা কাঢ়ি আনিলে সেই জয় যি জয় ফুটবলপ্রেমীয়ে মুখে মুখে হৃদয়ত সাঁচি ৰাখিব, বিশ্বৰ কোটি কোটি ফুটবলপ্রেমীৰ বুকুত বাজি থাকিব আটলান্টাৰ সেউজীয়াত মেছিয়ে দেখুওৱা মেজিকৰ বিৰল মুহূৰ্তবোৰ। আচলতে, বুধবাৰৰ ছেমি ফাইনেলখনত মেছিয়ে কেৱল দুভৰিৰ যাদু দেখুৱাওঁতেই ক্ষান্ত থকা নাছিল, বৰঞ্চ ফুটবলৰ যাদুকৰজনে সমগ্ৰ মেচখন এনে ধৰণে নিয়ন্ত্ৰণ কৰিছিল যিদৰে এজন 'মেষ্ট্র' বা 'কনডাক্টৰে' এটা অর্কেস্ট্রা পার্টিত সুৰৰ লহৰ নিয়ন্ত্ৰণ কৰে। বুধবাৰে সেই একেদৰেই 'মেষ্ট্ৰ' মেছিৰ পৰিকল্পনাত ফুটবলৰ চিম্ফনীত অকল আর্জেন্টিনাই নহয় সমগ্র বিশ্ব উটি-ভাহি গ'ল। খেলখনত মেছিৰ প্ৰতিটো স্পর্শত আছিল উদ্দেশ্য, মেছিয়ে সৃষ্টি কৰা প্ৰতিটো পাছে ইংলেণ্ডৰ বাবে কঢ়িয়াইছিল বিপদ আৰু প্ৰতি মুহূর্ততে মেছিয়ে কোটি কোটি ফুটবল অনুৰাগীক উপলব্ধি কৰাইছিল মেছি মেছিয়েই, মেছি শূন্যত উৎপন্ন নহয়।
বুধবাৰৰ ছেমি ফাইনেলৰ পাছত 'ফুটবল এনালিষ্ট 'সকলে তথ্য আগবঢ়াইছে যে সমগ্র খেলখনত আর্জেন্টিনাৰ অধিনায়কজনে ৫.২ মাইল অর্থাৎ প্রায় ৮.৩ কিল'মিটাৰ ফিল্ডত খোজকাঢ়িছে। এনালিষ্টসকলে লগতে এই তথ্যও প্রকাশ কৰিছে যে কেৱল খোজকাঢ়ি ৪৭ৰ পৰা ৬৪ শতাংশ দূৰত্বত কেৱল শেষ আক্ৰমণৰ বাবে শক্তি সঞ্চয় আৰু অতি চমৎকাৰ কৌশল উদ্ভাৱনত পাৰ কৰিছে। কাৰণ কাৰিকৰী কৌশলে এক চমকপ্রদ তথ্য পোহৰলৈ আনিছে যে খোজকাঢ়ি থকা অৱস্থাত মেছিয়ে প্রতি ছেকেণ্ডত ০.৮বাৰ খেলখন 'স্কেন' কৰি বলটো তেওঁৰ ভৰিত পৰাৰ আগতেই সম্পূর্ণ কৰি তুলিছিল ইংলেণ্ডৰ ৰক্ষণ বিভাগত কোন দিশৰ পৰা কিমান বেগেৰে আক্ৰমণ চলাব তাৰ সম্পূৰ্ণ মানসিক ব্লুপ্রিন্ট।
উল্লেখযোগ্য যে প্রতি ছেকেণ্ডত ০.৮বাৰৰ এই পর্যবেক্ষণ এজন বিশ্ব পৰ্যায়ৰ প্ৰফেছনেল ফৰৱাৰ্ডৰ তুলনাত বহুগুণ বেছি বুলি পোহৰলৈ আহিছে। ফিফাৰ ফিজিকেল ট্রেকিং ডাটাই দেখুৱাইছে যে প্রতি ঘণ্টাত ০-ৰ পৰা ৭ কিল'মিটাৰ বেগত খোজকাঢ়ি মেছিয়ে যি দুটা সুযোগ সৃষ্টি কৰিছিল সেই দুটা সুযোগত ফার্নান্ডেজ আৰু মার্টিনেজে সমতা স্থাপন কৰাই নহয় ইংলেণ্ডক বিধ্বস্ত কৰি জয় হাতলৈ কাঢ়ি আনিছিল। সমগ্র পৃথিৱীৰ ক্ৰীড়া প্ৰেমীৰ হেঁচা যেতিয়া আর্জেন্টিনাৰ ওপৰত উলম্ব হৈ পৰে তেতিয়াই মেছিৰ দৰে কিংবদন্তিয়ে মুখেৰে নহয়, ফুটবলেৰে উত্তৰ দিয়ে। ট্ৰফীবোৰ এদিন ধূলিৰে ঢাকি পৰিব, ৰেকৰ্ডবোৰ ধূসৰিত হৈ পৰিব কিন্তু মেছিৰ দৰে যাদু ৰৈ যাব বুকুৱে বুকুৱে, প্রজন্মই প্রজন্মই...।