লখিমপুৰত জাল ন'ট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩জনক গ্ৰেপ্তাৰ

Nikimoni Kachari July 10, 2026

ডিজিটেল ডেস্ক: জাল ন'ট আৰু নকল সোণৰ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান। লখিমপুৰত আৰক্ষীৰ এই অভিযানৰ সময়ত এক চাঞ্চল্যকৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়, য’ত জাল ন'ট চক্ৰৰ সৈতে জড়িত দুই অভিযুক্ত গুৰুতৰভাৱে আহত হৈছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ধৃত অভিযুক্ত অজয় বিশ্বকৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আন অপৰাধীক কৰায়ত্ত কৰিবলৈ এক অভিযান চলাইছিল। এই অভিযানৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে মুকছিদুল আলম আৰু মতিউৰ ৰহমান নামৰ দুই অভিযুক্ত আৰক্ষীৰ এনকাউণ্টাৰত আহত হয়।

বিগত দুদিনত মূল মাষ্টাৰমাইণ্ডসহ মুঠ ১৩জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। বঙালমৰাৰ পৰা পুনৰ তিনি অভিযুক্ত— ইক্ৰামুল, মিজানুৰ আৰু হেজিবুৰক আৰক্ষীয়ে জালত পেলায়।

এই সমগ্ৰ চক্ৰটোৰ মূল নায়ক আইনুল হকক বঙালমৰাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ধৃত আইনুল হক আৰু অজয় বিশ্বকৰ্মাৰ জেৰাৰ অন্তত জাল ন'ট আৰু নকল সোণৰ সাম্ৰাজ্যখনৰ কেইবাটাও গোপন তথ্য ফাদিল হৈছে।

তদন্তত ‘আম্বানি গেং’ নামৰ এটা কুখ্যাত চক্ৰৰ নাম পোহৰলৈ আহিছে। এই গেঙৰ সৈতে ছাত্তাৰ আমিন, ইক্ৰামুল আৰু খাইৰুল নামৰ অপৰাধী কেইজনৰ উপৰি অজয় বিশ্বকৰ্মাৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ তথ্য পোহৰলৈ আহিছে।

আৰক্ষীৰ মতে, এই চক্ৰটোৱে গুৱাহাটী মহানগৰীক কেন্দ্ৰ কৰি জাল ন'ট সৰবৰাহৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছিল। কেৱল অসমে নহয়, এই জাল ন'ট সাম্ৰাজ্য বহিঃৰাজ্যৰ সৈতেও সংলগ্ন হৈ আছে। বৰ্তমান গুৱাহাটীৰ এই নেটৱৰ্কটো সম্পূৰ্ণৰূপে ধংস কৰিবলৈ আৰু চক্ৰটোৰ অন্য মূল মাষ্টাৰমাইণ্ডসকলক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে ক্ষিপ্ৰ তদন্ত অব্যাহত ৰাখিছে।

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This