ডিজিটেল ডেস্ক : অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলী জিলাৰ ব'মজিৰ নামৰ ঠাইত এখন পাহাৰীয়া খৰস্রোতা নদীৰ দীপত (চাপৰিত) বিগত প্রায় ২৪ ঘণ্টা ধৰি আবদ্ধ হৈ থকা শদিয়াৰ ১৪ জন যুবকক দেওবাৰে পুৱা প্রায় ১০ বজাত ডিব্রুগড়স্থিত ভাৰতীয় বায়ু সেনাবাহিনীৰ এটা উদ্ধাৰকাৰী দলে হেলিকপ্টাৰেৰে উদ্ধাৰ কৰে। উল্লেখযোগ্য যে অৰুণাচলৰ ৰয়িংস্থিত ইউনিটেক পাৱাৰ ট্রান্সমিশ্যন প্রাইভেট লিমিটেড নামৰ এটা প্রতিষ্ঠানৰ অধীনত বৈদ্যুতিক টাৱাৰ স্থাপন কৰা কামত কর্মৰত জড়িত আছিল আটাইকেইজন যুৱক। প্রায় ২০-২৫ বছৰীয়া শদিয়াৰ যুৱককেইজন হৈছে ক্রমে বিকাশ সোণোৱাল, লক্ষীনাথ সোণোৱাল, জিতেন সোণোৱাল, শ্যামল সোণোৱাল, ভাইজান বুঢ়াগোহাঁই, অজয় সোণোৱাল, অনন্ত সোণোৱাল, সুৰজ মেছ, দুদুল সোণোৱাল, দিগন্ত সোণোৱাল, সত্য ডেকা, পংকী শইকীয়া, মনোৰঞ্জন সোণোৱাল আৰু বিশাল চেত্রী। এই যুবককেইজনে উক্ত প্রতিষ্ঠানটোত প্রায় ৩ মাহ ধৰি কর্মৰত আছিল।
যুৱকৰ দলটোৱে উক্ত চাপৰিটোত বসতি লৈ টাৱাৰ স্থাপনৰ কামত ব্যস্ত হৈ থকাৰ মাজতে বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া নদীসমূহৰ জলপৃষ্ঠ বৃদ্ধি পায় আৰু ক্রমে যুৱককেইজনে বসতি কৰি থকা দীপটো (চাপৰি) শনিবাৰৰ পুৱাৰ পৰা পানীত বুৰ যাবলৈ ধৰে। শনিবাৰে পুৱাই যুৱকৰ দলটোৱে সংশ্লিষ্ট প্রতিষ্ঠানটোৰ অৰুণাচলৰ ৰয়িংস্থিত কাৰ্যালয়ত এই ঘটনা সন্দৰ্ভত অৱগত কৰে যদিও শনিবাৰৰ সন্ধিয়া পর্যন্ত উদ্ধাৰৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱাত প্ৰতিষ্ঠানৰ কর্তৃপক্ষ বা অৰুণাচলৰ সংশ্লিষ্ট জিলাখনৰ প্রশাসন ব্যর্থ হয়। ইফালে নদীৰ কোবাল সোঁত আৰু বাঢ়নী পানীৰ বাবে এছ ডি আৰ এফ, এন ডি আৰ এফ বাহিনীয়ে নাৱেৰে উদ্ধাৰ কাৰ্য চলোৱাৰ ক্ষেত্ৰতো বিফল হয়। পাছত এই সমগ্র ঘটনা সন্দৰ্ভত শনিবাৰে নিশা যুৱকৰ দলটোৱে সহায় বিচাৰি এক ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে।
এই খবৰ বিয়পি পৰাৰ লগে লগে তিনিচুকীয়া জিলা তথা শদিয়া সমজিলা প্রশাসন, শদিয়া ৰাজহ আৰু দুর্যোগ প্রশমন বিভাগ, শদিয়া আৰক্ষীয়ে উদ্যোগ লৈ ডিব্ৰুগড়স্থিত বায়ু সেনা বাহিনীৰ লগত যোগাযোগ কৰে। সেই অনুসৰি দেওবাৰে পুৱা প্রায় ১০ বজাত ডিব্ৰুগড়স্থিত ভাৰতীয় বায়ু সেনা বাহিনীৰ এটা উদ্ধাৰকাৰী দলে হেলিকপ্টাৰেৰে ১৪ জন যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পাছত শদিয়া সমজিলাৰ সদৰ চপাখোৱাস্থিত শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত হেলিকপ্টাৰখন অৱতৰণ কৰে আৰু শদিয়া সমজিলা প্ৰশাসনৰ হাতত উদ্ধাৰকৃত আটাইকেইজন যুৱকক গতাই দিয়ে বায়ু সেনা বাহিনীৰ দলে। পাছত আটাইকেইজন যুৱকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত পৰিয়ালৰ হাতত চমজাই দিয়ে শদিয়া সমজিলা প্রশাসনে। যুৱককেইজনে তিনিচুকীয়া জিলা তথা স্থানীয় প্রশাসন, উদ্ধাৰকাৰী দল, সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰে।