আন্দোলনত নামিল ১৪১ কনিষ্ঠ চিকিৎসক

dainik janambhumi March 13, 2026

ডিজিটেল ডেস্ক: দিনে-নিশাই ৰোগীৰ স্বাস্থ্য সুৰক্ষাৰ বাবে নিয়োজিত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ১৪১গৰাকী শিক্ষানবিচ চিকিৎসকে মাহিলি দৰমহা লাভ নকৰাৰ প্ৰতিবাদত বিগত তিনিটা দিনে চিকিৎসা মহাবিদ্যালয়খনত প্রতিবাদ অব্যাহত ৰখাৰ পাছতো নির্বাচনী ধামখুমীয়াত ব্যস্ত হৈ থকা স্বাস্থ্য বিভাগে আজিলৈকে কোনো কাণসাৰ নিদিয়াত ক্ষুব্ধ হৈ পৰিছে চিকিৎসকসকল। 

উল্লেখ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ফাকুৱা আৰু দৌল উৎসৱৰ পূৰ্বে ৰাজ্যৰ কৰ্মচাৰীসকলৰ ফেব্ৰুৱাৰী মাহৰ দৰমহা ২৭ ফেব্ৰুৱাৰীৰ পূৰ্বে আদায় দিবৰ বাবে নির্দেশ দিছিল যদিও একাংশ বৰমূৰীয়া কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰীৰ ঘোষণাকো গুৰুত্ব নিদিয়াত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষানবিচ কর্তব্যত নিয়োজিত কনিষ্ঠ চিকিৎসকসকলে আজিও ফেব্ৰুৱাৰী মাহৰ দৰমহা ষ্টাইপেনৰ পৰা বঞ্চিত হোৱাত চিকিৎসা মহাবিদ্যালয়খনত ধাৰাবাহিক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। 

প্ৰতিবাদী চিকিৎসকসকলে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক আৰু অধ্যক্ষই নিৰ্ধাৰিত সময়ত প্রতিবাদী চিকিৎসকসকলৰ ফেব্ৰুৱাৰী মাহৰ দৰমহা/ষ্টাইপেন মুকলি কৰাৰ ব্যৱস্থা কৰিছিল যদিও একাংশ কৰ্মচাৰীৰ গাফিলতিৰ বাবে আজিও বঞ্চিত হৈ থকাত ধর্ণা-শ্ল'গানেৰে প্ৰতিবাদমুখৰ হৈ পৰিছে ১৪১গৰাকী কনিষ্ঠ চিকিৎসক। এই সন্দৰ্ভত কালি প্রতিবাদী চিকিৎসকসকলে সাংবাদিকৰ আগত অভিযোগ কৰি কয় যে ৰাজ্যখনৰ আন চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে দৰমহা লাভ কৰিবলৈ সক্ষম হৈছে যদিও একেধৰণেৰে চিকিৎসা মহাবিদ্যালয়খনত দিনে-নিশাই কৰ্তব্য সম্পাদন কৰাৰ পাছতো দৰমহা লাভ নকৰাটো আশ্চর্যজনক বিষয় হৈ পৰিছে। আনকি এগৰাকী চিকিৎসকে দোকানৰ পৰা কিবা এটা কিনি আনিবলৈকো ধনৰ অভাৱ হোৱাৰ কথা অৱগত কৰা বিষয়টোৱে যথেষ্ট প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

খোদ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীৰ সমষ্টিৰ চিকিৎসা মহাবিদ্যালয়খনত নিয়োজিত হৈ থকা কনিষ্ঠ চিকিৎসকসকলে দৰমহাৰ অভাৱত প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰিব লগা হোৱাটো দুর্ভাগ্যজনক বুলি সচেতন মহলে এতিয়া মন্তব্য কৰিছে।

Share This