চাইবাৰ অপৰাধ ৰোধত 'সঞ্চাৰ সাথী এপ'ৰ সফলতা, দেশৰ ১.৫২ কোটি সন্দেহজনক ম'বাইল সংযোগ বাতিল

dainik janambhumi February 01, 2026

ডিজিটেল ডেস্ক: দেশত চলি থকা চাইবাৰ প্ৰৱঞ্চনা ঘটনাবোৰক ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ 'সঞ্চাৰ সাথী' পদক্ষেপে বিশেষ সফলতা লাভ কৰিছে। এই সঞ্চাৰ সাথী পদক্ষেপৰ অধীনত চৰকাৰে অকর্তৃত্বশীল বা সন্দেহজনক কৰ্মৰাজিৰ সৈতে জড়িত থকাৰ সংক্ৰান্তত দেশৰ ১.৫২ কোটি ম'বাইল সংযোগ বন্ধ কৰিছে। 

আনহাতে, পৰৱৰ্তী কাৰ্যপন্থা হিচাপে সত্যাসত্য নিৰূপণ কৰাৰ পাছত আৰু ২ কোটি ম'বাইলৰ সংযোগ বাতিল কৰিব চৰকাৰে। সঞ্চাৰ সাথী এপৰ জৰিয়তে চৰকাৰে এই অভিযান ডিজিটেল কমিউনিকেশ্যন প্লেটফৰ্মলৈও সম্প্ৰসাৰণ কৰিছে। প্ৰৱঞ্চনাৰ সৈতে জড়িত ছিম কাৰ্ডৰ ২৭ লাখটা হোৱাটছ এপ একাউন্ট বন্ধ কৰিছে চৰকাৰে। 

কেন্দ্ৰীয় যোগাযোগ আৰু ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে চাইবাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে সঞ্চাৰ সাথীয়ে শক্তিশালী অভিযান চলাই আছে ।

Share This