ডিজিটেল ডেস্ক : বংগত মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ (টি এম চি) বিপৰ্যয়ৰ পাছত মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰেৰ শিৱসেনা দলতো বিভাজনৰ সম্ভাৱনা প্রকট হৈ উঠিছে। ইয়াৰ মাজতে উত্তৰ প্ৰদেশত অখিলেশ যাদৱ নেতৃত্বাধীন সমাজবাদী পার্টিতো বিদ্ৰোহৰ উকমুকনি উঠিছে। উত্তৰ প্ৰদেশৰ মন্ত্ৰী তথা এন ডি এৰ সহযোগী দল সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টিৰ (এছ বি এছ পি) মুৰব্বী ওম প্রকাশ ৰাজভৰে বুধবাৰে দাবী কৰে যে অখিলেশ যাদৱৰ সমাজবাদী পার্টিত গুৰুতৰ বিভাজন হোৱাৰ দিশত অগ্ৰসৰ হৈছে। সমাজবাদী পাৰ্টিৰ কেইবাজনো শীর্ষ নেতাই ভাৰতীয় জনতা পার্টিত (বিজেপি) যোগদানৰ বাবে যো-জা চলাই আছে।
'এক্স'যোগে দিয়া এটা প'ষ্টৰ জৰিয়তে ৰাজভৰে এই দাবী কৰে আৰু পাছত সংবাদ মাধ্যম এ এন আইক কয় যে উত্তৰ প্ৰদেশৰ ৰাজনীতিত শীঘ্ৰেই বিশাল সাল-সলনি হ'ব আৰু দেশত বিৰোধীৰ প্ৰভাৱ অধিক হ্রাস হ'ব। উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীজনে দাবী কৰে যে সমাজবাদী পার্টিৰ জ্যেষ্ঠ নেতা ৰাম গোপাল যাদৱে এই বিষয়ত ইতিমধ্যে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰিছে আৰু সমাজবাদী পার্টিৰ অধিকাংশ নেতাই বিজেপিত যোগ দিয়াৰ পৰিকল্পনাৰ কথা প্রকাশ কৰে। অমিত শ্বাহক এই বিষয়ত ৰাম গোপাল যাদৱে এখন পত্রও দাখিল কৰে। উত্তৰ প্ৰদেশৰ মন্ত্ৰীজনে কয় যে বর্তমান টি এম চি আৰু উদ্ধৱপন্থী শিৱসেনাক দুৰ্বল কৰাৰ আঁৰত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ জড়িত থকাৰ কথাটো সকলোৰে জ্ঞাত হৈছে। আনহাতে, উত্তৰ প্ৰদেশৰ জনতাই ভালদৰেই জানে যে ৰাজ্যখনত খনন আৰু গোমতি নদীৰ কেলেংকাৰিৰ সৈতে কোন জড়িত। আওপকীয়াকৈ ৰাম গোপাল যাদৱৰ নাম লৈ মন্ত্রী ওম প্রকাশ ৰাজভৰে কয় যে কেলেংকাৰিৰ পৰা বাচিবলৈ সমাজবাদী পাৰ্টিৰ নেতাজনে বিজেপিত যোগ দিয়াৰ পৰিকল্পনা কৰিছে। এখোপ ওপৰলৈ গৈ ৰাজভৰে কয় যে মহাৰাষ্ট্ৰ আৰু বংগৰ কথা পাহৰি যাওক, উত্তৰ প্ৰদেশৰ সমগ্র সমাজবাদী পার্টিয়ে বিজেপিত যোগদানৰ পৰিকল্পনা কৰি আছে।
আনহাতে, ৰাজ্যখনৰ মন্ত্ৰীজনৰ মন্তব্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰি সমাজবাদী পার্টিৰ মুৰব্বী অখিলেশ যাদৱে কয় যে বিজেপিৰ হৈ মন্ত্রীজনে মন্তব্য কৰিছে। বিজেপিয়ে বিভিন্ন বিৰোধী দলত বিভাজন অনাৰ ষড়যন্ত্রত লিপ্ত হৈছে। সমাগত বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ মন্ত্রী, সাংসদৰ মাজত বিভাজন অনাৰ কুটিল ৰাজনীতিত লিপ্ত হৈছে বিজেপি। সমাজবাদী পার্টিৰ অভ্যন্তৰীণ বিষয়ত মন্তব্য দিয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মন্ত্ৰী ৰাজভৰে নিজৰ দলৰ সক্ষমতা আৰু শক্তিৰ বিষয়ত মনোযোগ দিয়া উচিত বুলি অখিলেশ যাদৱে মন্তব্য কৰে।