ডিজিটেল ডেস্ক : থলুৱাভাৱে নিৰ্মিত প্ৰতিৰক্ষা সামগ্ৰীৰ সক্ষমতা বৃদ্ধিত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰি ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতৰ বাৰ্ষিক প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন ব্যয় ১.৭৮ লাখ কোটি টকালৈ বৃদ্ধি হৈছে। এই বৃদ্ধিৰ লগে লগে দেশৰ প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন ব্যয় সর্বকালৰ সর্বাধিক হোৱাৰ অভিলেখ গঢ়িছে। কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 'এক্স'যোগে এই তথ্য প্রকাশ কৰে।
উল্লেখযোগ্য যে চলিত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ভাৰতে প্ৰতিৰক্ষা বাজেট ৭.৮৫ লাখ কোটি টকালৈ বৃদ্ধিকৰাৰ সময়তে প্ৰতিৰক্ষা মন্ত্ৰীজনে এই তথ্য প্রকাশ কৰে। পূৰ্বৰ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা বাজেট আছিল ৬.৮১ লাখ কোটি টকা আৰু যোৱা বৰ্ষৰ তুলনাত ১৫.৩ শতাংশ বৃদ্ধি হৈছে। কেন্দ্রীয় মন্ত্রী সিঙে প্রকাশ কৰা মতে, প্ৰতিৰক্ষা সামগ্ৰীৰ মুঠ উৎপাদন মূল্যৰ প্রায় ৭৬% ৰাজহুৱা খণ্ডৰ প্ৰতিৰক্ষা আৰু ৰাজহুৱা খণ্ডৰ অধীনস্থ কোম্পানীবোৰৰ অৰিহণা আছে। ৰাজনাথ সিঙে মন্তব্য কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত 'আত্মনিৰ্ভৰশীল ভাৰত' অভিযানৰ অধীনত ভাৰতৰ প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন বৃদ্ধি পাইছে।
আনহাতে, প্রধানমন্ত্রী মোদীয়ে কেন্দ্রীয় মন্ত্ৰী ৰাজনাথ সিঙৰ তথ্যৰ বিষয়ত প্রতিক্রিয়া প্রকাশ কৰি কয় যে ভাৰতে নিৰৱচ্ছিন্নভাৱে থলুৱা সামগ্ৰী নিৰ্মাণত গুৰুত্ব দি অহাৰ বাবেই এই কৃতিত্ব লাভ কৰিছে। আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ২০২৪-২৫ বিত্তীয় বৰ্ষত দেশৰ প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন ব্যয় আছিল ১.৫৪ লাখ কোটি টকা। সেই বৰ্ষৰ তুলনাত ২০২৫-২৬ বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন ব্যয় ১৫.৬% বৃদ্ধি হৈছে। মন্ত্রী সিঙে কয় যে ২০২০-২১ বৰ্ষৰ তুলনাত দেশৰ প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন ব্যয় ১১০% বৃদ্ধি পাইছে।