বেদখল, বিনা অনুমতিত নিৰ্মাণ কৰা ধৰ্মীয় গাঁথনিৰ বিৰুদ্ধে প্ৰতিবাদ, অৰুণাচলৰ ১৫টা মছজিদত তলা 

dainik janambhumi June 06, 2026

ডিজিটেল ডেস্ক : অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত বিনা অনুমতিত নিৰ্মাণ কৰা ১৫টা মছজিদত চৰকাৰে তলা ওলোমাই দিয়ে। চৰকাৰৰ মতে, সম্পূৰ্ণৰূপে আইনৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ নিয়মসমূহ পালন কৰাটো সুনিশ্চিত কৰা। 

উল্লেখযোগ্য যে অৰুণাচল প্রদেশ 'ইণ্ডিজিনিয়াছ য়ুথ অর্গেনাইজেশ্যনে' (এ পি আই ৱাই অ') বেদখল আৰু বিনা অনুমতিত নিৰ্মাণ কৰা ধৰ্মীয় গাঁথনিৰ বিৰুদ্ধে প্রতিবাদ কৰে। ইয়াৰ পাছতে এই ব্যৱস্থা গ্রহণ কৰা হয়। সংগঠনটোৰ মতে, এনেধৰণৰ নিৰ্মাণে স্থানীয় লোকৰ স্বাৰ্থ আৰু ৰাজ্যৰ জনগাঁথনি প্ৰভাৱিত কৰিব পাৰে। এই দাবীক
লৈ সংগঠনটোৱে ২৪ ঘণ্টীয়া বন্ধৰো আহবান জনায়। ৰাজ্যখনৰ শিক্ষামন্ত্রী পি ডি সোনাই কয় যে এই অবৈধ নিৰ্মাণৰ বিষয়ে মুখ্যমন্ত্রী পেমা খাণ্ডুৱে এ পি আই ৱাই
অ'ৰ প্ৰতিনিধিৰ সৈতে হোৱা আলোচনাৰ সময়ত তথ্য লাভকৰিছিল। ইয়াৰ পাছত প্রশাসনে এনে ধৰণৰ সকলো নিৰ্মাণ চিনাক্ত কৰা আৰু তদন্ত কৰাৰ নিৰ্দেশ দিয়ে যিবিলাকৰ বাবে আগতীয়া অনুমতি লোৱা হোৱা নাই। 

তদন্তৰ সময়ত ১৫টা মছজিদৰ গাঁথনিৰ নির্মাণ অবৈধ বুলি চিনাক্ত কৰা হয়। ইয়াৰ পাছত সংশ্লিষ্ট পক্ষলৈ জাননী জাৰি কৰি এই সম্পৰ্কত ওজৰ-আপত্তি দাখিলৰ সুযোগ দিয়া হৈছিল। এই সকলো প্রক্রিয়া সম্পূৰ্ণ কৰাৰ পাছত ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু প্ৰথমে ১২টা আৰু পাছত তিনিটা 'ছীল' কৰি দিয়া হয়। 

ইফালে ইটানগৰত অবৈধভাৱে মছজিদ নির্মাণ আৰু অনুপ্ৰৱেশকাৰীৰ উপস্থিতিৰ বিৰুদ্ধে এ পি আই ৱাই অ'ই কালি আহ্বান জনোৱা ২৪ ঘণ্টীয়া বন্ধ শান্তিপূর্ণ আছিল। ৰাজধানীত কালি স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈ পৰে। বন্ধ সামগ্রিকভাৱে শান্তিপূর্ণ আছিল। ইফালে মন্ত্রী সোনাই কয় যে যিহেতু সংগঠনটোৰ অধিকাংশ দাবী পূৰণ কৰা হৈছে, গতিকে এই বন্ধৰ কোনো ঔচিত্য নাই।

Share This