ডিজিটেল ডেস্ক : ৰাজ্য চৰকাৰে স্বাস্থ্য, শিক্ষা, যোগাযোগ আদি খণ্ডত বুজন পৰিমাণৰ ধন ধাৰ্য কৰি বৃহৎ বৃহৎ নিৰ্মাণকাৰ্যৰে চমক সৃষ্টি কৰিব পৰা আন্তঃগাঁথনিক প্রাধান্য দিয়াৰ সময়তে চৌদিশে অবাধ গতিত ছানি ধৰা ড্ৰাগছৰ বেহা, অবৈধ সুৰা, অসুৰক্ষিত যৌন সম্পর্ক আদি অপৰাধজনিত ঘটনাত নৱপ্ৰজন্মৰ ধ্বংসৰ ভয়ানক ছবিখনে অসমত মানৱ সম্পদৰ কেনেদৰে স্খলন ঘটিছে, তাকেই উদঙাই দিছে। এই সন্দৰ্ভত প্রাপ্ত তথ্য অনুসৰি, চৰকাৰৰ বিভিন্ন বিভাগ, ৰাজ্যিক এইডছত নিয়ন্ত্রণ সমিতি, সামাজিক স্বেচ্ছাসেৱী সংগঠন, বিভিন্ন যুৱ-ছাত্ৰ সংগঠনৰ লগতে ছল চাই কঠীয়া সিঁচিব জনা একাংশ তথাকথিত জাতীয় সংগঠনৰ নির্লিপ্ততাৰ বাবেই সম্প্ৰতি যোৰহাট জিলাতেই ১৫০০ ৰো অধিক লোক এইদ্ভুত আক্রান্ত হোৱাৰ উদ্বেগজনক বিষয়টোৱে ৰাজ্যখনৰ উন্নয়নৰ আন এক নগ্ন স্বৰূপ উদঙাই দিয়াৰো ৰাজহুৱা অভিযোগ উঠিছে।
বিশেষকৈ বৰবিহ সদৃশ ড্ৰাগছৰ অবাধ প্ৰচলন, অবৈধ সুৰাৰ ঘাটি আৰু অবৈধ তথা অসুৰক্ষিত যৌনাচাৰত এনে নিচাসক্ত একাংশ যুৱক-যুৱতী, কিশোৰ-কিশোৰী সহজতে লিপ্ত হ'বলৈ সুবিধা পোৱাৰ ফলতো জিলাখনত ভয়ানক গতিত এইত আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। সম্প্রতি জিলাখনৰ মৰিয়নি, তিতাবৰ, টীয়ক, নকছাৰি, বৰহোলা আদি নগৰ-চহৰৰ সমান্তৰালভাৱে যোৰহাট নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলতো এইত আক্ৰান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে। এই সন্দৰ্ভত আৰক্ষীৰ এক সূত্রই জানিবলৈ দিয়া মতে, শেহতীয়াকৈ যোৰহাটৰ ৰাষ্ট্ৰীয় উপ-পথৰ কাষৰ 'হোটেল অৰবিট'ৰ পৰা নিচাসক্ত আৰু অবৈধ যৌন সম্পর্কত জড়িত হ'বলৈ সুবিধা দিয়া চক্ৰটো ধৰা পৰাৰ পাছত যোৰহাটৰো আন একাংশ হোটেলত এনে অসামাজিক কার্য চলি থকাৰো গুৰুতৰ অভিযোগ উঠিছে।
ইফালে এইত আক্ৰান্তৰ সংখ্যা ভয়ানক গতিত বৃদ্ধি পোৱাৰ প্ৰসংগত কেইবাজনো সামাজিকভাৱে সচেতন চিকিৎসকে অভিযোগ কৰে যে জিলাখনৰ সৰু সৰু চহৰ আৰু গ্রামাঞ্চলৰ লগতে যোৰহাট নগৰৰ বিভিন্ন স্থানত বিশেষকৈ ৰাজপথৰ কাষত অবাধ গতিত বৃদ্ধি পোৱা অস্থায়ী খাদ্যৰ দোকান, অস্থায়ী পাণ-তামোল তথা চাহৰ দোকানৰ গইনাৰে এনে একাংশ দোকান ড্ৰাগৰ সৰবৰাহৰ কেন্দ্ৰ হৈ পৰা বুলি আৰক্ষীয়ে জনাৰ পাছতো কঠোৰ পদক্ষেপ গ্ৰহণ নকৰাটো চিন্তনীয় বিষয় হৈ পৰিছে। এই ক্ষেত্ৰত অৱশ্যে যোৰহাট পৌৰসভা, জিলা স্বাস্থ্য বিভাগ আৰু জিলা এইডছত নিয়ন্ত্রণ সমিতিৰো যথেষ্ট কৰণীয় আছে বুলিও উক্ত চিকিৎসককেইজনে মন্তব্য কৰে।
উল্লেখযোগ্য যে কেইবাজনো ড্রাগ আসক্তই একেটা চিৰিঞ্জেৰে নিচা গ্ৰহণ কৰা, গার্লফ্রেণ্ড, বয়ফ্ৰেণ্ডৰ গইনাৰে এনে একাংশই যৌনাচাৰত লিপ্ত হোৱা, জিলাখনৰ বাহিৰৰ পৰা যোৰহাটত শিক্ষাগ্রহণ কৰিবলৈ আহি সংগ দোষত পথভ্রষ্ট হোৱা কম বয়সৰ ছাত্ৰ-ছাত্ৰীও এনে চক্ৰৰ বেহুত পৰি দিশহাৰা হোৱাৰ ঘটনাও সম্প্রতি অঞ্চল বিশেষে স্থানীয় বাসিন্দাৰ দৃষ্টিগোচৰ হৈছে। কেৱল ইমানেই নহয়, যোৰহাটত শিশু অপৰাধী সংশোধনৰ বাবে থকা শিশু পর্যবেক্ষণ গৃহৰ কিশোৰো এইডছত আক্রান্ত হোৱা ঘটনাটোৱে চৌদিশে আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব দি থকা ৰাজ্য চৰকাৰখনৰ উন্নয়নী যাত্ৰাৰ সময়তে ভৱিষ্যতৰ মানৱ সম্পদৰ কেনেদৰে স্খলন ঘটিছে, সেই ছবিও উদঙাই দিছে।