'ককৰ'চ'ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র' ষ্টেছন

dainik janambhumi July 23, 2026

ডিজিটেল ডেস্ক : ৰাজধানী দিল্লীত ককৰ'চ জনতা পাৰ্টিৰ (চি জে পি) ধর্ণা কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে। কালি প্রশাসনে সতর্কতামূলৰ ব্যৱস্থা হিচাপে দিল্লীৰ ১৬টা মেট্ৰ ৰে'ল ষ্টেছন বন্ধ কৰি ৰখাৰ সিদ্ধান্ত লয়। দিল্লী মেট্ৰ' ৰে'ল কৰ্প'ৰেশ্যনৰ মতে কালি নিৰাপত্তাজনিত কাৰণত জনপথ, ৰাজীৱ চ'ক, পেটেল চ'ক আৰু চেন্ট্রেল ছেক্রেটেৰিয়েট মেট্র' ষ্টেছনসহ ১৬টা মেট্র ষ্টেছনত প্ৰৱেশ আৰু প্ৰস্থান বন্ধ কৰি দিয়া হৈছে। ইয়াৰ ফলত হাজাৰ হাজাৰ যাত্ৰী কালি যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। অৱশ্যে পিছবেলালৈ এই ষ্টেছনসমূহ পুনৰ খোলা হয়। চি জে পিৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হয়। 

উল্লেখযোগ্য যে যোৱা ২০ জুলাইত চি জে পিৰ নেতৃত্বত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে সংসদলৈ পদযাত্রা কৰাৰ সময়ত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল। আৰক্ষীয়ে চলোৱা নিৰ্মম অত্যাচাৰত ভালেমান প্রতিবাদকাৰী ছাত্র-ছাত্রী আহত হয়। 

সেই দিনাও কেইঘণ্টামানৰ বাবে ৰাজীৱ চ'কসহ পাঁচটা মেট্র' ষ্টেছন বন্ধ কৰি দিয়া হৈছিল। উল্লেখযোগ্য যে নীটৰ প্ৰশ্ন কাকত ফাদিলক লৈ কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্ৰধানৰ পদত্যাগ আৰু আন তিনিটা দাবীৰ সমৰ্থনত চি জে পিয়ে দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা দি আছে।

Share This